সপ্তম অধ্যা। নিৰ্বিঘিনিয়ে সিদ্ধি হব।--“আনে যেনে নানয়, গােপ্য কৰি যাইবা গুৰু কথা যেন নােহয় প্রচাৰ।” বামুণে উত্তৰ দিলে মােক শিকাইবাক নলগয় ইকাৰ্য্যে, আপুনি মই ডাঠ।” দ্বাৰকালৈ গৈ কৃষ্ণক সচাকৈয়ে তেওঁ ৰুক্মিণীয়ে কোৱা মতে সকলে। কথা কলে, আৰু ৰুক্মিণীয়ে কোৱা মতেই “কহিলন্ত বেদনিধি তাতে দশ গুণ।” ৰুক্মিণী ইমান বুদ্ধিমতী ছােৱালী, কিন্তু তথাপি বহুৎ দিনৰ পিছত দ্বাৰকাত এদিন কৃষ্ণই তেওঁক ঠাট্টা কৰি ধেমালিতে একাষাৰ কথা কৈছিল, তাতে তেওঁ ভয় আৰু বেজাৰত প্ৰাণৰাে আশা পৰিত্যাগ কৰিছিল,-“ৰুক্মিণীক কৰিলন্ত প্রেমে পৰিহাস। ভয়তে ভৈলন্ত দেৱী প্রাণতাে নৈৰাশ বুদ্ধিৰ প্ৰখৰ থাকিলেও যে অনেকে সামান্যে ঠাট্টা ধেমালি বুজিব নােৱাৰে এয়েই তাৰ প্রমাণ। ৰুক্মিণী পাচো ভাইৰ অতি মৰমৰ ভনীয়েক, তথাপি ৰুক্মিয়ে কৃষ্ণৰে সৈতে তেওক বিয়া নিদি তেওঁৰ ঘৃণাৰ পাত্ৰ শিশুপালেৰে সৈতে বিয়া দিব থােজাত তেওঁৰ খং উঠি মনে মনে ককায়েকৰ আৰু শিশুপালৰ প্ৰতি unparliamentary ভাষা প্রয়ােগ কৰা অর্থাৎ গালি পৰাটোও স্বাভাবিক নহয় নে ? –“ভাই নােহে সিটে। পাপী পৰম চণ্ডাল। উপজি নমৰি কিয় আছে এত কাল কোন সতে বঞ্চ মােৰ কৃষ্ণ হেন স্বামী। কিনে নিদারুণ তই ভৈলি অােগামী ॥......হেন মনােথ মােৰ কৰিলি বিফল। জ্যেষ্ঠ ভাই নােহ সাতশত্রুতে আগল । মােহােৰ কৰ্ম্মেসে উপজিলি ধূমকেতু। ....তথাপি কৃষ্ণক চিন্তি এৰিবোহে প্রাণ। কদা- চিতো মই স্বামী নবৰিধে আন। মােক বিয়া কৰিবাক আইল
পৃষ্ঠা:Sankardev.djvu/১১৩
অৱয়ব