সপ্তম সৰ্গ কেইবিধৰে আৰ্হি বা সাত উঠিছিল। মই গৈয়েই তাক মজলীয়া ইংৰাজী স্কুলৰ গঢ় লগাই ললোগৈ। স্কুলৰ ছাত্ৰবিলাকে বাৰে ভাষাৰে মনোভাব ব্যক্ত কৰিছিল; সেই কাৰণে সিহঁতক অসমীয়া, বালী, গখালী, হিন্দী, দেচোৱালী, নগা, মণিপুৰী এইবোৰৰ বাৰমিহলি এটা বিচিত্ৰ ভাষাৰ জৰিয়তে শিক্ষা দিব লগীয়া হৈছিল। সেই বিচিত্ৰতাই মোৰ চকুত বৰকৈ চমক লগালে। দেখিলো, সেই শিক্ষা-প্ৰণালী ক্ৰমাৎ শিক্ষকসকলৰৰ অভ্যাসত ফলিয়াবলৈ ধৰিছে; আৰু তাক সেইভাৱে এৰি দি থাকি বা শুধৰোৱাত পলম কৰি ডাঠ হবলৈ দিলে, পাচত সেই অভ্যাস শোধন কৰা টান হৈ উঠিবগৈ; সেই ভাবি মই অনতিপলমে অসমীয়া ভাৰ্নেকুলাৰ শিক্ষা দিয়াৰ বাব নিজে লৈ আন বিষয়বিলাক অন্যান্য শিক্ষকৰ মাজত উপযুক্ততানুসাৰে ভগাই দিলো, ঘাইকৈ নগা ল’ৰাবিলাকক পাৰ্যমানে নিভাজ অসমীয়াৰে শিক্ষা দিবলৈ মই মনপাৰি লাগিলো। ভৈয়ামৰ আটাইবোৰ স্কুলত তেতিয়ালৈকে অসমীয়া ভাৰ্নেকুলাৰ প্ৰচলিত হোৱা নাছিল। অসম উপত্যকা বিভাগৰ সৰহ ভাগ স্কুলত বিশেষকৈ টাউন স্কুলবোৰত পূৰ্ণমাত্ৰাৰে বঙ্গল ভাৰ্নেকুলাৰ চলিছিল। তেতিয়ালৈকে তাৰ বিৰুদ্ধে অহহাপুৰুষাৰ্থ কৰিও মনোবা সম্পূৰ্ণকৈ সিদ্ধি কৰিব নোৱাৰি মই মনে মনে সন্তাপ পাই আছিলো; এতিয়া নিজৰ এক্তিয়াৰত পোৱ স্কুলটিত মোৰ সেই বাঞ্ছা সুকলমে পুৰাবলৈ মই এটা ভাল ছেগ পালো। সেই উদ্দেশ্যে কহিমা মজলীয়া ইংৰাজী স্থূলত তেনেই তলৰপৰা নিচেই ওপৰলৈকে আটাইকেইও শ্ৰেণীতে ইংৰাজী সাহিত্যত বাজে আটাইবোৰ বিষয়ক পাঠ্যপুথি অসমীয়া কৰিবলৈ ধবি দেখো যে এটা বিষয়ত অসমীয়া পাঠ্যপুথি এখনো ওলোৱা নাই কাৰণে মোৰ সেই বাহা সিদ্ধি কৰিবলৈ সম্পূৰণ সমলৰ অভাৱ ঘটিছে। সেই বিষয়টো আছিল ভূগোল বিদ্যা। তেতিয়ালৈকে অসমীয়া ভাষাত কেৱে ভূগোল বিষয়ক পুথি প্ৰচাৰ কৰা নাছিল। গতিকে সেই অভাৱে হেঁচি ধৰি মোক বাধ্য কৰি সেই বিষয়ক পুথি প্ৰণয়ন কাম অনতিপলমে হাতত লোৱালে। সেই অৰ্থে মই ইংৰাজী ভূগোল কিতাপৰপৰা নোট বা টোকা ধৰি এহাতে ছাত্ৰক ভূগোল বিষয়ক শিক্ষা দিওঁ, আনহাতে তাক বহলাই এখন অসমীয়া ভূগোল কিতাপ লিখো। সেই অনুক্ৰমে মাহদিয়েকৰ মূৰত, মই “ভূগোল দৰ্পণ” নামেৰে এখন ভূগোল বিষয়ক অসমীয়া পাঠ্য পুথি যুগুত কৰি উলিয়াই বাছনিৰ নিমিত্তে “নগাঁও টেক্সট বুক কমিটি”-লৈ পঠিয়ালো। ভূগোল শিক্ষাৰ অসমীয়া পাঠ্যপুথি এইখনেই প্ৰথম। বৰ সন্তোষৰ কথা “ভূগোল দৰ্পণ” সোনকালে অসম উপত্যকাৰ স্কুল- পঢ়াশালিৰ পাঠ্যপুথিৰূপে পুথি-বছা কমিটিয়ে মঞ্জৰ কৰি পঠিয়ালে। ময়ো অনতিপলমে তাক কলিকতাত ছপা কৰাই আনি প্ৰচাৰ কৰিলো। বৰ উলাহ লগা কথা যে আৰু অলপদিনৰ পাচতে, আৰু দুখন ভূগোল কিতাপ অসমীয়া ভাষাত ছপা হৈ ওলাল; তাৰে এখন শ্ৰীযুত কণলাল বৰুৱাৰ “ভূগোল শিক্ষা আৰু এখন পাণীন্দ্ৰনাথ গগৈৰ “অসমীয়া ল'ৰাৰ ভূগোল।” এই দুখনো “অসম টেক্সট বুক কমিটিয়ে মঞ্জুৰ কৰাত দুয়োখন “ভূগোল দৰ্পণ ওপৰঞ্চিকৈ ঠায়ে ঠায়ে অসমীয়া পঢ়াশালিত প্ৰচলিত হল। তদুপৰি আৰু কিছুমান দিনৰ পাচত “ভূগোলাৰ” নামেৰে নৰেশ্বৰ শৰ্মা প্ৰণীত আৰু এখন ভূগোল বিষয়ক পাঠ্যপুথি
পৃষ্ঠা:Mor Sowarani.djvu/৭১
অৱয়ব