সপ্তম সৰ্গ সেইকালৰ কহিমাপ্ৰবাসী বঙ্গীয় সমাজৰ সমাজপতি, গৰকাপ্তানী অফিচৰ একাউন্টেন্ট নবীনচন্দ্ৰ ভট্টাচাৰ্য মহাশয় মোৰ বহাত উপস্থিত। এওঁৱেই সেইসময়ৰ কহিমাপ্ৰবাসী বঙ্গালী সমাজৰ ঘাই নেতা। তেওঁ হঠাৎ গৈ উপস্থিত হোৱাৰ গুপ্ত কাৰণ মোৰ মনত বি গাজিছিল, তাক মনতে গুপুতকৈ থৈ তেওঁৰ মুখে বেকত কৰাবৰ অভিপ্ৰায়ে মই সাৱধানে আৰু সুকৌশলেৰে কথাবাৰ্তা পাতিবলৈ ধৰিলে। সদৌশেহত সচাকৈয়ে তেওঁৰ মুখেই ওলাই পৰিল যে সাৰ্বজনিক ভাৰতীয় সাহিত্যৰ চৰ্চালোচনাৰ অৰ্থেও আমাৰ অ, ভা, উ, সা, সভাখনিৰ নিচিনা এখন সভা কহিমাত প্ৰতিষ্ঠিত হোৱা বাঞ্ছনীয়। মোৰ মনোভাব আৰু আস্থৰিক অভিপ্ৰায় সেইভাৱে অচিতে ওলাই পৰাত মোৰ অন্তৰত উলাহে নধৰা হল। তাৰ পাচত দুয়ো একেমত হৈ সেই অৰ্থে এখন সৰ্বসাধাৰণীয়া সাহিত্য সভা প্ৰতিষ্ঠা কৰাৰ উপায় উদ্ভাবন কৰিবলৈ বুলি চিন্তালোচনাত ধৰিলেহঁক। শেহান্তত এই সিদ্ধান্ত হল যে আমি দুয়ো ঘৰে ঘৰে ফুৰি কহিমাপ্ৰবাসী সদৌ সাম্প্ৰদায়িক লোকৰ অভিমত লৈ এদিন দেওবাৰে ‘যাদুচাহা’ৰ টোলত এখন সাৰ্বজনিক মেল চপাব লাগে—সেয়ে হল। সেই মেলত নবীনবাবু আৰু মই দুয়ো ক্ৰমে বঙ্গালী আৰু অসমীয়াত দুটা গা তোলা বক্তৃতা দিলেহঁক। ফলিতাৰ্থত এই হলগৈ যে যিমান সোনকালে পৰা যায় কহিমা টাউনত ‘কহিমা সাহিত্য সভা নামেৰে এখন সাৰ্বজনিক সাহিত্য সভা প্ৰতিষ্ঠিত হব লাগে। তদৰ্থে তেতিয়াই উপস্থিত জনমণ্ডলীৰ প্ৰতিশ্ৰুতিৰে সৈতে ১৫০০ ডেৰহাজাৰ টকাৰ বৰঙণী চহীত উঠিল। তাকে আগত লৈ, তাৰ লগতে আৰু ডেৰহাজাৰমান টকাৰ বৰণি তুলি, তাৰে দুহেজাৰমান টকা ভাঙ্গি এটা সাহিত্য সভাঘৰ সজাবলৈ আৰু সদ্যহতে এহেজাৰমান টকা মূল্যৰ নানা ভাষাত লিখিত হবেক বিধৰ কিতাপ-পুথি সংগ্ৰহ কৰি এটি চহকী পুথিভঁৰাল (library) পাতিবলৈ স্থিৰ হল। মোৰ প্ৰস্তাব আৰু সৰ্বসম্মতিক্ৰমে সেই সাহিত্যানুৰাগী নবীনচন্দ্ৰ ভট্টাচাৰ্য মহাশয়ক সেই সাহিত্য-সভাৰ সভাপতি আক উপস্থিত সমজুৱাৰ সন্মিলিত উমৈহতীয়া প্ৰস্তাৱমতে মোক সম্পাদক আৰু পুথি-ভৰালী বা লাইব্ৰেৰীয়ান মনোনীত কৰা হয়। তাৰ পাচত যথাসময়ৰ ভিতৰত কেন্টনমেন্ট ফিল্ডৰ পছিমে আলিৰ কাষত এটি আহল-বহলকৈ ‘সাহিত্য-মন্দিৰ সজাই লৈ, আদি সভাৰ সিদ্ধান্ত অনুসৰি পুথিভঁৰাল বৰ টনকিয়াল হৈ উঠে। সেই চলতে মই ‘কহিমা অ, ভা, উ, সা, সভা আৰু ‘কহিমা সাহিত্য সভা’ দুয়োখন সভাৰ সম্পাদকৰ বিষয়বাব ববলৈ পাই, অসমীয়া আৰু বঙ্গালী এই ঘাই আৰু কোবাল সমাজ দ্বয়ক একেগছি সাহিত্য-সূত্ৰেৰে বান্ধি সাহিত্য চৰ্চাত একেটা কৰি, মই কৃষ্ণদেৱৰ কৃপাত সেই মেলখাই অহা শত্ৰুমুখ সিমানতে জাপ খুৱাই থলো। সি আজি আঢ়ৈকুৰি বছৰৰ অৰ্ধ- শতাব্দীৰ আগৰ কথা। তাৰপাচত তাৰ অস্তিত্ব আছিলনে নাই, কি আছিল যদি কি অৱস্থাত ছিল মই ভালেমান বছৰ তাৰ সম্ভেদ পোৱা নাছিলো; পিচে ৪৯২ শঙ্কৰাৰ ১৭ মাঘ (খ্ৰঃ ১৯৪০-৪১ চন) বৃহস্পতিবাৰে গুৱাহাটীৰ ‘এ, এফ, এল, ক্লাব’ৰ (Assamese Student's Literary Club) সৌজন্যত মোৰ সাহিত্যিক জীৱন সুমৰণ উপলক্ষে অনুষ্ঠিত ‘সোণালী পদ্ম জয়ন্তী উৎসৱৰ দিনা (পাচেকৈ যথাঠাইত ইয়াৰ বহল বিবৃতি দিয়া হব) শ্ৰমান
পৃষ্ঠা:Mor Sowarani.djvu/৭৫
অৱয়ব