৭২ মোৰ সোৱণী পৰা হতাশ হৈ ফোগাই-জোপাই উভতি আহি গাড়ীৰ কাষ পালোহি। আহি পাই হতাশত তো পৰা ই দুখনি মুখৰ লগত মোৰখনিও মিলাই তিনিও মুখ চোৱা-চুইকৈ ঠৰ লাগি ৰলেহক। চাওঁতে চাওঁতেই সন্ধিয়া চাপিল, গাৰ নোম নেদেখা হ’ল; তাৰ পিছতেই যোপম আন্ধাৰে ছাটি ধৰিলে। আন্ধাৰত জোপাটোকে পৰ্বতটো যেন দেখি; তাতে দুয়োফালে নামবৰ বৰহাবি। কি কৰিম, কলৈ যাম বিবুদ্ধি হৈ তিনিও গাড়ীত সোমাই- বহি গুণিবলৈ ধৰিলে। সেই আসন্ন সময়ত গাড়ীখনেইহে আমাৰ একমাত্ৰ আশ্ৰয় স্থান। ভয়ত তিনিওৰৰ বুকু ঢিপিং ঢিপিং কৰিব লাগিছে, মোতকৈ সি দুটি প্ৰাণীৰ অৱস্থা শশাচনীয় , একেবাৰে তাততকৈ বেছি হল কোনোকালে হাৰি নেদেখা মোৰ ন-কন্যা ভাৰ্যাৰ ভয় বিহ্বলা প্ৰাণৰ চটফটনি। এনেহেন মুখমেলা আপদৰ গৰাহৰ আগত পৰি তিনিও ত্ৰাহি ত্ৰাহি কৰি দুই প্ৰহৰমান ৰাতি কটাইছে।কিন্তু প্ৰতি মুহূৰ্ততে সেই মেলা মুখে আমাক গিলে-গিলে যেন দেখিছো, -এনেতে সঁচাকৈ এক মহাকায় বিপদমূৰ্তিয়ে—এটা ভয়ঙ্কৰ তাল হাতীয়ে নাকীয়া চিঞৰ মাৰি একে চোচাই গাড়ীৰ কাষত থিয় দিলেহি , গাড়ীৰপৰা কেইহাতমান আঁতৰত অলি থকা লেন্টাৰ্ণৰ পোৰ লক্ষ্য কৰি এক নিমিষ- মান হাতীটো ৰ-লাগি ৰওঁতেই তাৰ গোটেই প্ৰকাণ্ড অঙ্গ আমাৰ চকুত পৰিল। বনৰীয়া হাতী নেদেখা ছোৱালী ভাৰ্যাই সেইপিনেই পৰি মুচ্ছ ঘোৱাদি হল। বৰুণ নামে লগুৱা ল’ৰাটিয়ে প্ৰাণহীন পুতলাৰ দৰে উদ্বাউল হৈ কঁপিবলৈ ধৰিলে। ময়ো জীৱনৰ অন্তিম ক্ষণ গণি ঠৰ লাগিলো ,-এনেতে গৰু দুটা চক্ খাই উঠি হেম্বেলনি মাৰি পিচলৈ নেগুৰৰ নিচান উৰুৱাই অহাবাটে উভতি ঢাপলি মেলিলে, হাতীটোৱে সিহঁতকে তাৰ চিকাৰ মানি লৈ মেদিনী কপাই খেদা ধৰিলে, আমি গাড়ীৰ ভিতৰত স্বৰগ পৰা মানুহৰ দৰে জঠৰ হলো। হাতীয়ে উলটি আহি আমাক ধৰেহি ধৰেহি যেন দেখি সেইপিনেই চেপেটা লাগি এখনমান তামোল খোৱা পৰ মই থিৰ চকুৰে চাই আছে-হাতী আৰু সুলটিল। ক্ষন্তেকলৈ নিৰাপদ মানি উশাহ সলাই দেখো যে এইবাৰ আমি সঁচাকৈয়ে সৰ্বমুঠ অকলশৰীয়া তিনি প্ৰাণী হলোক, যি অন্যতম দুই প্ৰাণী গৰু দুটা লগৰীয়া আছিল সিহঁতেও এৰি গুচি গ'ল। ইতিমধ্যে মৌ-চেপা বৰষুণ এজাক আহিল। ঢেকেনি ধুমুহাত একোকে নেদেখা নুশুনা হলো, মাথোন মাজে মাজে বিজুলীৰ চিকিমিকি পোহৰত ভালেমান দূৰলৈকে সেই হাতীয়ে গৰু খেদি নিয়া পৰি থকা আপদীয়া বাটটো দেখা পাওঁ। তেনেতে আলিকাষৰৰ জোপা এটাৰপৰা ওলাই আহি ডাইনী যেন কি কি কৰে ক'লা তিৰোত এজনী আমাৰ গাড়ীৰ কাষত থিয় দিলেহি। তাইক বিজুলীৰ চকমকীয়া পোহৰত দেখিয়েই বৰুণ বোলা চেমনীয়া লগুৱাটো আচাৰ খাই পৰিল, ভাগ্যে তেতিয়ালৈকে লীলাৰ মূৰ্ছ। ভগা নাছিল। মানুহজনীয়ে চিত হৈ লৰালৰিকৈ মোক কলে যে তাই আমাৰ ওচৰত ৰাতিটোৰ কাৰণে আশ্ৰয় লবলৈ কাষ চাপিচেহি। মই সহানুভূতি- পুৰ্ণ অৱৰেৰে ভাবিলো, দেহি তাই নিৰাষৰ ওচৰত আশ্ৰয় বিচাৰিছেহি। আৰু পানীত পৰা মানুহে কুটা এগছ পালেও সহায় যেন জান কৰাৰ দৰে, মই ততালিকে তাইৰ আতু
পৃষ্ঠা:Mor Sowarani.djvu/৮৪
অৱয়ব