পৃষ্ঠা:Ratneswar Bora Poem.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাহাৰ

মানুহকে সাবটি শুই আছিল
সেউজীয়া পাহাৰটো
মানুহবোৰে ভগাই খালে
তাৰ ৰঙীন কলিজাটো।

উল্লেখ থাকে যে সাম্প্ৰতিক ক্ষয়িষ্ণু পৰ্যাৱৰণৰ প্ৰতি লক্ষ্য ৰাখি ‘ইগনৌ’ৱে ২০১৮ চনৰ ৪ আৰু ৫ অক্টোবৰ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত কৰা 'Environmental and Ecological Sustainability Engaging the stakcholders' শীৰ্ষক আন্তৰ্জাতিক সন্মিলনত অংশ গ্ৰহণ কৰি ডিব্ৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী প্ৰিয়ংকা বৰদলৈয়ে এই কবিতাটি পাঠ কৰি উপস্থিত ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৬/০৭/২০০৩)

বিঃদ্ৰঃ কবিতাটি আমাৰ প্ৰথম কাব্য-সংকলন ‘তুমি আঘোণৰ সোণোৱালী পথাৰ’ত সন্নিৱিষ্ট কৰা আছে। কবিতাটিৰ প্ৰতি পাঠকৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইটি সংকলনতো সন্নিৱিষ্ট কৰা হ'ল।

৫৪। এমুঠি বনকৰা কিংখাপ কবিতা