সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৮ কাব্য ছপা হৈ ওলাইছে, কিন্তু গুৰুচৰিতত উল্লিখিত তেওঁৰ দশমৰ পদ এতিয়াও আবিস্কৃত হোৱা নাই। ইমানবোৰ গীত, পদ আদিৰ ভিতৰতে শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবোৰে তেতিয়াৰ সাহিত্য আৰু সমাজত এক যুগান্তৰ উপস্থিত কৰিছিল। ৰৰগীতবোৰৰ ভাব, ভাষা আৰু সুৰ একেবাৰে নতূন ধৰণৰ। আন গীত দবোৰ ৰামায়ণ আৰু পুৰাণ আদিক আশ্ৰয় কৰি বচিত হলেও লৌকিক ভাবত বাজে ধৰ্ম আৰু ভক্তিৰ উচ্ছ্বাস সেইবোৰত সমূলি নাই। ঠায়ে ঠায়ে ৰসাল আৰু কবিত্বপূৰ্ণ হলেও সেইবোৰ মুখ্যভাবে লোকৰঞ্জনৰ নিমিত্তে ৰচিত হৈছিল। তাৰ ভিতৰৰ ভালেমান কবিতা প্ৰেমৰসাত্মক, কিন্তু সেই প্ৰেম সাধাৰণ নায়ক-নায়িকাৰ কামভাব পুৰ্ণ-প্ৰেম হে। শঙ্কৰদেৱ আৰু মাধৱদেৱে গীত আৰু কবিতা নব প্ৰচাৰিত ভৰিসেৰে অভিষিক্ত কৰি অসমীয়া সাহিত্যক আধ্যাত্মিকতাৰ ও ভেটিত থাপনা কৰি ঈশ্বৰাভিমুখী কৰি তুলিলে; আৰু লগে লগে মানুহৰ মনকে ওপৰৰ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰিলে। সময়ে সময়ে লব্ধপ্ৰতিষ্ঠ পুৰণি কবি- সকলৰ পদত নবপ্ৰচাৰিত ভক্তিৰসৰ সংযোগ কৰি সেইবোবক সময়োপযোগী কৰি ৰক্ষা কৰিছে আৰু আন সময়ত ৰা সাধাৰণ মানুহৰ মন যোগাবলৈ গত কবিতা ৰচোতা অৰ্বাচীন কবি সকলকতাচ্ছীল্যেৰে উপলুঙা কৰি তলত পেলাইছে। ধৰ্ম আৰু সমাজ গঠনৰ দৰে সাহিত্যক্ষেত্ৰতো এই মহাপুৰুষ দুজনে পূৰ্ব গৌৰৱ অক্ষুন্ন ৰাখি বৰ্তমানৰ ভেটি শকত কৰি ভৱিষ্যতৰ দুৱাৰ- দলিত থিয় হৈছিল।