এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শব্দৰ এজাক সেউজীয়া বৰষুণত
(প্ৰিয় সাহিত্যিক শ্ৰী গন্ধেশ্বৰ শইকীয়াদেৱৰ নামত উৎসৰ্গিত)
কবিতাই মোৰ বদূৱা কলমত দিয়ে শাণ
হৃদয়ত দিয়ে ডেকেৰুৱা পাৰৰ ৰুণ
কবিতাই মোৰ অক্ষমতাক এচিড্ টেষ্ট্ কৰে
মোৰ শব্দৰ এজাক সেউজীয়া বৰষুণত
ধুৱাব পাৰে নিৰাভৰণ তোমাৰ গা
কবিতাই লৈ ফুৰে আলফুলে অলিয়ে-গলিয়ে
মোক দেখুৱাই জনতাৰ আদালতৰ কাঠগড়া
য’ত মই পদুম ঠাৰিৰে কৰ্ষণ কৰোঁ
মানুহৰ বেঙেনাবুলীয়া শৰীৰৰ ৰ’দে পোৰা ঘা
কবিতাই মচিব পাৰে মোৰ শেলুৱৈ ধৰা কলিজা
মকবুল্ ফিডা হৈ আঁকিব পাৰে সুবিশাল হৃদয়ত
ফুল
চৰাই
জোন আৰু জোনাকৰ ছবি
কবিতাই মোক মেক্বেথৰ তৰোৱালৰ দৰেই
শূন্যত নাচি নাচি প্ৰলুব্ধ কৰে চিঙিবলে’
শৈশৱৰ তেজগোড়া জেতুলি পকা
যৌৱনৰ এজেবা ৰঙা জবা
কবিতা মোৰ তন্দ্ৰালু নিশাৰ তন্ময়তা
কবিতা মোৰ বুকুৰ উৰ্বৰা উপত্যকা।
(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০৫/০৩/২০০৫)