চতুঃপঞ্চাশত্তম সৰ্গ ৩২৩ আমাৰ নিয়োজিত ঠাকুৰ পাণ্ডাসকলে যুগুত কৰা ভোজ-ভাত ভোজনৰ অৰ্থে সেই পুণ্যশৈলৰ ওপৰলৈ উঠি গৰ্লোহঁক। উঠি গৈ, পোনেই সেই প্ৰখ্যাত অশ্বক্ৰান্ত মন্দিৰৰ শৈলবাৰৰ সুপ্ৰশস্ত প্ৰকাণ্ড খটখটি দেখি আৰু আৰোহন কৰি বিমোহত হলো। আমি গুৱাহাটীৰপৰা আগধৰি পঠিয়াই থোৱা চাউল-দাইল, মাছ-মাংস, শাক-পাচলিৰে সৈতে ঠাকুৰ পাণ্ডাসকলে সুন্দৰকৈ ভোজ-ভাত ৰান্ধি যুগুতকৈ থৈছিল; আমি গৈয়েই হাত-মুখ ধুই ভোজনত বহিলো- গৈহঁক। সেই সুগম্ভীৰ মন্দিৰৰ সমুখীন সুদীৰ্ঘ মুখ চ’ৰাৰ নিমজ মজিয়াত দুশাৰী হৈ ভাগে ভাগে ভোজনত বহি গলোহঁক। সেই দুশাৰীত, বৰ্ণবিভাগ অনুসৰি, পুৰোহিতদেৱ প্ৰমুখ্যে ব্ৰাহ্মণ-সজ্জন, বৈষ্ণৱ ভকত-ভকতনী, সাধু-সাধক তাপসী আৰু আমি শ্ৰাদ্ধযাত্ৰীবৰ্গেৰে ডেৰ- কুৰিমান ভকত বহিছিলেহঁক। ভোজনান্তত পৰম পৰিতৃপ্ত হৈ সকবোটিয়ে বিদায় লোৱালুই কৰিলোহঁক। তাৰ পাছত, শুক্লা চতুৰ্গীৰ জোনাকত আকৌ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই আহি ৰাতি দহ বজাত ঘাটত নামি, পৰম শান্তিৰে শুই থাকিলোগৈ। মোৰ সোঁৱৰণীত ই এটি মহিমান্বিত মহাদিন। 1
পৃষ্ঠা:Mor Sowarani.djvu/৩৪৫
অৱয়ব