৬৪ মোৰ সেৱৰণী মাধৱ বেজবৰুৱাদেৱৰ সৈতে হঠাৎ উৰি আহি পৰাদি উপস্থিত হৈ, দুয়ো এই ক্ষুদ্ৰ জীৱনৰ ওলগ লৈ দুটি ওজস্বিনী বক্তৃতা দিয়াৰ আলমত, কহিমানিবাসী শ্ৰীমান হৰিপ্ৰসাদ গোখা ৰায় নামেৰে ডেকাদেৱৰ মুখে শুনিলো বোলে, মোৰ সামান্য উদ্যমৰ ফল সেই ‘কহিমা সাহিত্য সভা’খনি অদ্যাপি টনকিয়ালভাৱে জীয়াই আছে; আক সভাৰ প্ৰতি বৈঠকতে মোৰ নামে শলাগনী আশীৰ্বাদ এজোলোকা দিয়া হয়। শুনি, পুলকিত হলো , আৰু হৰিষত উতলি মোৰ অপাঙ্গত বিন্দু বিন্দু আনন্দাশ্ৰু বিৰিঙ্গি উঠিল। কিন্তু পৰিতাপৰ বিষয়, সেই সাৰ্বজনিক সাহিত্যসভাখনিৰ অলপ আগতীয়াকৈ পতা মোৰ আশাশুধীয়া যত্নৰ ফল, আমাৰ সাম্প্ৰদায়িক অনুষ্ঠান, কহিমঅ, ভা, উ, সা, সভা'খনিৰ অস্তিত্ব মই কহিমা এৰি অহাৰপৰা বছদহেকৰ পাচতে লোপ পালে—এতিয়া তাৰ চিন-মোকাম নোহোৱা হল। ইয়াৰ ঘাই কাৰণ, সেই সাময়িক কহিমা প্ৰবাসী তাকৰীয়া অসমীয়া কেইঘৰৰ আথিক বলেবে অ, ভা, উ, সা, সভাৰ নামে সুকীয়াকৈ সাহিত্য মন্দিৰ এটি চিৰস্থায়ীকৈ প্ৰতিষ্ঠা কৰি থৈ আহিবলৈ মোৰ সামৰ্থ্য নহল। * কহিমা স্কুলঘৰ ৰামেশ্বৰ বাবুয়ে চাৰ্জ দি যাওঁতে মোক যেনেটিহে বাটৰুৱাৰ জিৰণি পঁজাত বহুৱাই থে গৈছিল তাৰ স্বৰূপ বৰ্ণনা সমৰি চালে হাঁহিও উঠে, বেজাৰৰ লাগে। পঁজাটো দীঘে দহহাত, পথালিয়ে আঁঠহাত আৰু ওখই মাটিৰ পৰা টুপলৈ সাতহাতমান হব , সেয়ে যেনিবা চৌচলীয়া বলা ঘৰৰ আহিব। ওপৰৰ টিন পাটৰ চাল কেইখন সঁচাচি টিন বঙ্গলা সাজোতে ওপৰঞ্চি কটা ছিঙ্গা পেলনি যোৱা টিনব টুকুৰাৰে সৈতে তাপলি মৰা। বৰষুণ দিলে তাৰ যোৰাবোৰেদি উকখনি পৰে। সেই বঙ্গলুৱা পঁজাটো দুটা খোটালিত বিভক্ত, এটা হেডমাষ্টৰৰ আনটো চেকেণ্ডমাষ্টৰৰ , নগা পণ্ডিতজনে পঢ়াবলগীয়া হলে বাহিৰলৈ উলিয়াই নি সমুখৰ ঘাঁহনি চোতালত বহুৱাই পঢ়ায়, বৰষুণ দিলে আটাইটি ভিতৰ সোমাই টেপাটেপিকৈ থুপখাই থিয়দি ৰহি। সেই ঘৰতে সেইভাবেই মাহদিয়েক কটাইছে, এনেতে এদিন ভৰদুপৰত অতিপাতকৈ চামে চামে শিল ববযুণ পৰিবলৈ ধৰিলে। নেৰানেপেৰাকৈ ডেৰঘণ্টামান শিল পৰিয়েই আছিল। সেই ডেৰঘণ্টাৰ প্ৰতি মিনিটটোৱেই আমাৰ মনত নাযায়-নুপুৱায় যেন লাগিল; আৰু প্ৰতি মুহূৰ্ততে ঘৰ পৰি আমাক তাতে চেপেটা লগাই মাৰে যেন দেখিছিলো। কুকুৰাচৰায়ে আপদত পাখিমেলি পোৱালিবোৰ আৱৰি ধৰাৰ দৰে, ছাত্ৰবৃন্দক মাজত লৈ আমি শিক্ষক তিনিজনে তিনিও তিনিখন দুৱাৰমুখত সতৰ্ক হৈ থিয়দি আপদৰ ক্ষণ গণিবলৈ ধৰিলো। মোৰ সমুখত কিন্তু আৰু এটা সমদুখৰ দৃশ্য পৰিল, শিলাবৰষুণত আশ্ৰয় বিচাৰি ঢপলিয়াই আহি পোৱালি এটিৰে সৈতে ঘুৰী এজনীয়ে আমাৰ জুপুৰীটোৰ আগত থিয়দি ৰলহি। | বানে-বানে পৰা পানী-শিলৰ খুন্দাত জহালিয়ে তৰণি পোৱা নাই, তথাপি সেই অৱস্থাতে আমাৰ ফালে মুখ কৰি মনে মনে আমাতে গঢ়ি লৈ আছে। ইফালে আমাৰ এনে দুৰ্দশা যে, সেই • আৱাহন, আহাৰ, ১৮৫৪, ৩ বছ, সংখ্যা।
পৃষ্ঠা:Mor Sowarani.djvu/৭৬
অৱয়ব