পঞ্চম সৰ্গ। 80 কাৰণ।* ইতিক্ষশত ইফালে মই তেখেতৰ কথালৈকো কাণ দিছে, তাৰ লগে লগে পাচত আনি দেখুৱা অভিধানখনৰৰ পাত লুটিয়াইছে; আৰু দেখি মনে মনে ভক্তিযুক্ত হহি উঠিছিল যে, তেখেতে মুখেৰে কোৱা কথাখিনি ঠিক আখৰে আখৰে পঢ়াশলীয়া অভিধান পাতনিত লিখা পৰিছে। ইমানতে সন্ধিয়া চাপিল; তিনিঘটাৰ ওপৰ সময়ৰ সাক্ষাৎ মোৰ মানত তিনি মিনিটমানহে লাগিছিল যদিও, বিদায়ৰ ক্ষণ বুজি সিমানতে সোহাতে “হেমকোষত বাওঁহাতে “পঢ়াশলীয়া অভিধানত দুই পক। বুঢ়া সাহিত্যিক ঋষিৰ ওচৰত মূৰ দোৱাই বিদায় ললো। মোৰ লগৰীয়া খৰতকীয়া সদানন্দ বন্ধু বসন্তকুমাৰ গোৰ্মইদেৱে খলিপাক দি উঠি, সেই আধাপটা “বিয়া-পদ্ধতি” কিতাপখনি জেপত ভৰাই লৈ বিদায়লৈ উদ্যত হৈছে, এনেতে আমাৰ সাহিত্যিক মুনিয়ে দক্ষিণালৈ হাতপতাৰ দৰে হাতপাতি তেওঁক এই বুলি যাজ্ঞা কৰিলে, “কিতাপৰ বেছ ফেৰ।?” বন্ধুৱে সেমেনা-সেমেনিকৈ তেওঁৰ হাঁচটিৰ গাঁথিৰ পৰা টকা এটি উলিয়াই দেখুৱাই কলে, “এ, ভনীয়া নাই!” “দিয়া ভাই দিওঁ” বুলি ওজাদেৱে টকাটো হাতপাতি লৈ হাতনি পেৰা মেলিবলৈ ধৰি মোলৈ চাই কলে, “তুমিও জানো এখন নিকিনিবা?" মই গিৰিসাই উত্তৰ দিলো, “মোৰ হাতত বাট-খৰছাৰ ওপৰঞ্চি পইচা এটিও নাই!” “এই টকাটোৰ পৰা কাটি লওঁ, তুমি তেওঁক পাচত দিবাগৈ” বুলি তেখেতে গোৰ্সাইদেৱক সিকি এটা ওকলাই দি মোক বেগাবেগিকৈ সেই বিবাহ বিষয়ক ইংৰাজী কিতাপ এখনি আনি দি, এই বুলি মোখনী মাৰি থলে, “বেয়া নাপাবাহক, এইদৰে নেবেচিলে আমাৰ দেশত কিতাপ-পুথি বেচিবৰ আন উপায় নাই”। তাৰ পাচত, আমি দুয়ো সভক্তিৰে নমস্কাৰ কৰি ওজাদেৱৰ ওচৰত বিদায় ললোহঁক। মোৰ হেমচন্দ্ৰ সাক্ষাৎ এয়ে প্ৰথম আৰু এয়ে শেহ। পোন প্ৰথম তথ্যসংগ্ৰহ সেই একেটা ওলোটা যাত্ৰাতে গুৱাহাটীৰপৰা আহি গোলাঘাটত সোমালে॥ তেতিয়া গোলাঘাটত মোৰ ভনী-জোৱাই চন্দ্ৰশেখৰ বৰুৱা এজন আমোলা আছিল। গোলাঘাটত ভুমুকি মৰাৰ মোৰ উদ্দেশ্য তিনটা—১) বহুদিনৰ মূৰত মোৰ চেনেহৰ ভৰ্নী-জোঁৱাইক দেখা পোৱা, (২) মোৰ প্ৰিয়তম বন্ধু কৃষ্ণ প্ৰসাদ দুৱৰাক পাকতে চাই যোৱা, (৩) চিৰিংফুকনৰ ঘৰলৈ গৈ যি পাওঁ বুৰঞ্জীমূলক তথ্য অনুসন্ধান কৰা। প্ৰথম দুটা উদ্দেশ্য মোৰ প্ৰবাসৰ প্ৰথম দিনাই সিদ্ধি হল। দ্বিতীয় দিনা তৃতীয় উদ্দেশ্য আগত লৈ ৮ মাইলমান দূৰৈত চিৰিংপথাৰ নামে গাঁৱত চিৰিংফুকনৰ ঘৰত আলহী সোমালোগৈ গৈ পাই, ক্ষন্তেকমান জিৰাই-শতই। উঠি, ঘৰৰ সেই সময়ৰ কৰ্তা চেমনীয়া ফুকনদেৱত মোৰ চিনাকি চমুকৈ দি লৈ, মোৰ উদ্দেশ্যৰ কথা ব্যক্ত কৰিলে। তেওঁ শুনামাত্ৰকে দ্বিৰুক্তি নকৰি ওপৰ-চাঙৰপৰা নমাই আনি, মোৰ আগত সৰু চালপীৰা এখন পাতি, দুখন ডাঙৰ-দীঘল পুথি বলেহি। মই আগ্ৰহেৰে পুথি দুখন মেলি চালো। প্ৰথমখনি মেলি চাওঁতেই মোক শোকে খুন্দা মাৰি ধৰিলে, কিম্বনোমই আহোম আখৰত কণা! অকল কণাই নহয়, অ! বিতীয়খনৰ পাতদিয়ে লুটিয়াই-
পৃষ্ঠা:Mor Sowarani.djvu/৫৫
অৱয়ব