মোৰ সেঁৱৰণী। অৰ্থে যত্নপৰ হবলৈ উতাই ফুৰিছিলো; আৰু সেই ছেগতে মোৰ শিৱসাগৰীয়া কাৰ্যৰ আৰ্হিৰে তেলাহী, বেতেৰী, কমলাবাৰী, চিনাতলী, চুটীয়াকাৰী, কদম বৰদলনি, ঘিলাম, ঢকুৱাখনা এইবিলাক মৌজাত ৰাইজক কানিৰ অপকাৰিতা বুজাই দি, কানীয়াৰ কানি পান কৰা অভ্যাস একবলৈ বাট দেখুৱাই খনচাৰেক ‘কানিনিবাৰিণী মেল’ পতাই দিলো। তাৰ পাচত টাউনত ‘উত্তৰ লক্ষীমপুৰ আহোম-সভা' নামেৰে এখন স্থায়ী সভা স্থাপন কৰাই পাণীন্দ্ৰনাথ গগৈদেৱক তাৰ নিগাজী সম্পাদকৰ বিষয়বাব দিয়ালে। সেই কাৰ্যত মই মোৰ পিতৃদেৱতা ঘিনাৰাম গোহাঞি বৰুৱা আৰু মোমাইদেউ কণনাথ গোহাঞি ফুকন ডাঙৰীয়া- বয়ৰপৰা বিশেষ সহায় পাইছিলো; কিয়নো সেই সময়ত ত’ত বিলাক দুজন ক্ৰমে জিলাত আক ঢকুৱাখনাত উত্তৰ লক্ষীমপুৰৰ প্ৰখ্যাত আৰু প্ৰতাপী মৌজাদাৰ আছিল; আৰু সেই লগতে মোৰ সেঁহতীয়া ফলস্বৰূপ লগৰীয়া কাৰ্যকাৰক পাণীন্দ্ৰনাথ গগৈদেৱৰ কাৰ্য- কুশলতাই মোৰ সেই কৰ্তব্য সাধনত নথৈ গুণ দিছিল। অ, আ, ই, সা, সভাৰ প্ৰতিষ্ঠা আপদে সম্পদ মাতে। মোৰ পিতৃদেৱতাৰ সেই টান নৰিয়াৰ আপদে যেন মোক চিলাই থাপ মাৰি উৰুৱাই নিয়াদি নি মোৰ জন্মভূমি উত্তৰ-লক্ষীমপুৰত জাতীয় কৰ্মক্ষেত্ৰতহে নমাই দিলেগৈ। তাত নামিয়েই পোনেই মোৰ আগব সহপাঠী, সহকৰ্মী, লগবীয়া সাহিত্যিক, বাল্যবন্ধু, অন্তৰতম কুটুম পাণীন্দ্ৰনাথ গগৈদেৱৰ সঙ্গলাভ হোৱাত মোৰ অন্তৰত আনন্দ-উলাহ নধৰা হল। সেই সঙ্গলাভে মোৰ আন্তৰিক সাহিত্যিক কামনা উজাৰ খুৱাই তুলিলে। সেই প্ৰসঙ্গতে আমি দুয়ো আমাৰ জাতীয় সাহিত্যৰ উন্নতি বিধায়ক চৰ্চালোচনাত লাগি গলোহঁক। পোন-প্ৰথমে আমাৰ সেই ভেটিস্বৰূপে, কলিকতাৰ অ, আ, উ, সা, সভাৰ (অসমীয়া ভাষাৰ উন্নতি-সাধিনী সভা) আৰ্হিৰেই উত্তৰ-লক্ষীমপুৰতত সেই নামেৰেই এখন অ, ভা, উ, সা, সভা প্ৰতিষ্ঠা কৰিলোহক। এই সভা পাতোতে উজু, কিন্তু পালোতে টান পালো, কাৰণ সেই কালত যথেষ্ট শিক্ষা বিস্তাৰৰ অভাৱ হেতু জনসাধাৰণে সাহিত্য সভাৰ মোল নাপাইছিল। আনকি এই সাহিত্য সভা প্ৰতিষ্ঠা কৰা প্ৰসঙ্গত গগৈদেৱ আৰু মই ইতিকিৰ কাণটিলিকি শুনিব আৰু সহিব লগাত পৰিছিলোইক , সি আজিকোপতি মোৰ সোঁৱৰণীত টিলিক- টিলিককৈ বাজিব লাগিছে। সি যি হওক, এই জাতীয় সাহিত্য-সভাখনি প্ৰতিষ্ঠা কৰি উঠি, মোৰ সুযোগ্য লগৰী সৰল সাহিত্যিক পাণীন্দ্ৰনাথ গগৈদেৱক তাৰ সম্পাদকীয় বিষয়বাব গতাই দি নিশ্চিন্ত হলো। তাৰ পাচত এই অ, ভা, উ, সা, সভাৰ জৰিয়তে আমাৰ জাতীয় সাহিত্যৰ উন্নতি কল্পে আমি কি কাৰ্য হাতত লোৱা উচিত, তাৰ আলোচনা হল; আক সেই আলোচনা একাদিক্ৰমে কেইবাটাও বৈঠকত উত্থাপিত হৈছিল। সদৌশেহত তাৰ মীমাংসাত এই প্ৰশ্ন উঠিল যে আমাৰ দেশৰ মজলীয়া আৰু ওখখাপৰ স্কুল-পঢ়াশালি- বোৰতো আমাৰ দেশী ভাষাৰ পাঠ্য পুথি নচলিব কিয়? সেই উদ্দেশ্যে আমি কি কৰা উচিত?
পৃষ্ঠা:Mor Sowarani.djvu/৬২
অৱয়ব