পৃষ্ঠা:Ratneswar Bora Poem.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন দুখৰ দিখৌ

বুকুৰ
ভিতৰত
কোনেও
নজনাকৈ
লালন
কৰিছোঁ
এখন দুখৰ দিখৌ
তেজে-সোঁতে
জাৱৰে-জোথৰে
দিন-ৰাতি
থৌকি
বাথৌ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ১৫/০৩/২০১৪)

৪০।এমুঠি বন কিংখাপ কবিতা