সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱম সৰ্গ 92 হিড়িকা নগৰত এভুমুকি যথাসময়ত সুমৰিবলৈ পাহৰিলো যে মোৰ কহিমা বিদায়ৰ মাহদিয়েকৰ আগতে মই নগা-হিল জিলাৰ এলেকাৰ ডিমাপুৰ হাতী-মহলটো খেদা-চিকাৰ কৰাবলৈ বুলি ডাকি লৈছিলো। পিচে চকাৰী চাকৰীয়ালৈ তেনে ব্যৱসায় অবৈধ হেতুকে, মহলটো মোৰ নামৰ পৰা পাৰিজ কৰাই মোৰ বৰককাইদেউ কণনাথ গোহাঞিবৰুৱাৰ নামত লগাই লৈছিলো। সেই আপাহতে তেওঁ আমাৰ উত্তৰ লক্ষীমপুৰৰ ঘাই ঘৰৰপৰ। নিজা তিনিটা কুন্ধী হাতীৰে সৈতে গৈ ডিমাপুৰ থানাৰপৰা অলপ ভাটীত প্ৰৱনুৱা বহা পাতি আছিল আৰু আমি নামি আহি সেইখিনি পোৱাৰ কেইদিনমানৰ আগতে মাথোন তিনিটা বনৰীয়া হাতী ফান্দীহঁতে হাবিৰপৰা ধৰি আনি বান্ধিছিলহি। আমি নামি অহাৰ সংবাদ তেখেতক দি থোৱা আছিল। গতিকে আমি আহি থানাৰ মুখ পাওঁতেই তেখেতে আমাক গাড়ীয়ে সৈতে সেই প্ৰৱ সুৱা বহালৈ লৈ গলহি। তাতে দুপৰ নৌ হওঁতেই আমাৰ খোৱা-মেলা হৈ গ'ল। আৰু এঘণ্টামানৰ পাচতে আমাৰ গাড়ী আকৌ চলাই দিয়াৰ কথা আছিল। পিচে বনৰীয়া হাতী কেইটা চাই গৃহিণীয়ে আৰু ঘণ্টাদিয়ে তাতে জিৰাবৰ ইচ্ছা কৰিলে। সেই ছেগতে মই আমাৰ হাতী এটাত উঠি পুৰণি ডিমাপুৰ নগৰখনৰ ভিতৰ সোমাই চাবলৈ বুলি হাবিত সোমালো। ইয়াৰ আগেয়েও কেইবাবাৰো নগৰখন সোমাই চাবৰ মন কৰিছিলো, কিন্তু সুবিধা নোপোৱাত সেই অটব্য হাবিৰ মাজ সোমাব পৰা নাছিলো। নগৰখন বৰ্তমান ডিমাপুৰ থানাৰ পছিমে নিচেই কাষতে। সোমাই দেখিলোগৈ যে সেই পুৰাতনীয়া ৰাজধানী বা ৰাজটোলটে। আহলে-বহলে বৰ্গক্ষেত্ৰাকাৰকৈ সুপ্ৰশস্ত; এটা সীমাৰপৰা আনটোলৈ কমকৈও চাৰি-পাঁচ মাইলমান হব। মই পুব আৰু উত্তৰ সীমাৰ মাথোন কিয়দংশকৈ চালো। উত্তৰ সীমাত ধনশিৰী নৈলৈ মুখ কৰি যিখন ৰাজহুৱাৰৰ ভগ্নাৱশেষ দেখিলো তাৰ কাৰুকাৰ্যাদিলৈ লক্ষ্য কৰি মোৰ মনত ধাৰণা হল যে, সি কছাৰী ৰজাদিনীয়া ডিমাপুৰ নগৰৰ চিন নহয়, তাতকৈ বহু পুৰণি কালৰহে কীৰ্তিচিন। কাৰণ, সেই ভগা দুৱাৰৰ দুফালে থিয় কাতি হৈ পৰি থকা শিলৰ খুটা বা স্তম্ভ দুটাত খটোৱা অতি মিহি আৰু বিচক্ষণীয়া কাৰুকাৰ্য কছাৰী ৰজাদিনীয়। অসমৰ অন্যান্য কাৰুকাৰ্যত নিমিলে; মাথোন নগৰৰ ভিতৰ ভাগত অ'ত ত'ত সিচৰিত হৈ পৰি থকা শিলাখণ্ড বোৰৰ কোনোটোত শিৱসাগৰৰ নামদাং শিলৰ সাঁকোত লগোৱা উকা আৰু শিৱদ’লত লগোৱা মূৰ্তিকটা শিলাখণ্ডবোৰৰ আহি দেখা গৈছিল, সৰহভাগত পুৰণি কামৰূপৰ প্ৰাগজ্যোতিষপুৰ আৰু শোণিতপুৰৰ পৌৰাণিক কাৰুকাৰ্য খটোৱা খনিকৰী আহি দেখা পোৱা হল। সেইবোৰ মোৰ মনত মহাভাৰতীয় যুগৰ কীতিচিন যেন লাগিল; আৰু আগৰ পৌৰাণিক হিড়িম্বানগৰৰ ভগ্নাৱশেষৰ চিন-মোকাম যেন বোধ হ'ল। সি যি হওক, যি দেখিলে তাৰে মোটামুটি টোকা এটা ধৰি লগত ললো। সি এতিয়া মোৰ তথ্যসংগ্ৰহৰ টোপোলাত। . .

  • এই শিলৰ খুটা বা তন্তু দুটাৰ ফটোগ্ৰাফ কৰাই নি মিষ্টাৰ ( পাচত চাৰ) গেইট চাহাৰে তাৰপৰা ছবি

কটাই তেওঁৰ অসমৰ বুৰঞ্জীত ছপাই দিছে; আৰু তাৰে নকলী ছৰি এটা তেওঁৰ অনুমতিক্ৰমে মোৰ অসমৰ বুৰঞ্জীতত দিয়া হৈছে।