সম সৰ্গ ঘৰতে ছমাহমান কটাইছে, এনেতে মই নগা-পৰ্বতৰ কহিমা গৱৰ্ণমেন্ট ইংৰাজী স্কুলৰ হেডমাষ্টৰৰ পদত অচিতে নিযুক্ত হওঁ। অচিতে বুলিছে এই বাবে যে, মই কলিকতাৰপৰা উলটি অহাৰ অলপ পাচতে মোৰ সেই কালৰ ঘাই হিতাশ অসম শিক্ষা- বিভাগৰ ডিৰেক্টৰ মিঃ জে, উইলচন চাহাবক জনাই থোৱ আছিল যে সেই সময়ত মই ঘৰতে আইন অধ্যয়নত লাগি থাকিম; সেই আপাহতে তেখেতে মোক আগধৰি নোসোধাকৈয়ে অভিভাবক হিচাপে মোলৈ সেই পদৰ মকবলী পত্ৰ এখন আপোন মনেৰে পঠিয়াই দিয়ে। সেই মকলী পত্ৰ পাই মই আনন্দত উলীকৃত হলো। খন্তেকলৈ মই মোৰ চিৰলগৰীয়া জাতীয় উন্নতি সাধনা বিষয়ক অনুষ্ঠানাদিলৈকে পাহৰাৰ নিচিনা হলো। মোৰ সেই আনন্দ কিন্তু আচলতে মই সেই হেডমাষ্টৰী পদটো পোৱাৰ বাবে নহয়, মোৰ মনমুগ্ধকৰ ঠাই নগা-পৰ্বতত গৈ মই পুনৰপি কিভাৱে থিত, লমগৈ সেই আনন্দময় কল্পনাতহে মোৰ মন উধাও হৈ উঠিছিল। কিয়নো, সেই কল্পনা সেয়ে নতুন নহয়। আগবাৰ কহিমা এৰি অহা দিন ধৰি সি মোৰ চিৰলগৰী হোৱাত, তাৰপৰা শাস্তি সুখ সততে মোৰ অন্তৰৰ পৰা নিজৰি নিজৰি বৈ আছিল। পিচে, এনেতে, সিটো শৈল শিলৰপৰা সেই পদানৰ সংবাদে আহি সেই সোতৰ লোৰত পথালি দি পৰি থকা পাহৰণৰ শিল চপৰা বগৰাই দিয়া মাকে সেই মোৰ পৰাণ-পমোৱা উলাহৰ সেঁাত আনন্দ লহৰীৰে সৈতে কলকৈ ভৈয়ামলৈ বাগৰি বৈ আহি মোক যেন ক'ৰবালৈ ঢৌৱাই লৈ গ'লহি।তেতিক্ষণে সেই সুগহীন নামবৰ হাবি, সেই তথ্যগ্ৰাহী ডিমাপুৰৰ হিড়িম্বানগৰ, সেই পৰ্বতপাদ নীচুগাৰ্ডৰ কুল কুল নিনাদিত ৰূপালী নৈখনি, সেই কহিমা পৰ্বতমালাৰ মাজে মাজে সৌন্দৰ্যসমলেৰে বুকুৰা দীঘলী ‘গুহাৱলী এইবোৰ সুখদৃশ্য এটিৰ পিচত আনটিকৈ মোৰ সোঁৱৰণী পটত ফটফটীয়াকৈ জিলিকি উঠিল, মোৰ মনে উত্ৰাৱলভাৱে নগা-পৰ্বতৰ টিজে টিতে ভ্ৰমিবলৈ ধৰিলে; স্বৰূপত সেই ক্ষন্তেকৰ নিমিত্তে মই আপোন-পাহৰা হৈ পৰিছিলো। কিন্তু পিচ মুহূৰ্ততে অকস্মাতে মোৰ মন আন এটা বিপৰীত ভাবৰ আঁকুহিত লাগি চাত কৰে মোকোটা খাই পৰিল; আৰু সেইক্ষণতে মোক সংকল্পিত ওকালতি পৰীক্ষা দিয়া ভাবে হেচি ধৰিলেহি। সেই দোষোৰ- মোৰত মোৰ মন উগুল-থুগুল ভাবত বিমোৰ হৈ পৰিল। এইভাবেই দিনদিয়েক পাৰ হ'ল। তাৰ পাচত মোৰ মনৰ কথা মোৰ গুৰুজন আৰু বন্ধু-বান্ধৱৰ আগত মই ব্যক্ত কৰিলে। তাৰ সমিপান মোৰ পিতৃদেৱতা প্ৰমুখ্যে মোৰ অভিভাবক আৰু অপৰ বন্ধু বান্ধবৰপৰা এই বুলি পালো যে গৱৰ্ণমেন্টে উপচি দিয়া সেই পোন-প্ৰথম বিষয়-বাবটো প্ৰত্যাখ্যান কৰা উচিত নহয়; বিশেষকৈ যি স্কুলৰপৰা মই এণ্টে পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ উচ্চ শিক্ষালৈ দুৱাৰ মুকলি পাইছিলো, সেই স্কুলৰ হেডমাষ্টৰী পোৱাটো মোৰ পক্ষে সৌভাগ্যৰহে বিষয়। তদুপৰি সিবিলাকে মোক এই বুলি বুজনি দিলে যে সেই পদ গ্ৰহণ কৰিলেও মোৰ ওকালতি পৰীক্ষা দিয়া লক্ষ্য ভ্ৰষ্ট হোৱাৰ ভয় নাই; কিয়নো শিক্ষকতাৰ কৰ্তব্যৰ লগতে অধ্যাপনালৈকো সুচল পোৱা যাব। ইত্যাদি বুজনিৰ সুৰত মোৰ মন ৰ লাগিল। তাৰ অলপ পাচতে পুনৰপি আনন্দত উধাও হৈ নগা-পৰ্বতৰ উদ্দেশ্যে মোৰ মনে পাখি কোটালিবলৈ ধৰিলে। .
পৃষ্ঠা:Mor Sowarani.djvu/৬৭
অৱয়ব