সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম সৰ্গ আতুৰ অহালিক থিৰ হবলৈ দিবলৈকো ঠাই একণ নাই! চাই চাই মোৰ প্ৰাণে কান্দিবলৈ ধৰিলে। সিহঁতক সহায় কৰিবলৈ আমাৰ উপায় নাই। বাস্তৱতে, মই সেই নিৰায় প্ৰাণী দুটিক সেই আপদত এফেৰিমাননা উপকাৰ কৰিব নোৱাৰি সন্তাপত তল প’লো। কিন্তু সিহঁতৰপৰা হলে মই বিশেষ উপকৃত হৈছিলো, অৰ্থাৎ সেই আপদৰ ক্ষণত সিহঁতৰ দুৰ্গতি অনুভৱ কৰি অভিভূত হোৱাৰ ফলত, মই সেইক্ষণত নিজৰ আপদ অনুভব কৰিবলৈ পাহৰি গৈছিলো। সি যি হক, কোনো সাংঘাতিক দুৰ্ঘটনা ঘটাকৈ সেই যুগ যেন ক্ষণটো পাৰ হৈ গ'ল। তাৰ পাচত ভিতৰৰপৰা ভূমুকিয়াই চাওঁ যে গোটেই কেন্টনমেন্ট চাপৰিটো গোটেই টাউনেৰে সৈতে একেলগে যেন সুবিমল ঢৌঢ়োৱা কপাহী কাপোৰে আবৰি ধৰিছে। পিচে চাই থাকোতেই সেই সুকোমল সুখদৃশ্য চকুতে পমি গল। ইফালে ময়ো ছেগ বুজি স্কুল ছুটী দি লৈ গডৰ মধ্যস্থিত কাছাৰি ঘৰলৈ বাজে বাজে গৈ, ডেপুটি কমিচনাৰক সাক্ষাৎ কৰি সেই সাংঘাতিক আপদসূচক ভয়াবহ দুৰ্ঘটনাৰ আদ্যো- পান্ত তেওঁৰ আগত বিবৰি কৈ উঠি, একে চিপতে মোৰ খাটাং মত এই বুলি কৈ পেলালো, “আহল-বহল সুবিধাজনক ঘৰ এটা নাপাওঁ মানে মই আৰু স্কুল পাতিব নোৱাৰোঁ।” ডেপুটি কমিচনাৰ মিঃ ডেভিচ চাহাবে মোৰ কথাৰ মৰ্ম বুজি উঠি, মোক এই বুলি সমিধান দিলে, “বাৰু যাওক, আপুনিও বিচাৰি চাওকগৈ, ময়য় বিচাৰে, কেৰেয়াকৈ হলেও এটা উপযুক্ত ঘৰ নোপোৱালৈকে স্কুল বন্ধ ৰখাটো ময়য়া বাঞ্ছনীয় বোধ কৰে। এই বিষয়ে মই আজিয়েই গৱৰ্ণমেণ্টলৈ লিখিম। ইচ্ছা কৰিলে আপুনিও লিখিব পাৰে।” তাৰে ফলস্বৰূপে এট। আহল-বহল সুবিধাজনক ঘৰ মাহে ২৫ টকাকৈ কেৰেলৈ বন্দবস্ত কৰি লৈ, এসপ্তাহমান বন্ধ ৰখাৰ পাচত, মই স্কুলখন নতুন ঘৰত নতুনকৈ পতাদি পাতিলোগৈ। তাৰ পাচত ডিৰেক্টৰ মিঃ জে, উইলচন চাহাবৰে সৈতে বিস্তৰ লিখালিখি কৰি কেন্টনমেন্টৰ ওখ চাপৰি- টোৰ পুবে তাৰ নামনিত গৱৰ্ণমেণ্টৰ খৰচত এটা ওখ ডাঙৰ পাটবঙ্গলুৱা স্কুলঘৰ সজাই লৈ সৰ্বাঙ্গীন পৰিপাটিকৈ স্কুলখন চলাবলৈ ধৰিলো। দেখি টাউনবাসীয়ে মোৰ শলাগ ললে। এতিয়া সেই স্কুল-বঙ্গল আগতকৈ আহল-বহল হৈ তাতে সেইভাবেই আছে বুলি “পদ্ম- জয়ন্তী উৎসৱত বক্তৃতা দিওঁতে ওপৰত নাম কৈ অহা সেই মান হৰিপ্ৰসাদ গোখাৰায়, ডেকাদেৱৰ মুখে শুনিবলৈ পালো। সেই স্কুলঘৰৰ মূল ভেটি মই চোঙ্গোৱা আজি অৰ্ধশতাব্দীৰ আগৰ কথা। — নগা-গেনা গেনা মানে পৰ্ব। উৎসৱাদিকে ‘গেনা’ বোলে। নগা-গেনা হৰেক ৰকমৰ। তাৰ ভিতৰত ভৈয়ামৰ অসমীয়া বিহুৰ আৰ্হিৰে তিনিটা ডাঙৰ গেনাৰ কথা উল্লেখযোগ্য। (১) প্ৰথমটো ই বা খেতিৰ মাটি চহাবৰ আগতে, চুৰ-চুৰীয়াকৈ আৰু খেলবন্ধীয়াকৈ পতা হয়; ভোজভাতত বাজে তাত বাহিৰা আড়ম্বৰ বিশেষ নাই। (২) দ্বিতীয়টো খেতি-বাতি হৈ উঠাৰ পাচত; ইথেলৰপৰা সিখেললৈ, ইটো টিলাৰপৰা সিটো টিলালৈ, ইটো পাহাড়