মোব সোঁৱৰণী সৈতে (পাছত কমলাকান্ত বৰুৱা, বি-এ, ই-এ-চি আৰু শ্ৰীমান যোগেশ্চন্দ্ৰ গোহাঞি বি-এ, এম-এল-এৰ ভাষা) অতীব সন্তপ্ত প্ৰাণেৰে তেজপুৰলৈ ওলটা যাত্ৰা কৰিলো।-এয়ে মোৰ সদৌ শেহতীয়া মাতৃ-চৰণ দৰ্শন! মাতৃ-বিমোগ—সেইবাৰৰ লক্ষীমপুৰ যাত্ৰাত উজাই যাওঁতে লগত লাগি যোৱা মোৰ গাৰ অৰ-বিষ-ব্যাধি-বিকাৰাদি উজনিতে এৰি উলটি তেজপুৰ পালোহি। যাত্ৰাকালত আধৰুৱাকৈ এৰি থৈ যোৱা অনৰেৰী মেজিষ্ট্ৰেট কোৰ্ট আৰু মিউনিচিপালিটীৰ চৰ্কাৰী কাম হাতত ললোহি। তদুপৰি, সেই সাময়িক বিবিধ গুৰুতৰ কাৰ্যত মনোনিবেশ কৰাৰ উপৰি কেইবাখনো ৰাজহুৱা সভা-সমিতি আৰু সম্মিলনীৰ লাগতিয়াল বৈঠকত সভাপতি হৈ, শিৱসাগৰ, নগাওঁ আৰু গুৱাহাটীলৈ যোৱা-অহা কৰিবলগীয়া হৈছিল; সেইবোৰৰ বিবৃতি পাছত যথা ঠাইত লিপিবদ্ধ কৰা যাব। ইতিমধ্যত, নৰীয়া গাৰেই ৰাজহুৱা কাৰ্যোপলক্ষত ইফালে-সিফালে ঘূৰি ফুৰোতে স্বাস্থ্যোপযোগী বায়ু-পানী সঘনে সলনি হোৱাৰ ফলত, মোৰ শাৰীৰিক ৰোগ-ব্যাধিৰ বিকাদিয়ে ক্ৰমাৎ শাম কাটি আহিবলৈ ধৰিলে। এইদৰেই দুবছৰমান পাৰ হল। কিন্তু, সিফালে আমাৰ ঘাই ঘৰত আইতাৰ আধৰাৱস্থা দিনক-দিনে আথৰতৰ হৈ গৈ একেবাৰে স্থবিৰ হৈ পৰিল। মই মাজে-সময়ে বাতৰি পাওঁ; আৰু সময় মতে তেখেতৰ শুশ্ৰুষাৰ্থে খৰচৰ ধন পঠিয়াই থাকে। সেই নিয়মে, নিচেই শেহৰবাৰৰ খৰচ পঠিৱাৰ লগতে আইতাই জাৰত পিন্ধিবলৈ বুলি গৰম বনিয়ন এটিও ডাকত পাৰ্ভূেলকৈ পঠোৱা এসপ্তাহমান হৈছে, এনেতে হঠাৎ এটা টেলিগ্ৰাম পালো যে, আইতাৰ বোলে টান, আৰু বাচিবৰ আশা নাই, মোক চাবলৈ বিচাৰিছে। সেই বিজুলী বাতৰি পাই মই অথিৰ হৈ পৰিলো। সেই সময়ত উজনিলৈ যোৱা জাহাজ তিনি-চাৰি দিনৰ আঁতৰিহে আহে। বামেদিও তেজপুৰৰপৰা লক্ষীমপুৰলৈ যোৱাটো সুগম নহয়, খোজকাঢ়ি বা গৰুৰ গাড়ীৰে গলেও তিনি-চাৰিদিন লাগে। গতিকে, কোনো বিধৰ উপায় বিধান কৰিব নোৱাৰি বিমোৰ হৈ অগত্যা জাহাজ অহালৈকে বাট চাব লগাত পৰিলে। ইতিমধ্যত নিতৌ পুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া টেলিগ্ৰাফ অফিচলৈ গৈ, “চিগনালৰ লগ” ব্যৱস্থাৰে কথাবাৰ্তা পতাৰ ছেগ ধৰাই লক্ষীমপুৰৰপৰা আইতাৰ অৱস্থাৰ বাতৰি সঘনে অনাই লবলৈ ধৰিলে; প্ৰত্যেকটো প্ৰত্যুত্তৰতে অৱস্থা ক্ৰমাৎ আশাহীনভাৱে পৰি যোৱাৰ সংবাদ পাই মই চাটিফুটিকৈ আছে, এনেতে ইং ১৯২৬ চনৰ ১৮। জানুৱাৰী তাৰিখে, পঞ্চমী তিথিত, শ্ৰীসৰস্বতী পুজাৰ দিনা, পুৱা দহ বজাত বিজুলী-বাতৰি পালো যে, মোৰ পৰম পুজনীয়া অতুলনীয়া চেনেহী আইতা আৰু এই সংসাৰত নাই; সেই পুণ্যাত্মাই পুণ্যতিথিৰ আপুৰুগীয়া ছেগ ধৰি, ৯৫ বছৰীয়া বয়সত স্বৰ্গপ্ৰয়াণ কৰিলে। মই বিফল মনোৰথ হৈ থৰমৰ খাই পৰিলো। এই বিয়োগত মই শোকবিহ্বল যদিও, নিয়তিৰ অখণ্ডনীয় নীতি খনেৰে মোৰ মাতৃদেৱীৰ জীৱনকাল আৰু দীঘলাই পাবলৈ বা কৰা নাছিলো, বৰঞ্চ আৰু অধিক আথৰ অৱস্থাৰ ক্লেশ ভূজিব লগীয়া হোৱাতকৈ সিমানতে অবিনশ্বৰ পুণ্যাত্মাই নশ্বৰ দেহ এৰি স্বগী হোৱাত সৌভাগ্য বুলিহে ভাবিবলগীয়া; কিন্তু মই পাহৰিব নোৱাৰা পৰিতাপ এইবাবেহে হে, অন্তিমত
পৃষ্ঠা:Mor Sowarani.djvu/৩৪২
অৱয়ব