সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম সৰ্গ চাকৰীয়া জীৱনৰ আৰম্ভণ বাহিৰত ৰাজহুৱা সভা-সমিতি সংগঠনাদি জাতীয় অনুষ্ঠানত দেহ-মন লগাই উফৰি ফুৰিছিলো বুলিও ভিতৰি মই মোৰ সেই সাময়িক জীৱনৰ আচল কৰ্তব্যলৈ পাহৰা নাছিলো; মই ঘৰতে ছাত্ৰ হিচাপে ওকালতি পৰীক্ষাৰ নিমিত্তে সাজু হোৱাৰ অভিপ্ৰায়ে আইন- অধ্যাপনাত একাণপতীয়াকৈ লাগি আছিলো। তাৰ কাৰণে মোৰ সময় নিৰূপিত আছিল। ওপৰঞ্চি সময়খিনি মাথোন মোৰ দুৱলীয়া কৰ্তব্য পালনত নিয়োজিত হৈছিল; যেনে গুটি গুটি কবিতা ৰচনা কৰা, বাতৰি কাকত আৰু আলোচনী কাকতলৈ প্ৰবন্ধ লিখা, পঢ়াশলীয়া পাঠ্যপুথি প্ৰণয়নৰ অৰ্থে সমল সংগ্ৰহ কৰা, সভা-সমিতি আদিলৈ বক্তৃতাদিৰ চিন্তালোচনা কৰা, অসমীয়া ভাষাক “বঙ্গলাৰ অপভ্ৰংশ” বোলোতাবিলাকৰ উক্তি ওফৰাবলৈ যুক্তি জুকিয়াই লোৱা ইত্যাদি। সেই একে সময়তে মই সাহিত্যিক, সামাজিক আৰু ৰাজনৈতিক কাৰ্যালোচনাত সমানে মনোনিবেশ কৰি চলিছিলো। এই তিনি বিষয়ত সেই কালত মোৰ মনত এনেদৰে ৰাপ বহিছিল যে সেইবোৰ বিষয়ক চিন্তালোচনাই মোৰ ৰং ধেমালিৰ মাজেদিও সৰকিবলৈ সন্ধি পাইছিল। সেই প্ৰসঙ্গত সেইকালত অসমীয়া ৰাইজৰ নিৰ্জু প্ৰকৃতিয়ে মোৰ মনত আনন্দও বঢ়াইছিল, বিষাদো লগাইছিল; আনন্দ বাঢ়িছিল এইবাবে যে, সজবাট সৰলভাবে পোনাই দেখুৱালে অসমীয়া ৰাইজে আগ্ৰহেৰে সেইবাটে বাট লয় , বিষাদ লাগিছিল এইবাবে যে, বিদেশী আৰু আন প্ৰদেশী লোকৰ দমননীতিৰ সিবিলাক সহজ শৰণীয়া। বিশেষকৈ সেইকালৰ ৰঘুমলাসদৃশ বঙ্গালী প্ৰবাসীৰ সিবিলাক বৰ বশ আছিল; আনকি বৃটিছ ৰাজ- কৰ্মচাৰীতকৈও বঙ্গালী বিষয়ালৈ সিবিলাকে অধিক ভয় কৰিছিল। আজিকালি যেনেকৈ কিছুমান ভণ্ড দেশহিতৈষীয়ে বৃটিছ বিষয়াদিৰ আগত অৰ্থশূন্য হয়’ ‘হয়’ কৰি ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধি কবি, গুটীয়াকৈ টনকিয়াল হবলৈ উদ্দেশ্য ৰাখি চলে, তেতিয়া বঙ্গালী বিষয়াৰ ওচৰত সেইবিধৰ অসমীয়াই সেই আচৰণেৰে সেই উদ্দেশ্যলৈ লক্ষ্য ৰাখি চলিছিল; এনেকি বঙ্গালীৰ আগত “বঙ্গালী” বুলিবলৈকো অসমীয়াই অপৰাধ লগোৱা যেন জ্ঞান কৰিছিল। অসমীয়াই সমাজৰ তেনেকুৱা নিস্তেজ অৱস্থাত নিজৰ জাতীয় সাহিত্যৰ উন্নতিৰ চৰ্চা কৰে কেনেকৈ! সেই কাৰণেহে মই মোৰ শিৱসাগৰীয়া লগৰীয়া বান্ধবৰ্গৰে সৈতে লগ-লাগি অ. ভা, উ. সা. সভাৰ শাখা ভিন্ ভিন্ কেন্দ্ৰত বঢ়াবলৈ যত্ন কৰোতে কোনো কোনো অসমীয়া বৰমূৰীয়া মানুহৰপৰাও ইতিকিং সহিব লগাত পৰিছিলো! তথাপি, তেনেকুৱা জাতীয় দুৰৱস্থালৈকে আওকাণ কৰি মই উত্তৰ লক্ষীমপুৰত পুনৰপি থিতাপিত হোৱা সেই সময়ত মোৰ সাহিত্য চৰ্চা অবাৰিতভাবে চলাইছিলো, বিশেষকৈ মোৰ সুষোগ্য লগৰীয়া সাহিত্যিক পাণীন্দ্ৰনাথ গগৈদেৱৰ সহযোগিতাৰ বলত। আচলতে গগৈদেৱৰে সৈতে লগ লাগিলেই আমাৰ মাজত সাহিত্যচৰ্চা আপোনা-আপুনি আহি পৰেহি। পিচে সেইভাৱে মনৰ উলাহেৰে