সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ। - দিনা, অন্তেসপূৰৰ হস্ত, যাইবো ভৱানীক পূজিবাক। তােমাৰেসে বাঞ্ছা যদি, আছে মােক প্রভুদেৱ, সেহি বেলা হাৰিব৷ আমাক । মােক যেবে হেলা কৰি, নেন আসি প্রভু হৰি, থাকিবোহাে এহি মতে পৰি। প্ৰাণান্তিকো একো কালে, শিশুপাল নৃপতিৰ ছাঁয়াতে, নিদিওঁ মই ভৰি । তবু চৰণক যেবে, নেদেখোহো প্রভৃদেৱ, দিলে। পৰিছেদ এহিমানে। নিৰাৰ ব্ৰত ধৰি, তোমাতেসে স্ত্রীবধ, দিয়া তেবে মৰিবে। পৰাণে।” এনেবােৰ মন তৈলােৱা কথা কৈও, সুকলমে কাৰ্য্য সিদ্ধিৰ নিমিত্তে এনে বুধি-ভাগ দিও, ৰুক্মিণীযে বেদনিধিক কৈছে- “যতেক বুলিলে। মই, তাতে শতগুণ কৰি, আপুনি কহিবা তুমি কথা মাধৱক মাতি বুলি যেনে তেনে আনিবাহ, যেবে তযু মােত আছে বেথা। হেৰা দেখা শিশুপাল, নৃপতি পাপীষ্ঠ ইটো, আসি ৰহিয়াছে মােক চুম্পি। বিস্তৰ বিলম্ব ভৈলে, আসিয়া নাইবা মােক, মৰিবে। তােমাতে প্রাণ সম্পি।” এই ছােৱালীটি তাৰিফ” কৰিব লগীয়া ছোৱালী নহয় নে ? বেদনিধি বাপুও প্রবােধ দিব নজনা বাপু নহয়। “ই কাৰ্যক লাগি আই, চিন্তা দুখ পৰিহৰ, চকুৰ মলছ তই পানী। আছদ্যোক কৃষ্ণদেৱ, আকাশৰ চন্দ্ৰমাক, হাততে দিব পাৰে। আনি। মােহােত কহিলি যেবে, সাধিবে সকলে কাৰ্য্য, স্থিৰ কৰি থাক দৃঢ় চিতে। বচন শিলৰ ৰেখা, মােৰ মুনিষাই দেখা, আনিৰো কৃষ্ণক তিলেকতে।” ৰুক্মিণীয়ে এই প্রবােধ শুনি আশ্বস্ত হৈ আকৌ ব্রাহ্মণক সাৱধান কৰি দিছে, কাৰণ তেওঁ জানে যে গােপনকৈ কাৰ্য্য কৰিলেহে