৩৩২ মোৰ সেৱৰণী বি-এল নামক এজন কলিকতা হাইকোৰ্টৰ চলিচিটাৰক নিযুক্ত কৰি গোচৰটো ভয়নাৎ কৰিবলৈ লগাই দিলো। সেই অনুসৰি, ইং ২৯৭১৯২৭ চনৰপৰা এই সাংঘাতিক গোচৰ চলিবলৈ ধৰে। আৰম্ভণত গোচৰৰ গতিক ভালেই বুলিব লাগে। চলিচিটাৰে বৰ উলাহেৰে কাৰ্য হাতত লৈ, গোচৰ সংক্ৰান্ত কাকত-পত্ৰ চাই-চিন্তি মোলৈ লিখি পঠালে যে, এই গোচৰৰ ভেঁটি উতনুৱা, ইয়াৰ ওপৰত ঘৰ তুলিবলৈ নৌ পাওঁতেই তেওঁ তাক টিলিকিতে উৰুৱাই দিব; চলিচিটাৰৰ ফিজে সৈতে খৰচ মাথোন পাঁচশ টকামান পৰিব, সোনকালে পঠিয়াব লাগে। মই সেইমতে ততালিকে পাঁচশ টকা মণি অৰ্ডাৰকৈ পঠিয়াই সাম্প্ৰতিকভাৱে নিশ্চিন্ত হলো। সিপক্ষেও সিবিলাকৰ ব্ৰাহ্ম বন্ধু বাৰিষ্টাৰ এজনৰ দ্বাৰাই গোচৰ তয়নাৎ কৰাবলৈ ধৰিলে। এই আৰম্ভণিতে বছৰদিয়েক পাৰ হৈ গল, কিন্তু সিফালে গোচৰ ঋজু হৈয়েই মুঠে! মাজে-সময়ে মাথোন আমাৰ চলিচিটাৰে গোচৰ সংক্ৰান্ত তথ্য বিচাৰি চিঠি-পত্ৰ দিয়ে আৰু তাৰ লগে লগে ২০০/৩০০ কৈ টকা খুজি পঠিয়ায়! এইভাৱেই তিনি বছৰমানৰ ভিতৰত গোচৰ খৰচাদি বাবদ চলিচিটাৰলৈ মুঠতে ডেৰ হাজাৰমান টকা পঠিওৱা হল; আৰু চতুৰ্থ বছৰত গোচৰটো যথা নিয়মে দাখিল কৰা হৈ উঠিল। ধন ভগনৰ গতি-গোড়লৈ চাই আৰু ভবিষ্যতৰ ফলাফল ভাবি সিমানতে গোচৰটো মিটমাট কৰাৰ অভিপ্ৰায়ে তৃতীয় এক পক্ষৰ হতুৱাই সাম্য প্ৰেছৰ প্ৰপ্ৰাইটৰ বাবু কৃষ্ণকুমাৰ মিত্ৰলৈ ভিতৰ বিশ্বাসত লিখালিখি চলাই বুজিব পাৰিলো, তেওঁৰ সেই মত, ধাৰ্মিক দেশহিতৈষী ৩ মিত্ৰ মহাশয়েও, অনৰ্থক ধনভগনতকৈ মিটমাট হোৱাটোকে বাঞ্ছনীয় বোধ কৰি, আমাৰ হিচাপমতে দিবলগীয়া ১৫০০ শ টকাকে লৈ গোচৰটো উঠাই লবলৈ সম্মতি প্ৰকাশ কৰিছিল। এনেতে ভেকা মেনেজাৰ দুজনে তাৰ সম্ভেদ পাই মিটমাটৰ বিৰুদ্ধে মটমটীয়াকৈ থিয় দিলে; তাতে ধনলোভী কলিকতীয়া উকীল-বাৰিষ্টাৰ-চলিচিটাৰ দলৰ উচটনিৰ বতাহ পাই দুয়ো বুকুফিন্দাই ফেৰ পাতি ধৰিলে, আমি বুঢ়া গৰাকী বা প্ৰাইটৰ দুজনৰ সেই প্ৰস্তাৱ কেনিবা কৰবালৈ উৰি গল, গোচৰ পয়োভৰে চলি থাকিল। এইভাৱেই আৰু দুবছৰমান পাৰ হৈ গল, কিন্তু গোচৰৰ পাৰ দেখা নগল। গোচৰৰ গতি-গোত্ৰ ক্ৰমাৎ জটিলহে হবলৈ ধৰিলে। এনেতে, চলিচিটাৰৰপৰা বাতৰি আহিল, বোলে বাদীৰ লগত ইতিপুৰ্বত চলি থকা কাৰবাৰৰ আঁতিগুৰি আৰু লেন-দেনৰ সবিশেষ সম্ভেদ নাপালে বিবাদী পক্ষৰ জবানবন্দী’ আদি মছাবিদা কৰিব নোৱাৰি। গতিকে তদৰ্থে মোৰ উপস্থিতি প্ৰয়োজন। ইফালে ইতিক্ষণত মোৰ শাৰীৰিক সাংঘাতিক অৱস্থা। ইয়াৰ আগেয়ে যথা ঠাইত উনুকিয়াই অহা হৈছে যে সেই সময়ত ‘ডবল হাৰ্নিয়া ব্যাধিৰ বিকাৰত মই জঠৰপ্ৰায়; ডাক্তৰৰ মানাহি চেৰাই মই তেজপুৰৰ সীমা এৰি কলৈকো খোজ এটাকে বাজ হব নোৱাৰে। তদুপৰি, বাৰিষ্টাৰ নহলে বোলে জৰ আগত চলিচিটাৰে কোনো যুক্তি-তৰ্ক কৰিব নোৱাৰে; সেই কাৰণেই বাদীৰ পক্ষে আদিৰেপৰা গোচৰটো বাৰিষ্টাৰৰ দ্বাৰাই হয়নাৎ কৰাইছে; গতিকে আমাৰ তৰফৰপৰাও এজন বাৰিষ্টাৰ লগাৰ i
পৃষ্ঠা:Mor Sowarani.djvu/৩৫৪
অৱয়ব