অষ্টম অধ্যা। 6 অনাদি পাতন।-এই পুথি শ্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধৰপৰা শঙ্কৰদেৱ সঙ্কলন কৰিছে শ্ৰযুব শিৱনাথ ভট্টাচাৰ্যৰ দ্বাৰাই প্ৰকাশিত অনাদি পাতন”ত লেখা আছে যে চতুৰ্থ স্কন্ধৰপৰা শঙ্কৰদেৱে এই ছোৱা কৰিছে। ছপা হোৱা পুথিখনৰ গুৰিতে স্কৰদেৱেৰ পদতো আছে-“শুনা সাৱধান মনে যত সভাসদ। চতুৰ্থ স্কন্ধব মহাভাগৱতপদ। যেন মতে ভৈল ইটো অনাদি পাতন। শুনিয়োক আছে যাৰ মুকুতিত মন শুকত পুছন্ত পৰীক্ষিত নৃপবৰ। শুনিলে। তৃতীয় স্কন্ধ তোমাৰ মুখৰ।” আমাৰ মনেতে ওপৰৰ পদত “চতুৰ্থ স্কন্ধৰ ঠাইত তৃতীয় স্কন্ধ আৰু “তৃতীয় স্কন্ধৰ ঠহত বিতীয় স্কন্ধ হব। হাতে লেখা পুথি নকল কৰোঁতে লেখকে এই ল কৰিছিল, আৰু সেই দৰেই ছপা হৈছে বোধ হয়। মূল ভাগৱতত তৃতীয় স্কন্ধত হে বিৰাট মূৰ্তিষ্টি মন্বন্তৰাদি কাল পৰিমাণ “ব্ৰহ্ম সৃষ্টি বৰ্ণন’ “সৃষ্টি প্ৰকৰণ ইত্যাদি বিষয় আছে। সি যিহওক, শঙ্কৰদেৱে ভাগৱতৰ কথাৰে সৈতে বামন-পুৰাণৰ কথা মিহলাই অনাদি পাতন ৰচনা কৰিছে বুলি কৈছে-মহা ভাগৱত গদ অমৃত সাক্ষাত। বামন-পুৰাণ কিছু মিত্ৰ দিলো তাত। শঙ্কৰদেৱে ভাগৱতৰ সৃষ্টি প্ৰকৰাণাদি কথা বোৰৰপৰা বাছি বাছি সাৰ সংগ্ৰহ কৰি সংক্ষেপে এই পুথিখন এনেকৈ ৰচনা কৰিছে, যে ইয়াক অনুবাদ নুবুলি সুকীয়া
পৃষ্ঠা:Sankardev.djvu/১৩০
অৱয়ব