পৃষ্ঠা:Ratneswar Bora Poem.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খৰিকাজাঁই

নাজানো
কিহৰ আনন্দত ফুলিল
ইমান খৰিকাজাঁই

ফুলে ফুলে
গুণ গুণাই
দুখতো সুখতো
অনেক কবিতা উজায় ভটিয়ায়।
মোৰ গালে-মুখে হাত ফুৰাই।

(পূৰ্বপ্ৰকাশঃ দৈনিক অসম, ০৮/১০/২০০৯)

১৬।এমুঠি বনকৰা কিংখাপ কবিতা