পৃষ্ঠা:Ratneswar Bora Poem.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৈশৱ

নৈয়েই
লোটা-ঘটি
বালিয়েই
সিহঁতৰ ঘৰ

জীয়াধলৰ মথাউৰিত
থৰে থৰে
কঁপিছে সময়

ৰ’দে জিল মিল
সোণালী শৈশৱৰ।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০১/০৬/২০১৩)

৩৮।এমুঠি বনকৰা কিংখাপ কবিতা