সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণী বৰ্ণবাদ্য পৰা সিটো পাহাড়লৈ শশাভাযাত্ৰাৰে সৈতে বৰ ধুম-ধামকৈ পতা হয়। সেই যাত্ৰাৰ কালত আহল-বহল মুকলি ঠাই বুজি ঠায়ে ঠায়ে জুম বান্ধি নগা ৰণৰ ধেমালি যুঁজ (sham tight) আৰু নগা ব্যায়ামৰ বিবিধ চকুত চমক লগোৱা খেল দেখুৱা হয়। এবাৰ খনমা টিলাৰপৰা যাত্ৰা কৰা শোভা-যাত্ৰী এদলে (অনুমানত দুহেজাৰমান) কেন্টনমেন্ট চাপৰি পাৰ হৈ যাওঁতে তাত গোটাদিয়ে বিস্ময় লগোৱা ব্যায়াম ক্ৰীড়া দেখুৱাইছিল; তাৰে এটা বৰ বলী তেজীয়ান খুলন্তৰ লনি ডেকা নগাই বঙ্গা চুলি লগোৱা নালেৰে চকচকীয়া হাতযাঠা এপাট হাতৰ পাচতে ওপৰলৈ মাৰি পঠিয়াই—যাঠাপাট তীৰকঁপে তললৈ নামি আহোতে লফিয়াই জপিয়াই কিৰিলি মাৰি মুখ মেলি উঠি তাৰ তীৰ যেন আগটোত আগাতেৰে কামোৰ মাৰি ধৰি তাক ওপৰতে ঠৰে ঠৰে বাখিছিল। সেই বিস্ময়জনক সেঁৱৰণীয়ে আজি ও মোৰ বুকু চমক খুৱাই তোলে। নগা ৰণৰ আহিযুদ্ধ বা ধেমালি- যুঁজৰ গতি-গোত্ৰত বিশেষত্ব আছে। বিশেষকৈ সেই উদ্দেশ্যে ধৰা গতি-গমন (marching ) শলাগিব লগীয়া। বৃটিচৰ বেণ্ড, কি ভৈয়ামৰ সভ্যজাতিৰ তাল-মান বন্ধ সিহঁতৰ নাই , কিন্তু মুখেবে কৌকা-ফুটাই উচ্চাৰণ কৰা লয় লগোৱা এটা ধাৰাবাহিক মৌখিক বাৰে সভ্যজাতিৰ উন্নত বণবাদ্যকে চেৰ পেলায়। এই বাদনৰ চেৱে চেৱে পাৱ পেলাই সমানে সমতলে গমন কৰি নগাহঁতে ৰণযাত্ৰা কৰে। এই বাদন গগাহঁতে ৰণত বাজেও বিবিধ সাংসাৰিক কামত লগায় , ভূই ৰোৱা, ই চপোৱা, বাটকুৰি যোৱা আদি গাত এম লগা কামতো ভাগৰ পাতলাবলৈ নোহঁতে এই বাদন ব্যৱহাৰ কৰে। (৩) তৃতীয়টো আটাইতকৈ নগাহঁতৰ ঘাই গেনা। ভূই চপোৱাৰ পাচত ন-ধানৰ চাউল পোন-প্ৰথমে ব্যৱহাৰ কৰাৰ অপাহত এই গেনা পত হয়। ইয়াক ভৈয়ামৰ অসমীয়া খেতিয়ক মানুহৰ “ন খোৱা” ভোজভাতৰ লগত বিজাব পাবি। বিভিন্ন ইমানেইহে যে, ভৈয়ামৰ মানুহৰ ন-খোৱা ঘৰে ঘৰে চৰ-চুৰীয়াকৈ পতা হয়, পৰ্বতৰ নগাহঁতে এই গেনা ৰাজ- হুৱাকৈ বিশেষ অডম্বৰেৰে পাতে। এই গেনা উপলক্ষে নগাহঁতে খেলবন্ধীয়া ৰাজহুৱাকৈ ন-চাউলৰ পিঠা খুলি “পিঠামধু” প্ৰস্তুত কৰি তাকে ভোজভাতৰ দৰে খাই আপোন-পাহৰা হৈ ৰং-ধেমালি কৰে। নগাহঁতৰ মাজত দহ-বাৰঘৰ মিলি একোটা খেল গঠিত হয়। সেই খেলেপতি একো একোটা গাম বা গাওঁবুঢ়াৰ নিচিনা বৰমূৰীয়া মানুহ সিহঁতৰ নেতা। সেই বৰমূৰীয়াজন সদৌপাকে একোজন বৰমাহ। ধনে-ধানে ঘৰে-দুৱাৰে সদৌ বিষয়তে আনবিলাকতকৈ সেই বৰমানুহজন টনকিয়াল। সেইজনৰ ঘৰৰ আগতে এখন বহল চোতাল থাকে। তাতে গোটেই খেলৰ মুনিহ-তিবোতবিলাকে পিন্ধি-উৰি ৰমক-জমককৈ জুম বান্ধি ৰাজহুৱা পিঠা খুনে। সেই অৰ্থে প্ৰত্যেক ঘৰে ন চাউলৰ ঘোগান ধৰে। তাত যাৰ ঘৰৰ চাউল যিমান সৰহকৈ খুলা পৰে সেই ঘৰৰ সিমান সৰহ পুণ্য অৰ্জন হয় বুলি সিহঁতৰ বিশ্বস। মুনিহ বিলাকে মূৰত বিবিধ পাখিলগোৱা কিৰীটি, গলধনত বগা শামুকীয়া শ, কঁকালত কড়ি লগোৱা এসেৰীয়া কটীবস্ত্ৰ পিন্ধি জাতলগাই গা-তোলা নগা-গীত গাই শিলৰ খুবলিত চাউল খুলে, নাক তিৰবিলাকে তাৰ তালে তালে বাহু নচুৱাই