৭৬ মোৰ সেঁৱৰণী ঠায়ে ঠায়ে যথাৱতকৈ যোগ দিয়া হল মাথোন। ছমাহৰ মুৰত “শিক্ষাবিধি প্ৰণয়ন কাৰ্য সমাপন হল। তাৰে নকল এটা ডিৰেক্টৰ চাহাবলৈকো পঠিওৱা গ'ল। তাৰপৰা তিনি- মাহমানৰ মূৰত, নগাওঁ টেক্সটবুক কমিটিৰ জৰিয়তে সেই হাতে লিখা পুথিখন উলটি মোৰ হাতত পৰিলেহি। দেখিলোঁ টেক্সটবুক কমিটিয়ে মোৰ সেই “শিক্ষাবিধি” পুথিখন অসম উপত্যকাৰ নৰ্মাল স্থূলত পাঠ্য আৰু অসমীয়া পঢ়াশলীয়া গুৰুসকলৰ হাতৰ পুথি (guide) বৰূপে মজুৰ কৰি পঠিয়াইছে। দেখি মোৰ অন্তৰত আনন্দ-উলাহ উপচি পৰিল। সেই উলাহতে উচালি উঠি, মই পুথিখন অনতিপলমে ছপাই প্ৰচাৰ কৰিবলৈ বুলি দিহাকৰণত হাত দিলো। “অ, ভা, উ, সা, সভা” আৰু “সাহিত্য সভাৰ উপদেশ আৰু পৰামৰ্শ গ্ৰহণ কৰি “শিক্ষাবিধি” কলিকতাৰ সাম্য প্ৰেচত ছপাবলৈ পঠিয়াই উঠিছে মাথোন, এনেতে হুকুম আহিল যে, মোক তেজপুৰ নৰ্মাল স্কুলৰ হেড, মাষ্টৰৰ পদলৈ বদলি কৰা হৈছে; আৰু মই সেই হুকুমপত্ৰৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত তেজপুৰলৈ গৈ তাৰ নৰ্মাল স্কুল সেই সময়ৰ বৰ্তমান হেড মাষ্টৰ (তেতিয়া শ্ৰীযুত) ৰায়চাহাব দুৰ্গাধৰ বৰকটকীক আজই দিবগৈ লাগে। ভাবিব চিস্তিবলৈ সময় নাই। এপখৰ ভিতৰত কথমপিহে কহিমাৰপৰা তেজপুৰ পাবহি পাৰি। তাতে আকৌ মই সংসাৰত গুটীয়া নহয়, দুটীয়া। নতুন ঠাইলৈ বাজে বাজে লৈ নগৈ, মোৰ ভাৰ্যাক আমাৰ উত্তৰ-লক্ষীমপুৰৰ ঘাই ঘৰত থৈ যোৱাটো স্থিৰ কৰা হল। গতিকে আৰু এদিনো পলম কৰিবলৈ সাধ্যহীন হৈ লৰালৰিকৈ চেকেণ্ড মাষ্টৰবাৰুৰ জিম্মত স্কুলৰ চাজ চাই থৈ মোৰ বন্ধু-বান্ধৱ সকলৰ ওচৰত বিদায় লৈ, মোৰ অতি আদৰুৱা মনোক ঠাই কহিমা এৰিবলৈ সাজু হলো। আহিবৰ আগদিনা “কহিমা সাহিত্য সভাঘৰত” দুয়োখন সাহিত্য সভাই (অ, ভা, উ, সা আৰু সাৰ্বজনীন সাহিত্য সভা) মিলি যুটীয়াকৈ মোক বিদায় সম্ভাষণ জনাবলৈ এখন ডাঙ্গৰ সভা পাতিছিল। কহিমবাসী সদৌ সাম্প্ৰদায়িক সৰু-বৰ অনেক লোক সমবেত হৈছিল। বিদায় গ্ৰহণত মই “যাওঁ” বুলিবলৈ মোৰ মাত নোলাল। চকুলো টুকি টুকি গধুৰ মনেৰে আঁতৰ হলো। কাহিন, শাওন, ১৮,৩ হা, ১• সংখ্যা।
পৃষ্ঠা:Mor Sowarani.djvu/৯০
অৱয়ব