মোৰ সোঁৱৰণী ! ভৰপুৰ, বিৰ, দি বাট পাবলৈ নাই; ভলস্টিয়াকেজনে মোৰ নাম লৈ অনুৰোধ কৰাত আমাৰ টানিমানি সোমাবলৈ সজি লগাই দিলে। ভিতৰ সোমোৱা মাত্ৰকে উপস্থিত ভদ্ৰমণ্ডলীয়ে গিৰ গিৰকৈ থিয় দি সমাদৰ জনোৱাত সমবেত ৰাইজক মই যোৰহাতে নমস্কাৰ কৰিলে। তাৰ পিচ মুহূৰ্ততে ওখ আসনৰপৰা হাঁহিমুখে থিয় দিয়া প্ৰিয়তম বন্ধু শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা সভাপতিদেৱক দেখামাত্ৰকে আজি কুৰি বছৰৰ মূৰত দেখাদেখি এইবুলি মই উত্ৰাৱলভাৱে চোচা লৈ তেওঁক সাৱট মাৰি ধৰিলোগৈ। তেৱো গৰ্গ চিতেৰে মোক আঁকোৱাল মাৰি ধৰিলে; সেই অৱস্থাতে দুয়ো হৰ্ষবিহ্বল হৈ ক্ষন্তেকমান থৰ লাগিলোহঁক, কঁহ পৰি জিম্ যোৱাৰ দৰে দণ্ডায়মান জনমণ্ডলীও নিজম পৰিল! সেই বৰ্ণনাতীত ক্ষণৰ বিবৃতি এতিয়া সোঁৱৰণীত আঁচিবলৈ উগুল-থুগুল ভাব আছে, কিন্তু ভাষা নাই, ভাবি নাপাওঁ! কিছুমান দিনৰ পাছত মাথোন, বাতৰি কাকতত (Times of Assam) সেই সাহিত্যিক সম্মিলনীৰ বিবৃতিৰ বুকত সেই ক্ষণটিৰ বিজুলী চমকীয়া আৰু মৰ্মস্পৰ্শী বাণীৰে বৰ্ণোৱা দুজন প্ৰবীণ সাহিত্যিকৰ (veteran literateur) মধুমিলন দৃশ্যৰ পুনৰাবৃত্তি পঢ়ি পৰম তৃপ্তি উপভোগ কৰিলে; কিন্তু সেই দৃশ্য আটোতাজন কোন কব নোৱাৰোঁ, সম্ভৱতঃ সেই কালৰ ডেকা সু-সাহিত্যিক শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীদেৱ হব পায়। পিচদিনা দুপৰীয়া ১২ বজাৰপৰা সম্মিলনীৰ ২য় দিনাৰ কাৰ্যাৰম্ভ হল। মই গৈ সভাপতি কাষতে মোৰ কাৰণে আচুতীয়াকৈ থোৱা আসন লোৱা মাত্ৰকে সভাৰ এজন কৰ্মচাৰীয়ে মোৰ আগত মেজত এজাপ কাকত-পত্ৰ থাপি গলহি; মই মেলি-তৰি চাই দেখো যে, তাৰ মাজত বিষয়-বাছনি সমিতিৰ অনুমোদিত প্ৰস্তাৱাৱলীৰ তালিকা এখন আৰ আগদিনা পাঠ কৰা সভাপতিৰ ছপা অভিভাষণ এখন; তালিকাভুক্ত প্ৰস্তাৱ সূচীৰ ভিতৰত মোৰ নামেও দুটা প্ৰস্তাৰ দাঙি ধৰাৰ বাব পৰিছে আৰু আগদিনা মই শুনিবলৈ নোপোৱা হেতুকে ছপা অভিভাষণখনি মোক দিয়া হৈছে। অভিভাষণ দেখি ৰং পালোঁ আৰু উপৰুৱাকৈ চকু ফুৰাই লৈ পাছত ভালকৈ পঢ়ি চাবলৈ বুলি সামৰি থলো। মোৰ ভাগত পৰা প্ৰস্তাৱ দুটা অলপ গধুৰ আৰু গুৰুতৰ, নভবা-নিচিন্তাকৈ তাৰ পাতনি মেলা টান; গতিকে ঢৌতে খৰ মাৰি সেই অলপ সময়ৰ ভিতৰতে তাৰ কাৰণে মনে মনে কথা জুকিয়াবলৈ ধৰিলো। ইফালে, সভাপতিৰ অনুজ্ঞা অনুসৰি মাজে মাজে গীত আবৃত্তি আদিৰে সৈতে সভাৰ অপৰাপৰ আলোচ্য বিষয়ক কাৰ্য চলিবলৈ ধৰিলে; তালিকাৰ ক্ৰম অনুসাৰে এটি-এটিকৈ সেইদিনাৰ কাৰ্যালোচনাৰ সমাধান হৈ উঠাৰ পাছত, সন্ধিয়া ৬ বজাত, ২য় দিনৰ বৈঠক ভঙ্গ কৰা হল। আমি দিহাদিহি সভামণ্ডপৰপৰা ওলাই যাবলৈ ধৰিছো, এজনে ব্যগ্ৰভাৱে কাষ চাপি মোৰ হাতত এখন ৰাজহুৱা সভাৰ জাননী কাকত বা নোটিচ দিলেহি; তাত এইবুলি লিখা আছিল, “আজি সন্ধিয়া। বজাৰপৰা ‘কাৰ্জন হল’ত সদৌ অসম সাহিত্যিক সম্মিলনীৰ সমবেত ‘ডেলিগেট’ বা প্ৰতিনিধিবৰ্গ আৰু সমূহ ৰাইজৰ সংপ্ৰীতি সভা বহিব; সভাপতি শ্ৰীযুত জ্ঞানদাভিৰাম বৰুৱা, বাৰ-এট-ল, আৰ্ল আইন কলেজৰ প্ৰিন্সিপাল। সৱাৱৰে উপস্থিতি সাদৰে আদান কৰা হৈছে।”
. .