পৃষ্ঠা:Ratneswar Bora Poem.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটি স্কেচ্ছঃ সন্ধিয়াৰ

সাজৰ আজলী জোন
বুজিলেই বা কি
খিড়িকীৰে জুমি
শুধ বগা বিচনাত
অকলশৰে তুমি
এখিনি বিষাদৰঙী জোনাকত
তিতি জুৰুলি জুপুৰি।

(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভূমি, ২৬/০৫/২০১৭)

এমুঠি বনকৰা কিংখাপ কবিতা ।১৯