সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষপঞ্চাশত্তম সৰ্গ হাইকোৰ্টত সাংঘাতিক গোছ ইয়াৰ আগতে ৫১শ সৰ্গৰ ২য় ছেদত, দ্বিতীয়া কন্যাদান আৰু দ্বিতীয় জোৱাই হৰিনাথ গগৈদেৱৰ অকাল-বিয়োগ বিষয়ক বিবৃতিৰ মাজতে কলিকতা হাইকোৰ্টত ‘সাম্য প্ৰেছৰ স্বত্বাধিকাৰী কৃষ্ণকুমাৰ মিত্ৰ মহাশয়ৰ নামে মোৰ ওপৰত কৰা সাংঘাতিক দেৱানী গোচৰৰ কথা উনুকিয়াই অহা গৈছে। তাতে সুমৰি অহা হৈছে, কি উদ্দেশ্যে কেনেভাৱে মোৰ সেই দ্বিতীয় ধৰ্মপুত্ৰ গগৈদেৱক মোৰ সাহিত্যিক আৰু অন্যান্য সাংসাৰিক সদৌ বিষয়ববীয়া উত্তৰাধিকাৰী পাতিবৰ সংকল্পে শিক্ষাত (training) অভ্যস্ত কৰাইছিলো। সেই আলমতে “লীলা এজেন্সী”ৰ মেনেজাৰী ক্ষমতাৰে সৈতে মোৰ সেই কিতাপৰ ব্যৱসায় চলাবলৈ সম্পূৰ্ণ এক্তিয়াৰ তেওঁত অৰ্পণ কৰা হৈছিল। সিফালে কলিকতাত সাম্য প্ৰেছ আৰু “সঞ্জীবনী” কাকতৰ প্ৰপ্ৰাইটৰ বা স্বত্বাধিকাৰী বৃদ্ধ কৃষ্ণকুমাৰ মিত্ৰ মহাশয়েও তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান বাবু সুকুমাৰ মিত্ৰ বি-এ, ডেকাৰ হাতত উক্ত প্ৰেছ আৰু কাকতৰ মেনেজাৰী বাব গতাই নি ব্যৱসায়ী কাৰ্যভাৰ পাতলাই লৈ বহিছিল। এই উভয়পক্ষীয়া ব্যৱস্থাত ইফালে “লীলা এজেন্সী” আৰু সিফালে “সাম্য প্ৰেছ” এই দুই ব্যৱসায়ৰ যাৱতীয় কাৰ্য উক্ত ডেকা মেনেজাৰ দুজন বাবু সুকুমাৰ মিত্ৰ বি-এ আৰু হৰিনাথ গগৈ বি. এলৰ দ্বাৰাই পৰিচালিত হৈছিল; দুয়ো প্ৰাইটৰ প্ৰতিনিধিৰূপে স্বাধীনভাৱে লিখালিখি কৰি নিজ নিজ ব্যৱসায় চম্ভালি চলিছিল। সেই সময়ত মোৰ “অসমৰ বুৰঞ্জী আৰু “জীৱনী সংগ্ৰহ” এই ডাঙৰ গ্ৰন্থ দুখন “লীলা এজেন্সীৰপৰা “সাম্য প্ৰেছত ছপোৱা হৈছিল। সেই প্ৰসঙ্গতে দেনা-পাওনাৰ হিচাপ ( আমাৰ মতে, আগধন বা এডভান্স বাদে প্ৰেছক মুঠেই ১৫০০, দিব লাগে; প্ৰেছৰ মতে ২০০০ পাব লাগে, মুঠতে ৫০০ টকাৰ গড়মিল) আৰু উক্ত গ্ৰন্থ দুখন ছপা কাৰ্যৰ বেমেজালি বিষয়ক মতানৈক্য ঘটি দুইৰৰ মাজত লিখালিখিৰ তৰ্কবাদ চলিবলৈ ধৰিলে। তলে-তলে সেই তৰ্ক-বাদ গুৰুতৰ হৈ উঠি সি বিবাদত পৰিণত হয়। লিখালিখিৰ অৰিয়া-অৰিত কেৰে কাকো বাট এৰি নিদিয়া হেতুকে সেই বিবাদ অনতিপলমে অগ্নিত প্ৰজ্বলিত হৈ উঠিল। আমি দুই বুঢ়াই কিন্তু তেতিয়ালৈকে তাৰ অলপপ সম্ভেদ পোৱা নাছিলোঁ। ডেকা মেনেজাৰ দুজনৰ মাজত মুখামুখি ছেড়ে শেষে হাতাহাতি হোৱাৰ উপক্ৰম ঘটিল। তাৰ পৰিণামত, এদিন putacituota "Krishna Kumar Mitra, versus, Padmanath Gohain Boaooah" বুলি এখন দেৱানী গোচৰৰ চমন কলিকতা হাইকোৰ্টৰ Original sideৰ জৰ ছাব-মোহৰে সৈতে হঠাৎ মোৰ ওপৰত জাৰি হলহি; চমন পাই মই বিচুৰ্তি! তাৰ পাছত, “মাজিউৰপৰা (হৰিনাথ) সেই বিষয়ক আদ্যোপান্ত সম্ভেদ লৈ, দিনদিয়ে দোৰ্ঘোৰ চিন্তালোচনাত মূৰ ঘমাই, শেহত আইন ব্যবসায়ী উকীলৰ লগত পৰামৰ্শ কৰি অনতিপলমে বাৰ অভয়নাথ দাস, 3