সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18 মোৰ সেৱৰণী .. বিষয়ে ভাজি কৰ্পে। তেওঁ অলপ উগুল- থুলভাৱে গুনি থাকি, মোৰ কোৱাৰ পাচত আগ্ৰহেৰে এইবুলি সুধিলে আৰু কলে, “অ’ আপুনিয়েই তেজপুৰৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ হৈ আহিছে? আপুনি গৈয়েই দুৰ্গাধৰ বাৰুক আজৰাই দিবগৈ লাগিব, তেওঁ আপোনালৈ বাট চাইহে আছে, এই সপ্তাহৰ ভিতৰতে শিলং পাবগৈ লাগিব। মই দৰং জিলাৰ স্কুলসমূহৰ ডেপুটি ইম্পেক্টৰ; আপোনাৰ ভাবী স্কুলখন মোৰ তাবেদাৰৰ তলতে।” এই বুলিয়েই তেওঁ মেজাজ সলাই গহীনাই বহিলে। ময়ো তেওঁৰ মেজাজ পৰিবৰ্তনৰ মূল তত্ব বুজি উঠি নিজৰ মেজাজ ঠিক ৰাখি গহীনভাৱে কলো, “ভালেই হ’ল তেন্তে এই ছেগতে আপোনাৰে সৈতে আগধৰি চিনাকি হৈ ললো।” তাৰ পাচত দুয়ো ভালেমান পৰলৈকে বিবিধ বিষয়ক কথা-বাৰ্তা পাতিলোহঁক। তাৰেপৰা দুয়ো দুইকো যি বুজিলো বুজিলো; মুঠৰ ওপৰত, দুয়ো দুইৰ প্ৰতি মেজাজ ৰাখি (reserved) চলিবলৈ ধৰিলো। এইভাবে বিশ্বনাথৰপৰা আহি শিলঘাট পাওঁতেই ৰাতি দুপৰমান হল। বাকীছোৱা ৰাতিলৈ জাহাজ তাতে বান্ধিবলৈ আয়োজন কৰা দেখি আমি দুয়ো শেহছোৱা ৰাতিৰ কাৰণে বিদায় লোৱা-ই কৰি নিজ নিজ শয্যাত পৰিলোগইক। পিচদিনা পুৱা উষা পোহৰতে জাহাজ মেলি দিয়া হল। জাহাজ তেজপুৰমুৱা হৈ ভটীয়াই আহিল। মই ইতি ছেগতে শৌচাচাৰাদি প্ৰাতঃকৃত্য সমাপন কৰি উঠি, তেজপুৰ ঘাটত নামিবলৈ বুলি সষ্টম হলো। একেসময়তে একেদৰেই মোৰ নতুন চিনাকি ভদ্ৰলোকজন একে উদ্দেশ্যেই সাজু হৈ উঠি ধীৰে ধীৰে মোৰ কাষলৈ আহি মোক সুধিলেহি, “আপোনাক আগবঢ়াই নিবলৈ ঘাটলৈ কোনোবা আহিবনে?” মই কলো, “সম্ভৱতঃ আহিব।” তাকে শুনি তেওঁ পুনঃ কলে যে নাহে যদিও, তেওঁ মোক সকলো সুবিধা কৰি দিব, তাৰ নিমিত্তে মই চিন্তা কৰিব নালাগে। মই সেইবাবে তেওঁৰ শলাগ ললো। তেওঁ আন নহয়, বাবু হাৰান চন্দ্ৰ দাসগুপ্ত। দুয়ো কথা পাতি থাকেঁতেই দুইৰ চকু পাৰত থিয় দি বাট চাই থকা কেনমান অসমীয়া ভদ্ৰলোকৰ ওপৰত পৰিল। তেওঁ ব্যগ্ৰতাৰে সৈতে মাতি উঠিল, “ঐ যে দুৰ্গাবাবু?” মই লাহেকৈ উত্তৰ দিলো, “ময়ো চিনিছোঁ; আৰু মই যাৰ ঘৰত আলহী হমগৈ তেওঁকো দেখিছো, সৌৱা বৰকটকীৰ কাষতে।” তেওঁ কলে, “ঘনকান্ত বাবুৰ কথা কৈছে নেকি?” মই কলো, “হয়।” শুনি তেওঁ নিজে আগধৰি নিশ্চিন্ত হৈ লৈ মোক এই বুলি আশ্বাস দিলে, “তেনেহলে আপোনা কোনো চিন্তা নাই; মই সহায় নকৰিলেও হব।” এনেতে পাৰৰপৰা জাহাজৰ ওপৰলৈ উঠি আহি মোৰ সমনীয়া বন্ধু খ্ৰীযুত দুৰ্গাধৰ বৰকটকী আক মোৰ অগ্ৰজপ্ৰতিম বয়সীয়া বন্ধু মিঃ ঘনকান্ত চলিহা আমাৰ কাষতে থিয় হলহি। দুয়ো মোক অতি চেনেহেৰে আলিঙ্গন কৰিলে, ময়য় দুইকো সেই চেনেহৰ প্ৰতিদান দিলো। তাৰ পাচত হন বাৰুৱে সিবিলাকৰ হাতত মোক গতাই দিয়াদি দি মোৰে সৈতে হত্তমৰ্দন কৰি বিদায় লৈ পাৰলৈ নামিবলৈ খৰধৰ কৰিলে। তেওঁ নামি যোৱাৰ পাচতে, লগুৱাটোৰে সৈতে মোৰ মাল-বস্তখিনি বৰকটকী গতাই মিষ্টাৰ চলিহাই মোৰু তেওঁৰ গীত তুলি লৈ আহি তেওঁৰ বত আলহী নমালেহি। নামিয়েই ভিতৰলৈ সোমাই গৈ দেখো যে,