সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo দশম সৰ্গ কৰিব লাগিছে; কোনো পাৰত কোনোপাকত সুবিশাল ৰূপালী পাৰি থোৱা কমোৱা তুলাৰ তুলিৰ দোলন শষ্যা বতাহত সুকোমল ঢৌ তুলি হেলীয়াই অতি শান্ত পথিকক কেমন বিশ্ৰাম লৈ যাবলৈ বুলি সাঙ্কেতিক নিমন্ত্ৰণ জনাব লাগিছে , কোনো একোটা দীঘল উৰিয়লীৰ কোনো পাৰত দীঘলীয়াকৈ শাৰী পাতি একোডৰ। শিমলু খেতিয়ে মানৱৰ কপাহ খেতিৰ দৰে বিশ্বখেতিয়কৰ আৰ্হি পটন্তৰ দেখুৱাই এলেহুৱা কৃষক প্ৰাণক কৰ্মক্ষেত্ৰত নামিবলৈ নীৰৱে উদগনি দিব লাগিছে; কোনো একোটা সুদীৰ্ঘ ধেমুভিৰীয়া বৰনৈৰ পাৰ কিলাকুটীয়া আঁকোৱালিত একোটা প্ৰকাণ্ড বালি চাপৰিয়ে ৰ'দৰ জিলিনিৰে তিৰবিৰণি তুলি একো- সাগৰ সদৃশ মৰীচিকাৰ চিতেৰে মৰুভূমিৰ আদৰ্শ দেখুৱাইছে। লগতে বহুনিলগৰপৰা দুপাশে দুশাৰী পৰ্বত দশকেও সেই সদৃশ্য একাণপতীয়াকৈ চাই চাই ৰ লাগি ৰৈছিল। ইত্যাদি ভৈয়ামৰ প্ৰাকৃতিক ৰূপলীলা চাই চাই গৈ থাকোতে দুয়োপাৰৰ লক্ষীমপুৰ আৰু শিৱসাগৰৰ এলেকা পাৰ হৈ তেজপুৰ সদৰৰ সীমাৰ ভিতৰত সোমালোগৈ; সোমাই তাৰৰ গহপুৰ, গমিৰি, বিহালী এইকেইটা জাহাজঘাট চেৰাই গলোগৈ। তাৰ পাচতত গৈ গৈ আবেলি পৰত বিখ্যাত বিশ্বনাথ ঘাট চাপিছোগৈ, এনেতে দেখিলে দীঘল-ডাঙ্গৰ ভদ্ৰলোক যাত্ৰী এজন জাহাজত উঠিছেহি। মই সেই বহাভাগেই ঘুঘূৰিী ধোৱাপোৱাত ৰৈ ৰৈ ধপাত হুপি তেওঁৰ আলেখ-লেখ চাই আছো, তেৱো মোৰ কেবিনৰ কাষতে ইণ্টাৰ ক্লাচ এটা পতাই লৈ নিজৰ শষ্যা পাতি দিহা লগাই লওঁতে মাজে মাজে একো একোবাৰ মোৰ ধোৱা পানলৈ সতৃষ্ণ চকুৰে চাইছে , গতিগোত্ৰ দেখি বুজিলো, মানুহজন ধপতুৱা। আৰু ভাবিলো সেই তৃষ্ণাই অনতিপলমে তেওঁক মোৰ ওচৰ চপাবহি এতিয়া। এনেভাবে থাকোতেই এপাকত আহি তেওঁ মোৰ ওচৰত থিয় দি মোক আধা বজলুৱা অসমীয়া মাতেৰে সুধিলেহি মইননা কলৈ যাম , মই তেজপুৰলৈ যাম বুলি সমিধান দিয়াত তেওঁ আগ্ৰহেৰে সৈতে আৰু অলপ মোৰ কাষ চাপি ৰং মনেৰে ক'লে যে তেৱে। তেজপুৰতে নামিবগৈ, তেওঁ এজন তেজপুৰবাসী। সেই কথাত মই মোৰেই লাভ হল বুলি ভাবিলো। কিয়নো মই আচহুৱা তেজপুৰ যাত্ৰী, গতিকে তেওঁৰপৰা সেই ঠাইৰ ভিতৰুৱা আৱ-ভাৱৰ আভাস লবলৈ সুবিধা পোৱা যাব। এই ভাবি ময়ো আগ্ৰহেৰে তেওঁক মোৰ কাষতে পাৰি থোৱা আন এখন মাচিয়াত বহিবলৈ সঙ্কেত দিলো। তেওঁ বহিল কিন্তু চকু ধপাত চিলিমৰ ওপৰত। আৰু বহি যাওঁতেই মোক প্ৰশ্ন কৰিলে মই বামুণনে? উত্তৰত মই কলো, “নহয় মই আহোমহে।” তেতিয়া তেওঁ খলখলাই হাঁহি, এই বুলি কলে, “অ' মই আপোনাৰ কুল-মানৰ কথা বেচকৈ জানো, উজনি অসমত কাম কৰা দিনৰপৰাই মই আহোমসকলৰ লগত বিশেষ পৰিচিত। মই কায় মানুহ। আপোনাৰ আপত্তি নাথাকিলে ময়ো ধোৱাপানৰ ভাগ লব খোৰ্জো।” মই একো নামাতি অলপ মিচিকিয়াই মাথোন ৰংমনেৰে হুপি থকা ৰবৰৰ নলীড়ালি তেওঁৰ হাতলৈ পাৰ কৰিলে। তেওঁ পায়েই বৰ হেঁপাহেৰে হপিবলৈ ধৰিলে, কেইমিনিটমানলৈ মাতবোল বহিত হল। তাৰ পাচত অলপ তৃপ্তি পলুৱাই ধোৱাপান কৰি লৈ মোক আকৌ প্ৰশ্ন কৰিলে, মই আহিছে৷ ক'ৰপৰা, তেজপুৰত নামিম কি উদ্দেশ্যে? মই উত্তৰত চমুকৈ সেই