সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০ মোৰ সোঁৱৰণী অধিবাসৰ ৰাতিৰ নানা তৰহৰ বাছৰনীয়া গোপিনী কীৰ্তন, প্ৰণাম, জোৰানাম আৰু দৈয়নৰ নাম কেইটাই আজিকোপতি মোৰ কাণত মৌ বৰব লাগিছে। বিয়াৰ দিনা পুৱাৰপৰা মুনিহৰ উখল-মাখল, তিৰোতাৰ উলহ মালহ আৰু ল'ৰা, চেমনীয়া, জীয়াৰী, গাভৰুৰ উদুলি- মুদুলিলৈ নিৰলে লক্ষ্য কৰি মই কি যে এক অভিনৱ আনন্দ উপভোগ কৰিছিলো সিও অনুভৱৰ সুমৰণতেহে ৰৈছে; তাক চিয়াঁহিৰে আঁকি দেখুৱাব নোৱাৰিলো। সেই বিয়াঘৰীয়া উখল- মাখল, , উলহ-মালহ, উদুলি-মুদুলিৰ ৰাগ আকাশলৈ তুলি মৃদঙ্গীয়া গায়ন আৰু পাতাললৈ ভেদাই খুলীয়া বায়নৰ জোৰা উঠি বিয়াস্থল তল-ওপৰ লগাবলৈ ধৰিলে; ময়ো তাৰ মাজত মনে মনে মজি এবাৰ তল যাওঁ, এবাৰ ওপৰ উঠো এনে হলো। এনে অৱস্থাত মোক আইতাই চেলেঙ্গৰ আঁচলত ধৰি বাটবুলাই নি বেইত ঘূৰাই লৈ নোৱনী পীৰাত বহুৱাই প্ৰথম নোৱন দিয়াৰ পাচত যে আৰু কত নোৱনেৰে মোক পৱিত্ৰ কৰিলে, এতিয়া সুমৰি মই তাৰ লেখ নাপাওঁ। সেই শেষ নোৱনৰ সমাপনত বাজে বাজে নি মোক ৰভাৰ তলত ব্ৰাহ্মণ-সজ্জন, গুৰুজন আৰু জ্ঞাতিবৰ্গ পৰিবৃত আসনত বহুৱালেগৈ। তাৰ পাচত দৰাৰ সাজ-পাৰ পিন্ধোৱা হলত পুৰোহিতে মঙ্গলসূচক শ্লোক উচ্চাৰণ কৰি মোৰ কপালত বগা চন্দনৰ ৰেঘ পিন্ধাই উঠি, মোৰ প্ৰতি চাই “এই মুহূৰ্তৰ পৰা উদ্বাহ ক্ৰিয়া সমাপন নোহোৱালৈ আপুনি নৰদেৱতা। নৰে জীৱনত এদিন দেৱতা হবলৈ পায় , সেইদিন আপোনাৰ আজিয়েই।” এই বুলি কৈ আঁতৰি নিজ আসন ললেগৈ। সুপণ্ডিত পুৰোহিত বাপুৰ সেই দৈৱিক বাণীয়ে মোৰ দেহ-মন-অন্তৰত আচম্বিতে কি যে এক অভিনৱ বিশুদ্ধ ভাৱ বিয়পাই দিলে। সেই মুহূৰ্তৰপৰা সঁচাকৈয়ে মই মানৱৰপৰা অলপ উধাই উঠিছিলো যেন বোধ হল। দৰাঘৰৰপৰা ক্যাঘৰলৈ বাট অলপ দূৰৈ। গতিকে বৰ-যাত্ৰী অলপ সোনকালকৈ যাত্ৰা কৰিলে। বৰযাত্ৰীয়ে মাজতে কেইখনমান গাওঁ পাৰ হৈ যাওঁতে গাওঁবাটৰ দুইফালৰ পৰা গঞা জীয়াৰী-গাভৰুবিলাকে নগৰীয়া দৰা চাবলৈ মোৰ দোলাকাষলৈ ঢাপলি ধৰা দেখি মোৰ মনেও হেন্দোলিয়াই আগবাঢ়ি সিবিলাকক নিস্পৃহ আলিঙ্গন প্ৰদান কৰিছিল। গৈ গৈ যেতিয়া কন্যাঘৰীয়া কলাপুলিৰ আদৰণী নিৰ্দেশ পোৱাগৈ হল তেতিয়া দৰাঘৰীয়া আৰু কন্যাঘৰীয়া নামতীসকলৰ মাজত জোৰানামৰ অৰিয়া-অৰি লাগিবলৈ ধৰিলে; তাৰপৰা থাপি পাপিকৈ কেইবাষোৰাও আদৰণী কলাপুলিৰ সীমা যথানিয়মে পাৰ হৈ গৈ যেতিয়া ৰভা কাষৰীয়া শেহৰ যোৰ আদৰণী কলাপুলি পাওঁগৈ, তেতিয়া নামতী আই সকলৰ জোৰানামৰ অৰিয়া-অৰিৰ প্ৰকোপ ইমানকৈ চৰি উঠিল যে শেহান্তত মুখা- মুখি এৰা-এৰি হৈ চুলিয়া-চুলিলৈ দুয়োদল ফৰিং ওফৰাদি উফৰিবলৈ ধৰিলে। দেখি দেখি মই আৰু ৰব নোৱাৰি হাতৰ উৰমালেৰে মুখত সোপা লৈ লুকুৱা-হাঁহি মাৰিব লগাত পৰিলে। তেতিয়া কন্যাঘৰীয়া এজন ৰসিক ডেকাই “জ’ দৰাই হাঁহিছে বুলি হাঁহি চাপৰিৰে কিৰিলি মাৰি ঢক লগাই দিয়াত জোৰানামৰ জাউৰিয়ে চাত্ কৰে পাত্ৰ সলাই নিৰায় গৰাক হেচি ধৰিলে। সিখন লাগি উঠা ৰণ যিহওৰু সিমানতে তল পৰিল। তাৰ পাচত যথাবিধি বিয়াৰ সদান, চকলং আদি আচল লাগতিয়াল তাৰ নিয়াৰিকৈ