৩৪ মোৰ সোৱণী। “ফুকন এণ্ড মজিন্দাৰ” কোং তাতে মাতি হল। চুক্তিৰ কথা শুনি ইফালে চুতি হেৰুৱাই মই সেই দায়িত্বৰ গধুৰ বোজাটো মূৰ পাতি লওঁতেই দো খাই পৰিলো। যি হওক, মৰে- জীওঁকৈ একাণগতীয়া মনোেযোগেৰে কৰ্তব্য সাধনত লাগি গলো। পোনতে দিনে এটাকৈ, পাচলৈ দিনে দুটা-ডেৰটাকৈ ফৰ্মা লিখি দি থাকো, সিফালে সেই অনুক্ৰমে ছপা হৈ গৈ থাকে। মই ফৰ্মাটো লিখি এতাবলৈহে পাওঁ, এজনে আহি নিলেহিয়েই, মই ওলটাই এশাৰী পঢ়ি চাবলৈকো ছেগ নাপাওঁ। সেই অনুক্ৰমে ঠিক ২১ দিনৰ দিনা মোৰ উপন্যাস লিখা শেষ হল, ২৩ দিনৰ দিনা আবেলি বেলিকা বা জিলেৰে বা “লাহৰী” এখন ‘ফুকন-মজিলাৰ এজেঞ্চিৰ মেনেজিং প্ৰপ্ৰাইটাৰ ফুকনদেৱে হৰিষচিতেৰে আনি মোৰ হাতত দিলেহি। পুথিখনি হাতত পৰা মাত্ৰকে মই চুমা এটি খাই বুকুত সাবটি ললো! তাৰ পাচত, ভালেখিনি পৰলৈকে মই ক'ত আছিলো, কি কৰিছিলো, কব নোৱাৰে, কিয়, আৰু কি ভাবত আছিলো, তাকো ফুটাই কব নাজানো, মাথোন সেই মাহেন্দ্ৰক্ষণৰ কথা সুমবিলে এই ক্ষুদ্ৰ প্ৰাণৰ এচমকা হিয়াত আনন্দে নধৰা হয়। সেই “লাহৰী”মেই অসমীয়া ভাষাত ছপা হৈ ওলোৱা পোন-প্ৰথম উপন্যাস। আগেয়ে অসমীয়া ভাষাত উপন্যাস পুথি বুলিবলৈ নাছিল; মাথোন মোৰ “ভানুমতী” “বিজুলীত আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ “পদ্মকুমাৰী” “জোনাকী”ত ছোৱা-ছোৱাকৈ প্ৰকাশিত হৈছিল। “লাহৰী” পোহৰলৈ ওলোৱা মাত্ৰকে কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰ সকলে ধপাথপিকৈ গায়পতি একোখনকৈ নগদ বেচ দি কিনিলে; আৰু সেই ধনৰেই কিতাপখনৰ ছপা-খৰচ আধা-আধিমান উচল হ'ল, বাকীখিনি প্ৰকাশক কোম্পানীয়ে উচল কৰিলে। এই “লাহৰীয়েই মোৰ জীৱনৰ পোন-প্ৰথম পুথি,-মোৰ সাহিত্যিক সম্ভাৰৰ লখিমী। কলিকতীয়া কাল সাং কৰি ঘৰলৈ উলটি আহোঁতে কাষলতি তলত লুকুৱাই অনা মোৰ সাহিত্যসঁচৰ টোপোলাটিত “লাহৰী” বিৰিঙ্গি জিলিকি আহিছিল।* •আৱান' ফাগুন, ১৮৫৩, ৩ বছ, এ সংখ্যা প্ৰকাশিত
পৃষ্ঠা:Mor Sowarani.djvu/৪৬
অৱয়ব