সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী সদৌশেহত, চাপিল বিদায় লোৱা-লুইৰ অতৃপ্ত আলিঙ্গনৰ ক্ষণ। গাৰ-নোম-নেদেখা সন্ধিয়া আৰু ৰাতিৰ সন্ধিক্ষণত আমি সদৌটি সানমিহলি হৈ ইটিয়ে সিটিয়ে সাটা-সাৱটিকৈ বিদায় লোৱা-লুই কৰিলেহঁক। নিচেই সামৰণি ক্ষণত সমনীয়া সাহিত্যিক বন্ধু বেজবৰুৱা আৰু মই দুয়ো সাৱটা-সাৱটিকৈ দুইকো দুয়ে প্ৰেমালিঙ্গন দিয়াদিয়িকৈ দুইৰ ওচৰত দুয়ে শেষ বিদায় লোৱা-লুইকৈ গধুৰ অন্তৰেৰে আঁতৰা-আঁতৰি হলেহঁক। পিচদিনা পুৱা ৮ মান বজাত মোৰ আলহী বহা-বঙলাত মোৰ অতি চেনেহৰ মাজিউ ভনী আইকণ আইদেউ আৰু সহোদৰপ্ৰতিম মাজিউ ভনী-জোঁৱাই সূৰ্যকান্ত বৰুৱা, বি-এ, ই-এ-চি, বৰমইনা’ৰপৰা বিদায় লৈ, জাহাজত উঠি তেজপুৰ অভিমুখে ওলটা-যাত্ৰা কৰিলো। বেজবৰুৱাৰ ওচৰত সচাকৈয়ে সেয়ে মোৰ শেষ বিদায় হল; তাৰ পাছত বাকী কুৰি বছৰৰ ভিতৰত তেওঁৰ লগত আৰু সোশৰীৰেৰে আমাৰ দেখাদেখি নহল। ইতিমধ্যত ডিব্ৰুগড়ৰ শ্ৰীমান ৰোহিণীকুমাৰ বৰুৱা বোপাৰ লগত শ্ৰীমতী ৰত্না আইদেউৰ বিয়া হৈ গল। সেই শেষ বিদায়ৰপৰা ঠিক কুৰি বছৰৰ পাছত ৰা-ৰোহিণী জী-জোৱাইৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱা বন্ধুপ্ৰবৰৰ জীৱৰ সামৰণ হোৱা বিজুলী-বাতৰি পাই থমৰ খাই এই কেইআষাৰ কবিতা-বাণীৰে সন্তপ্ত হৈ ৰলো : কান্দো-কালো মন-প্ৰাণ কান্দন ওলাই নাহে, শোকা উপচি পৰি চকুলো বাগৰি আহে! ঘনঘন নিশ্বাসত ভগাবুকু ভাগি যায়, দীঘলীয়া হুমুনিয়া,অৰ্থ তাৰ অন্ত নাই! মৰ্মস্থল মষিমূৰ কৰি কিহে অসাঠন, কৰে এনে বিচাটন পোৰা দেহ-প্ৰাণ-মন! নেদেখাত দেখি থকা প্ৰিয়তম লগৰীয়া, সহধৰ্মী, সহযোগী, সহকৰ্মী, সমনীয়া, তমুত্যাগ হল বুলি বিজুলী-বাতৰি আহে! অকলশৰীয়া ভেলা মোৰ বিষাদত ভাহে! নামানে যে মনে মোৰ নাহে প্ৰাণে পতিয়ন, খুহুটীয়া ৰসৰাজ স্বৰ্গী হোৱা বিজ্ঞাপন। ৰাজ-বেজ বৰুৱাক বধে কোনে,সাধ্য কাৰ? মৰিও অমৰ তেওঁ লেখনীৰে আপোনাৰ। ‘অসমীয়া ভাষা’ নাম আছেমানে জগতত, ‘কৃপাবৰ লক্ষ্মীনাথ অমৰ ই মৰতত।