সপ্তম সৰ্গ। ৫৭ শ্ৰীযুত নীলকণ্ঠ গোহাঞিবৰুৱা, মোৰ সাহিত্যিক বন্ধু পাণীন্দ্ৰনাথ গগৈদেৱ আৰু মোক নথৈ উপকাৰ কৰিছিল। সেই মহা আপদীয়া আৰু আহুকলীয়া ভয়ঙ্কৰ বিদ্ৰোহেই সেই নীচুগাৰ্ড-কহিমা-মণিপুৰ-ৰোড নামেৰে গাড়ীবাটক বাটলগাই দি, মোৰ সোৱঁৰণীত প্ৰতিষ্ঠিত পুৰ্বৰ সুখ-দৃশ্যবোৰৰ চিন মাৰি, কৃত্ৰিম ৰচীয়া দৃশ্যাৱলীৰ অৱতাৰণা কৰিলে। সেই বাটে বাটেই গৰু গাড়ীত চৰি একেৰাহে তিনিদিন বাটকুৰি বাই গৈ গৈ কহিমা নগৰত প্ৰবেশ কৰিলোগৈ। সেইদিনাই আবেলি বেলিকা যাদৱচন্দ্ৰ বৰুৱা ৰায়বাহাদুৰৰ টোলত এখন চাহখোব। মেল পাতি টাউনবাসীয়ে মোক আদৰ-সম্ভাষণ জনায়। সেই মেলত ৰায়বাহাদুৰ যাদৱচন্দ্ৰ বৰুৱা, কেশবচন্দ্ৰ বৰুৱা চুপাৰিণটেনডেন্ট, গৌৰীনাথ গগৈ পুলিচ ইনস্পেক্টৰ, ইন্দ্ৰধৰ ৰাজখোব। খাজাঞ্চি প্ৰমুখ্যে কহিমা প্ৰবাসী অসমীয়া সকলোটিয়ে যোগ দিছিল। সিবিলাকৰ মাজত নবীনচন্দ্ৰ ভট্টাচাৰ্য পি-ডলিউ ডি একাউনটেন্ট, শৰৎচন্দ্ৰ সেন ডেপুটি কমিচনাৰৰ একাউনটেন্ট প্ৰমুখ্যে বঙ্গালী কেৰাণী ভদ্ৰলোক, গুৰ্খা ৰেজিমেণ্টৰ অৰ্জুন যায় চুবাদাৰ মেজৰ, জামালুদ্দিন আহমদ চুবাদাৰ, জনদিয়েক মাৰোৱাৰী ভদ্ৰলোক, ভালেমান নগা-দোভাষী উপস্থিত আছিল। কহিমা টাউনবাসীৰ সেই সমাদৰত মই পৰম পুলকিত হলো, মোৰ ক্ষুদ্ৰ জীৱনৰ সিও এটি মহৎ ক্ষণ, মোৰ জীৱনত ৰাইজৰ আশীৰ্বাদসূচক অভ্যৰ্থনা লাভ কৰা সেয়ে পোন-প্ৰথম। . কহিমা কাহিনী (ক) কহিমা ইংৰাজী স্কুলৰ হেডমাষ্টৰী-পিচদিনা ১১ বজাত বাবু ৰামেশ্বৰ সেন হেডমাষ্টৰৰপৰা স্কুলৰ চাৰ্জ চজি লৈ তেওঁ খালি কৰি দিয়া আসন গ্ৰহণ কৰিলো। সেই আসনত উপবিষ্ট হওঁতেই মোৰ পৰম পুজনীয় শিক্ষাগুৰদেৱ চন্দ্ৰমোহন গোস্বামী প্ৰভুলৈ স্মৰণ হল,—এদিন সেই আসন অলঙ্কৃত কৰি সেই গুদেৱে এই শিষ্যক শিক্ষাদান দিছিল। স্কুলৰ চাৰ্জ মোক গতাই দি ৰামেশ্বৰ বাবুৱে ‘হস্তমনেৰে মোৰপৰা এই বুলি বিদায় ললে, “আমি ত যা হওক তিন বৎসৰ পেন্সন খেয়ে চললাম, এখন কাজ কৰি গিয়ে , এখন আপনি পেন্সন খেতে আৰম্ভ কৰুন।” কথাষাৰে মোক বিষমকৈ বিন্ধিলে। মই ততালিকে বিনীত- ভাৱে এই কেইআষাৰ সমিধান দি থলো, “আপুনি পকি সৰিল। এই মাটিডোখৰ তিনিবছৰ ভোগদখল কৰি ফচল জন্মাব নোৱাৰি যায়গৈ এতিয়া, কিন্তু আপোনাৰ পুৰ্ববৰ্তী বুঢ়া ওজা চমোহন গোম্বামীয়ে দুবছৰীয়া ভোগদখলৰ কালতে, সম্প্ৰতি অনিশ্চিত হলেও, এই অকামিলা (মোৰ গালৈ দেখুৱাই) পুলি এটা গজাই থৈ গ'ল। সেই ওজাৰ ছাতৰ হওঁ যদি, প্ৰভুপাদ ময়ো সেই খোজৰ চিনে চিনে খোজ ধৰি শিক্ষাৰ কঠীয়া সিচি শস্য গজাই গুটি ধৰাম বুলিহে এই খেতত নামিছেহি , আশীৰ্বাদ কৰিব যেন অনতিপলমে মোৰ এই সংকল্প কাৰ্যত ফলিয়াই উঠে।” অসমত চাকৰি কৰি বুঢ়া হোৱা ৰামেশ্বৰ বাৰুৱে অসমীয়া কৰ নাজানিছিল বুলিও বেচকৈ বুজিছিল; মোৰ সমিধানৰ মৰ্ম বুজি তেওঁ চকুৰ হাঁহি সঙ্কেতেৰে মোৰ শলাগ গৈ স্কুলৰপৰা ভাবগধুৰভাবে ওলাই ধীৰে ধীৰে তেওঁৰ প্ৰবসুৱা বহুমুৱা হ'ল।
পৃষ্ঠা:Mor Sowarani.djvu/৬৯
অৱয়ব