সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম সৰ্গ অনিন্দৰাম বৰুৱায়ো সেই কাল পোৱাগৈ হলে, তাক নকৰিলেহেঁতেন বুলি নো কোনে কৰ এতিয়া? সেলেবুথ, মণ ঈশ্বৰ প্ৰেৰিত ধৰ্মত, বিলাতী মুক্তি ফৌজৰ (Salvation Army) ঘাই সেনাপতি (General) জেনেৰেল বুথৰ চিনাকী দিয়া বা সেই জগদ্বিখ্যাত বিৰাট পুৰুষৰ অসাধাৰণ কাৰ্যকলাপৰ নিদৰ্শন দেখুৱা এই সংকীৰ্ণ “সোঁৱৰণী”ৰ লক্ষ্য নহয়; মাথোন, ভুৰুকাত হাতী ভৰোৱাৰ দৰে এই ক্ষুদ্ৰ জীবনৰ এচমকামান সেঁৱৰণীৰ মাজত সেই পৃথিবীব্যাপী মহাপুৰুষৰ বিৰাট কায়া কিৰূপে প্ৰবিষ্ট হ’লসেই বিষয়ে উনুকিওৱা হে উদ্দেশ্য। ১৮৯০ খ্ৰীষ্টিয়ান চনত জেনেৰেল বুথৰ পত্নী বিয়োগ হয়। সেই অৱধি তেওঁ একেবাৰে মুকলি- মূৰীয়া হৈ, তেওঁৰ প্ৰচাৰ কাৰ্যত পৰ্যটন কৰিবলৈ ওলায়। সেই চনৰ শেহছোৱাত জেনেৰেল বুথে ভাৰতবৰ্ষত পদাৰ্পণ কৰেহি। সেই যাত্ৰাতে তেওঁ কলিকতালৈ আহি বহুবজাৰ ষ্ট্ৰীটত থকা মুক্তিফৌজৰ বেৰাক বা আশ্ৰমত এসপ্তাহমান আছিল। সেই সপ্তাহটো বুথ-আগমন উপলক্ষত কলিকতা উলাহত উলীকৃত হৈ আছিল, বহুবজাৰ ষ্ট্ৰটৰ দুয়ো ‘ফুটপাথ’ত মানুহৰ মাজত বিৰ দি বাট পাবলৈ যে টানেই, যি দিনা যি টেদি তেওঁৰ ভ্ৰমণ-প্ৰগ্ৰেম ওলায়, সেইদিনা সেই স্ট্ৰীটৰ ফুটপাথেদি গতায়াত কৰা দুঃসাধ্য হৈছিল। তেতিয়া কিন্তু মোৰ বাউসিত অলপ অপৰিমিত বল পাইছিলো; তাতে মোৰ এই সৰুফুটীয়া সৰু কায়াটো এফেৰিমান সুৰুঙাৰ মাজেদিয়েই সৰকাই নিবলৈ সুচল পোৱা গৈছিল। সেইদেখি, আনবিলাক যাত্ৰীয়ে বাধ্য হৈ ট্ৰামত যোৱা দেখিও, মই সেই কেদিন দিনৌ বুথ দৰ্শনলৈ পদব্ৰজে গমন কৰে; মাজে মাজে মোৰ কোনো কেননা নিশকতীয়া বন্ধুজনকে মোৰ পিচে পিচে বাট ধৰাই দি উপকাৰ কৰি মই এফেৰি বাহাদুৰী লোৱাও মনত পৰে। সি যি হওক, দৰ্শনত লাভ হৈছিল কি?-সাক্ষাৎ ঈশ জ্যোতিৰ কৰুণ কিৰণ অনুভৱ। বাস্তৱতে, জেনেৰেল বুথ সেই অমৰ বাতি পুণ্য পোহৰৰ যেন এটি ফুটন্ত ফিৰিঙ্গতি; দৈববাণী সদৃশ তেওঁৰ মৌবৰষা বক্তৃতা শুনাওঁতে, তেওঁৰে সতে যাৰ ভাগত চাচিকুৰ এবাৰ মিলন ঘটিছিল তেওঁ নিজকে ধন্য মানিছিল, মোৰ নিচেই নগণ্য এই দুই চকুৱে সেই অভাৱনীয় দৃষ্টি দিনে একাধিকবাৰকৈ লাভ কৰিছিল; গতিকে, সেই কেদিন দিনৌ আগতকৈ মই এফেৰি অধিক ভাগ্যৱস্ত যেন বোধ কৰিছিলো। বক্তৃতা দি থাকোতে থাকোতে কেতিয়াবা যেতিয়া ঈশ-ভাবত তন্ময় হৈ, ঈশ্বৰ প্ৰেৰিত বুথ দেৱদূতে নিজৰ কৰঙণ নিজে চপৰিয়াই উদ্বাউল হৈ উঠে, তেতিয়া কোন ক’ত থাকে কব নোৱাৰে, মই হলে মোত নাথাকে! বক্তৃতাৰ সামৰণিত আপোন-পাহৰা হৈ আছুতীয়াকৈ বহি পৰে॥ সেইদৰেই সাদিনৰ পাচত, বুথ প্ৰত্যাগমনৰ বি-বিয়নি উঠিল। ভালেমান ভক্ত ভাইৰ মুখত বিষাদৰ ৰেখা বিৰিজি উঠিল। যি যি দ্বাটেদি বুথ প্ৰত্যাগমন নিৰূপিত হৈছিল, তাৰ দুয়োপাশে অসংখ্যাত দৰ্শকবৃন্দ চিত্ৰাৰ্পিত হৈ চাই থকাতে থাকিল, মুক্তি