সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ মোৰ সেঁৱৰণী ছাতে বাগি দি সৰকিব পাৰিলেও তাকৰীয়াৰ মাজত গা নেদেখাকৈ সাৰিবলৈ টান। গতিকে পাচলৈ আত্মৰক্ষাৰ গুপুত উদ্দেশ্যে মই সাম্যভাব ধৰাটো মোৰ পক্ষে বাঞ্ছনীয় বোধ কৰিলো; আৰু সেই অৰ্থে যাতে “সাপো মৰে লাঠিও নাভাগে” এই বুদ্ধি কৌশলেৰে শত্ৰুক জিনিবলৈ মই চিন্তালোচনাত ধৰিলো। কহিলা সাহিত্য সভা—এনেতে এজন বিচক্ষণীয়া দেচোৱালী ব্ৰাহ্মণ কথক পণ্ডিত মণিপুৰেদি ঘূৰি আহি কহিমাত উপস্থিত হল। তেওঁ আহি পোনতে মাৰোৱাৰী সমাজৰ গাত গঢ়িল ললে। সেই সমাজৰ জৰিয়তে গোটেই টাউনতে জনাজাত হল যে পণ্ডিতজন এজন সুকথক। তেওঁৰ কথকতা সমজুৱাকৈ শুনিবৰ কাৰণে এটা সুদি কৰিবলৈ বুলি ‘যাদুচাহা'ৰ (ৰায়বাহাদুৰ যাদৱচন্দ্ৰ বৰুৱা চাহাব) ওচৰত খাটনি পৰিলহি; তেখেতে ঠাইতে সেই খাটনিৰ কাৰ্বভাৰ মোৰ গালৈ ঠেলি থলে। মই অসমীয়া, বঙ্গালী, মাৰোৱাৰী, দেচোৱালী, গখালী, মণিপুৰী এই কেইবিধ প্ৰবসু সমাজৰ মুখিয়াল লোকসকলৰ লগত কথাবাৰ্তা পাতি লৈ সুচলকৈ এঠাইত এসপ্তাহমান সেই কথকৰ কথকতা শুনাৰ যুগুত দিহা লগালো। প্ৰথমতে কথকতাৰ আসন ৰায়বাহাদুৰৰ টোলতে পাতিবলৈ প্ৰস্তাৱ উঠিছিল; কি মোৰ এফেৰি গুপ্ত উদ্দেশ্য সিদ্ধিৰ অৰ্থে মই কৌশল লগাই সেই আসন অসমীয়া সমাজৰ কেন্দ্ৰত নাপাতি বঙ্গালী সমাজৰ মাজত পতালে॥ গৰকাপ্তানী (P.w.D.) অফিচৰ পুৰ্ণবাবুৰ ঘৰত তাঁচ-পাশা খেলৰ আজ্ঞাত যথা আড়ম্বৰেৰে সৈতে কথকতা আৰম্ভ হল। কথকজন বাস্তৱতে এজন সুপণ্ডিত। তেওঁ পোনেই শ্ৰীকৃষ্ণ আদ্যলীলাৰ ব্যাখ্যা মেলোতেই তেওঁৰ কথকতাৰ আকৰ্ষণে টাউনৰ সকলো বিভাগীয় হিন্দু সমাজৰ সমজুৱাক চপাই আনি ঘবে নধৰা কৰিলে। সেই উৎসাহত একেৰাহে পূৰ। এসপ্তাহ সেই কথক পণ্ডিতে ভাগৱতৰ ঘাই ঘাই কেইবাটাও আধ্যাৰ ৰসাল ব্যাখ্যাৰে সৈতে শ্ৰোতাবৃন্দক মোহিত কৰিলে। মোৰ। এই কটুৰ অন্তৰতত সেই কথকতাই ভগবান শ্ৰীকৃষ্ণদেৱৰ অমৰ চৰিত্ৰৰ অঙ্কুৰ এটি পচাই দুপতীয়া কৰিলে। সদৌশেহত সাদিনৰ অন্তত অৰিহণা দি পণ্ডিতদেৱক বিদায়সম্ভাষণ জনাবলৈ স্থিৰ হয় , আৰু সেই উপলক্ষীয় সম্ভাষণ বক্তৃতা দিয়াৰ ভাৰ মোৰ মূৰত পৰে। মই সেই ছেগতে মোৰ গুপ্ত উদ্দেশ্য সিদ্ধিৰ অৰ্থে এটি উত্তম উপায় লাভ কৰিলো। সেইদিনা ভিতৰত মানুহ নধৰা হোৱাত ঠাইতে কেন্টনমেন্টৰ ৰিজাৰ্ভ বা আছুটীয়া চকাৰী চাপৰিলৈ (cantonment field) ওলাই সকললটি ঘাঁহনি মুকলি মজিয়াত বহি সভাখন পাতিলেহঁক। সেই জনমণ্ডলীক সম্বোধন কৰি মই সাৰ্বজনিক ভাবৰ দীঘলীয়া বক্তৃতা দিওঁ; সেই বক্তৃতাৰ মাজে মাজে ছেগ বুজি গমক দি মই চমুচমুকৈ আৰু উজুউজুকৈ সদৌ ভাৰতীয় ভাষাৱলীৰ উৎপত্তি, স্থিতি, বিস্তৃতি আৰু পৰস্পৰৰ ভিতৰত সাহিত্যিক সম্বন্ধ বিচাৰৰ ব্যাখ্যাৰে সৈতে মোৰ বক্তৃতাটো অলপ ৰকমলগা কৰি তুলিব পাৰিছিলো; কিয়নো মূলত তাৰ সৰল সাম্যভাবৰ ঐশ্বৰিক বলে বল দিছিল। সচাকৈ কবলৈ গলে, সেইদিনাৰ দৰে তন্ময় হৈ মই বক্তৃতা দিয়াৰ উদাহৰণ মোৰ সোঁৱৰণীত অতি বিৰল। যি হওক “মধুৰেন সমাপয়েৎ কৰি সন্ধিয়াপৰত সকলোট ঘৰাঘৰি হলেহঁক। পিচে পিচদিনা পুৱাতে গৈ . 1