সন্তপঞ্চাশত্তম সৰ্গ ৩১ . মনোযোগ বিশেষকৈ আকৰণ কৰিছিল। অসমীয়া নেতৃত্বৰ্গৰ হৈ শ্ৰীযুত নবীনচন্দ্ৰ বৰদলৈ- দেৱেও চমুকৈ এটি সাৰুৱা বক্তৃতা দিছিল। বক্তৃতাৰ ছেদে ছেদে একে-একোটি জাতীয় সঙ্গীতেৰে সভাৰু মনোক জিৰণিৰ বিৰতি দিয়া হৈছিল। সন্ধিয়া ৭ মান বজাত বিতীয় দিনৰ কাৰ্যতালিকাৰ আলোচ্য বিষয় ঘোষণা কৰাৰ পাছত সিমানতে প্ৰথম দিনৰ বৈঠক কাৰ্যৰ সামৰণি মৰা হয়। পিচদিনা পুৱা বেলাটো বিষয়-বাছনি সমিতিৰ আলোচনাত পাৰ হয়। এই বৈঠক কাৰণে সুকীয়াকৈ এটা আচুতীয়া বহাত আসন পতা হৈছিল; তাৰ ভিতৰলৈ কাৰ্যনিৰ্বাহক সভাৰ সদস্যত বাজে আন বাজে লোকৰ প্ৰৱেশ নিষেধ আছিল, মাথোন কোনো কোনো বিশিষ্ট লোকে টিকিট লৈ সোমাব পাৰিছিল, সেই ব্যৱস্থাৰ অনুবৰ্তী হৈ ময়গা সোমালো। সোমাই দৰ্শক হিচাপে দেখিলো, প্ৰত্যেক প্ৰস্তাৱৰ প্ৰস্তাৱক, সমৰ্থক আৰু এজনৰ অনুমোদন অনুসৰি আলোচিত হ’ব লাগিছে। আলোচনা আগত লোৱাৰ পাছত তাৰ সপক্ষে আৰু বিপক্ষে মতামত প্ৰকাশ কৰি নিয়াৰিকৈ ফঁহিয়াই আলোচ্য বিষয়ৰ গুণাগুণ বিচাৰ কৰা হৈছে, সদৌ শেহত প্ৰস্তাৱ গ্ৰা আৰু অগ্ৰাহ কৰাৰ শেষ-সিদ্ধান্ত সভাপতিৰ মুখে ঘষণা কৰা নীতি চলিব লাগিছে; কিন্তু যদ্যপি সিদ্ধান্তাৱলী যথাৰীতি সভাপতিয়ে ঘোষণা কৰিছিল, প্ৰকৃতপক্ষে প্ৰত্যেক সিদ্ধান্ত মহাত্মা গান্ধীজীৰ অনুমোদন সাপেক্ষ হৈ ঘোষিত হৈছিল। বিষয়-বাছনি সমিতিৰ এই ৰীতি-নীতি মই আন্তৰিকতাৰে সৈতে লক্ষ্য কৰি মনে মনে বৰ সন্তোষ পাইছিলো। ভৰদুপৰীয়া ১২ বজাত বিষয়-বাছনি সমিতিৰ কাৰ্য সামৰি সদস্যসকল নিজ নিজ আলহী-বহামুখীয়া হল। ভাটাবেলা আবেলি ২ বজাৰপৰা ঘাই তাম্বু-ৰভাৰ তলত মুকলি বৈঠক বহিল। এই বৈঠকত, বিষয়-বাছনি সমিতিয়ে বাছি দিয়া প্ৰস্তাৱ বা ৰিজলিউনবিলাক এটা-এটাকৈ সমবেত ৰাইজৰ আগলৈ দাঙি ধৰা হয়; এই আলমত প্ৰস্তাৱক আৰু সমৰ্থকত বাজেও অপৰাপৰ সমজুৱাই নিজ নিজ অভিমত অবাৰিতভাৱে প্ৰকাশ কৰিবলৈ সুবিধা পাইছিল আৰু সদৌশেহত সৰহীয়াৰ যুক্তি প্ৰাধান্য অনুযায়ীকৈ প্ৰস্তাৱবোৰ গ্ৰাহ আৰু অগ্ৰাহ্ন হৈছিল। সমবেত সমজুৱাসকলক সুকীয়াকৈ বক্তৃতাৰ বাট লগাই দিয়াৰ উদ্দেশ্যে প্ৰত্যেক প্ৰস্তাৱৰ তালোচনাৰ আলমত প্ৰস্তাৱক আৰু সমৰ্থকৰ ওপৰঞ্চিকৈ ষাৰে মন যায় সেয়ে মনোভাৱ প্ৰকাশ কৰিবলৈ ছেগ পাইছিল। এই বিধানেৰে ধৰি নিৰ্ধাৰিত প্ৰস্তাৱাৱলীৰ সমালোচনা সন্ধিয়া সাত বজালৈকে চলিল, সিমানতো তাৰ সামৰণি নপৰাত আদিকা থকা প্ৰস্তাৱ গোটাচেৰেকৰ আলোচনা পিচদিনাৰ পুৱা বেলালৈ থৈ সিমানতে দ্বিতীয় দিনাৰ বৈঠক স্থগিত ৰখা হয়। পিচদিনা পুৱা ৮ বজাত মহাত্মা গান্ধীয়ে কংগ্ৰেছ-প্ৰদৰ্শনী টোলৰ দুৱাৰ মুকলি কৰে। সেই আলমতে মহাত্মাজীয়ে স্বদেশী গ্ৰহণ আৰু বিদেশী বন’ বিষয়ক এটি সাৰুৱা আৰু হৃদয়গ্ৰাহী বক্তৃতা দিছিল; শ্ৰোতাৰ্গে দুবৰি ঘাঁহনিত লেপেটাকাৰি বহি একান্ত মনেৰে নিছিল, তাৰ মাজতে ময়ো আছিলো। এই প্ৰসঙ্গতে মহাত্মা গান্ধীয়ে বিশদ বুজনি দিছিল,
পৃষ্ঠা:Mor Sowarani.djvu/৩৬৩
অৱয়ব