সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8b মোৰ সোৱলী পাতিলো; কেন্দ্ৰত ছেকা, আদহীয়া আৰু বুঢ়া-মেথা আহোমবৰ্গক গোটাই লৈ লাগতিয়াল বুজনি বক্তৃতা দি থৈ উলটি আহি, এদিন শিৱসাগৰ টাউনৰ ছোৱালী স্কুলঘৰত এখন ডাঙৰ আহোম সভা সেই সভাত আহোমৰ পুনৰুত্থানৰ অৰ্থে ভালেমান সজ পন্থা আঁচি দেখুৱাই এটি উতনি বক্তৃতাৰে সৈতে সমবেত জ্ঞাতিবৰ্গৰ সৰল সহযোগিতা লাভ কৰি সেইছেগতে “আহোম সভা” এখন সেই দিনাই প্ৰতিষ্ঠা কৰিলোহঁক। সেইখনেই পোন-প্ৰথম “আহোম সভা”; আৰু সিয়েই পাচত “অসম এগোচিয়েচনৰ আৰ্হিৰে তাৰ ছাঁতে আশ্ৰয় লৈ “আহোম এচেচিয়েচন” নামেৰে জিলিকি উঠে। সেই “আহোম এগোচিয়েচন” প্ৰতিষ্ঠাত আদিৰে পৰা মোৰ দু-অনীয়া সমৰ্থনৰ বল নিয়োজিত হ’ল; বাকী চৈধ্য অনীয় সহযোগিতা “অসম এচেচিয়েচন”ৰ লগত থাকিল। সেই আদি আহোম সভা ১৮১৫ শকত প্ৰতিষ্ঠিত হয়। সেই মূলৰপৰাই উদ্ভৱ হৈ আজিকালি নানান কেন্দ্ৰত ভালেমান আহোম-শাখা-সভা বা “ব্ৰাঞ্চ আহোম এচোচিয়েচন” স্থাপিত হৈছে। আৰু, সেই আদিৰপৰা মই ভিন্ ভিন্ কেন্দ্ৰীয়া আহোম এচোচিয়েচনবিলাকৰ জেনেৰেল চেক্ৰেটেৰীৰ বিষয়-বাব একেৰাহে যোৱা দুকুৰি বছৰ বৈ আহিছিলো; ইং ১৯৪১ চনৰপৰা মই “সদৌ অসম আহোম এচো- চিয়েচনৰ নিগাজী সভাপতিৰ বিষয়-বাব বহন কৰি আছে। উল্লিখিত পোন-প্ৰথম “আহোম সভাত” বক্তৃতা দি থাকোতেই অকস্মাৎ উত্তৰ-লক্ষীমপুৰৰপৰা বাতৰি আহি পৰিল যে, মোৰ পিতৃদেৱতাৰ বৰ টান নৰিয়া; আৰু সেই নৰিয়াপাটীৰপৰা তেখেতে মোক আৰু মোৰ অগ্ৰজ শ্ৰীযুত নীলকণ্ঠ ‘দদা’ক চাবলৈ ইচ্ছা কৰিছে। পোনেই সেই বাতৰিয়ে মোৰ উপস্থিত কৰ্তব্যক ঠেলি মোৰ মনত ঠাই লব নোৱাৰিছিল। কিন্তু সভাৰ কাৰ্ক সমাধা হৈ যোব। মাকে সেই বিষম বাতৰিয়ে মোক অথালি-পথালিকৈ খুচি-বিদ্ধি বিহ্বল কৰি পেলালে। মই ক্ষন্তেকমানো থিৰেৰে ৰব নোৱাৰি, অনতিপলমে এটা ঘোঁৰা যোগাৰ কৰি লৈ বাজে বাজে গৈ দিচাংমুখ ঘাট পালোগৈ। গৈ পাই দেখো যে মোৰ দদাই’ আগধৰি গৈ ঘাটত মোলৈ বাট চাই আছে। আমি আৰু সৰহপৰ ৰৈ থাকিব লগীয়া নহল, মই গৈ পোৱাৰ অলপ পাচতে ভটীয়াই অহা জাহাজ পালেহি। আমি দুয়ো লৰালৰিকৈ জাহাজত উঠিলোগৈহঁক। আমাৰ গাত পিন্ধা পোছাকত বাজে ওপৰঞ্চি কাপোৰ-কানি এড়োখৰৰ নাছিল, মাথোন দাৰ হাতত শুকান বুটমাহ বন্ধা গামোছা এখন ওপৰঞ্চি হৈ আছিল; ঠেঙ্গা-কোট পিন্ধা মোৰ গাত সিমানো নাই। সি যি হওক, পিচদিনা পুৱাতে আমি কঁকিলামুখ ঘাটত নামিলোগৈ। নামি, দেখি বিচুতি! ভৰ বাৰিষাৰ ভৰপুৰ ব্ৰহ্মপুত্ৰই গড়া ওপচাই ভীম গৰ্জনেৰে ঢৌ আফালি থাকিবাথৌকি লগাই প্ৰচণ্ড বেগেৰে বব লাগিছে। ঘাটৈয়ে দিনটোত কেনোমতেহে ত্ৰাহি ত্ৰাহিকৈ এভৰা সিপাৰ কৰে। আমাক এখন গুটীয়া নাৱত তুলি লৈ উজাই গৈ গৈ একেবাৰে শালমৰামুখৰ পোনধৰি ঘটৈয়ে খেও দিলেগৈ। সাগৰৰ মাজত এখন ক্ষুদ্ৰ আপনাওৰ সদৃশে আমাৰ টুলুঙা নাওখন অপাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ওপঙি গৈ গৈ সন্ধিয়াপৰত কমলাবাৰী ঘাটৰ চৰ্কাৰী জিৰণীয়া চাংবঙলাৰ গাত চাপিলেগৈ। ৰাতিটো আমি তাতে ঘোণ-ভোকে পৰি থাকিলে; মাথোন