এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতা এ নাহিবি ৰাতি
(টেট্ শিক্ষয়িত্ৰী অপৰাজিতাৰ প্ৰতি সহমৰ্মিতাৰে)
কবিতা এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাঁতি
ইয়াত এতিয়া ৰজা-প্ৰজা
কাৰো গাত কাপোৰ নাই
সকলো উদণ্ড সম্পূৰ্ণ উলংগ
উলংগ দেহাৰে কৰে কাপোৰৰ বেহা
ফুল
তৰা
পখিলা
ডামিনী
অপৰাজিতা
প্ৰজ্ঞা-সভ্যতা চিন্তা-চেতনা সকলো ধৰ্ষিতা
কাণি-মুনী বাই
কবিতা মোৰ গাত দোষ নাই
মোৰ হ’লে বৰ খং পাই
ইচ্ছা থাকিলেও খং মই দমাব নোৱাৰোঁ
মাজে মাজে সোঁৱৰো আইৰ মুখৰ কথা
তুলাৰাশিৰ ল’ৰা বৰ একা-চেকা
কবিতা এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাঁতি।
(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ১৩/০৯/২০১৪)
৪৪।এমুঠি বনকৰা কিংখাপ কবিতা