সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী থোৱ। নিৰ্ধাৰিত আসন গ্ৰহণ কৰিলেহি, আটাইতকৈ আগশাৰীত সম-মাজতে মহাত্মা গান্ধী আৰু তেখেতৰ সোফালে গড়মূৰীয়া সত্ৰাধিকাৰ গোস্বামী, বাওঁপাশে পণ্ডিত মদনমোহন মালব্য, দ্বিতীয় শাৰীত মিছেছ নেলী সেনগুপ্ত, তা সৰোজিনী নাইডু প্ৰমুখ্যে কেইগৰাকীমান মহিলা ডেলিগেট, তৃতীয় শাৰীত মিঃ মহম্মদ আলি, মৌলানা সৌথৎ আলি, জে. এম. সেনগুপ্ত, মিঃ হানিমান প্ৰভৃতি যথাক্ৰমে বহি যোত কংগ্ৰেছ মণ্ডপ জিলিকি উঠিল। প্ৰকাণ্ড তাৰভাৰ উত্তৰ (বেদী মণ্ডপৰ পিছতে) আৰু পশ্চিম পাতিত খাপি-ধাপিকৈ পতা সাত খপীয়া কমোচ্চ আউজা বেঞ্চ (gallery) দুলানীত ঠাহ খাই বহা অসংখ্যাত দৰ্শক মণ্ডলী নীৰৱে ভধা লাগি চাই খন্তেক থৰ লাগি ৰ'ল। ইয়াৰ আগতে ভিন ভিন প্ৰাদেশিক প্ৰতিনিধি ‘ডেলিগেট’বৰ্গে খাপ খাপিকৈ দৰাৰে খৰেৰে পতা নিৰূপিত আসনত উপবিষ্ট হৈ আছিলহি। মুঠতে, সেই প্ৰকাণ্ড তাম্বুৰভাৰ ভিতৰত অকণো ফাক নথকাকৈ লোকাৰণ্যৰ হৃদয়গ্ৰাহী গম্ভীৰ দৃশ্য এটি বিকশিত হৈছিল। তাৰ পাছত, সেই নীৰৱ গহীন ভেদি সমবেত ৰাইজৰ উৰুলীকৃত অন্তৰৰ আনন্দ উচ্চবৰ মাজত উলাহৰ থোজেৰে আগবাঢ়ি অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰীযুত তৰুণৰাম ফুকনদেৱে বক্তাৰ বেদীলৈ (ৰোষ্ট্ৰাম) উঠি তেওঁৰ সাৰুৱা আৰু সুশ্ৰাব্য অভিভাষণৰ পাঠ আৰম্ভ কৰিলেগৈ। মিঃ ফুকনৰ সুস্পষ্ট আৰু প্ৰসাৰিত কণ্ঠধ্বনিৰে পঠিত সুললিত অভিভাষণৰ পৰিবৃত্ত শ্ৰোতামণ্ডলীয়ে অনিমিলিত আঁখিৰে আৰু নিবিষ্টমনেৰে একাণপতীয়াকৈ শুনিবলৈ ধৰিলে। চমু অথচ বিশদ অভিভাষণৰ সৰল আৰু মৰ্মস্পৰ্শী ভালেমান কথাত শ্ৰোতাবৰ্গে বিমুগ্ধভাৱে পাঠৰ ছেদে ছেদে শলাগ সমৰ্থনৰ চাপৰি ধৰিছিল। অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ পাঠৰ সামৰণি পৰাত, শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ সৌজন্যত সজোৱা পৌৰাণিক ধৰণৰ গায়ন-বায়নৰ দল এটিয়ে তাল-খোল, মৃদং-পেপা-বাহী-মূৰুলী-মটাল-খুটাটাল-নেপুৰ আদিৰে ঐক্যতাল-মানেৰে বন্ধা সম্মিলিত সুশ্ৰাব্য বাদ্যেৰে এটি সুদীৰ্ঘ অসমীয়া গতি গাই মুখৰিত কৰাৰ পাছত, অভ্যৰ্থনা আৰু আদৰণী সভাৰ হৈ শ্ৰীশ্ৰীগড়মূৰীয়া সত্ৰাধিকাৰ গোস্বামী প্ৰভুৱে এটি মঙ্গলাচৰণ শ্লোক উচ্চাৰণেৰে মালা পিন্ধাই যথাবিধি বৰণ কৰাত শ্ৰীযুত শ্ৰীনিবাস আয়োৰ মহোদয়ে উপবিষ্ট আসন এৰি, সভাপতিৰ আসন গ্ৰহণ কৰি, সমবেত ৰাইজৰ উৰুলীত উলাহৰ উচ্চৰৱৰ আৱাহনত অৱগাহি তেওঁৰ সুদীৰ্ঘ আৰু সাৰুৱা অভিভাষণ গভীৰ স্বৰেৰে পাঠ কৰে। মিঃ আয়েঙ্গাৰৰ অভিভাষণ যথেষ্ট দীঘল হৈছিল, পিচে দীঘ চাই পুতল আৰু উঠন চাই পোতন নহ’ল যেন লাগিল; আগেয়ে শুনা মিঃ (পাছত ছাৰ) ফিচাহ মেহটা, বাবু (পাছত ছাৰ) সুৰেন্দ্ৰনাথ বানাজি, পণ্ডিত মদনমোহন মালব্য, মহাত্মা গান্ধী এইসকলৰ অভিভাষণৰ নিচিনা সুপ্ৰশস্ত আৰু সৰ্বমুখী যেন নালাগিল। তথাপি আয়েঙ্গাৰ সভাপতিৰ অভিভাষণ সময়োপযোগ হৈছিল। তাৰ পাছত, প্ৰথম দিনৰ কাৰ্যতালিকা অনুসৰি, এজন এজনকৈ কেইবাজনো বিশিষ্ট নেতা- নেত্ৰীয়ে নিজ নিজ মন্তব্য প্ৰকাশ কৰি কেইবাটিও ওলা বক্তৃতা দিছিল, তাৰ ভিতৰত মহাত্মা গান্ধী, পণ্ডিত মদনমোহন মালব্য আৰু শ্ৰীযুতা সৰোজিনী নাইডুৰ বক্তৃতাই সমবেত আইজৰ