সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ শাখা। ১৪৯ মাধৱ কন্দলি শঙ্কৰদেৱৰ দুপুৰুষ আগৰ কৰি। তেওঁৰ ৰচিত ৰামায়ণ ছপা হৈ এতিয়াও অসমীয়াৰ ঘৰে ঘৰে জিলিকি আছে। কিন্তু শঙ্কৰদেৱৰ সময়ত তেওঁৰ ৰচিত ৰামায়ণে ভক্তিৰসাপ্লত জনসমাজক তৃপ্তি দিব নোৱাৰি তল পৰি যাবলৈ ধৰিছিল যেন লাগে। কিয়নো অনন্তকন্দলিয়ে নব প্ৰচাৰিত ভক্তি ধৰ্ম্মক মুল কৰি ৰামায়ণৰ আকৌ এখন নতুন ভাঙনি উলিয়ায়। কিন্তু শঙ্কৰদেৱ আৰু মাধৱদেৱে উত্তৰা আৰু আদি কাণ্ড যোগ দি পুৰণি কবিৰ মূল ৰামায়ণক অক্ষত ৰাখি সময়োপযোগ কৰি ৰাখিলে। এই বিষয়ে গুৰু চৰিতত গল্প এটি আছে? “আৰু মাধবকলিৰ কবিতা ৰামায়ণ ঢাকিটুকি গুচাবৰ মন দিলে অনন্তকললিয়ে। (তনে গুৰুজনত বিপ্নে স্বপ্নত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাচে গুৰুজনে বোলে, বৰাৰ পো, তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাব যে খোজে আমি ধৰে গোৰত তুমি হোৱা আগে। তেহে আদ্য উত্তৰা কৰিছে কপোৰৰ গাৰি দৰে আগ গোৰ সমে বল, উপদেশ আচুফুল হ’ল। আগে উপদেশ নাই শুভ’ ‘শুভ’ হে আছিল আধ্যাত। মাধব কলিৰ ছপা ৰামায়ণত এতিয়াও শঙ্কৰদেৱ আৰু মাধৱদেৱৰ উত্তৰ আৰু আদি কাণ্ড সন্নিবেশিত হৈ আছে। মাধব কন্দলিয়ে এই দুই কাণ্ড নিজেও ৰচনা কৰিছিলনে নাই তাৰ প্ৰমাণ নাই কিন্তু পুৰণি ভক্তসকলে যে এই দুই কাণ্ডৰ সন্নিবেশ ভক্তি আচুফুল বুলি ধৰি লৈছিল সেই বিষয়ত সন্দেহ নাই। ভাটি অঞ্চলৰ পৰা নাৰায়ণ দাসে ( শেহত ঠাকুৰ আতা নামে খ্যাত) যেতিয়া পাটবাউসীলৈ শঙ্কৰদেৱৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ