মোৰ সেৱৰণী সমাপন কৰি, তৃতীয় ছোৱাৰ তিনিভাগ চম্ভালি লোৱাৰ পাছত এই এফেৰিমান এক- তৃতীয়াংশ বাকী পেলাই থোৱাটো যুগুত বিবেচনা নকৰো। এতেকে, মৰোজীকৈ হাতৰ কাম আগুৱাই নি, মোৰ সাধনাৰ সিদ্ধি সম্পূৰ্ণ কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ, এই প্ৰতিজ্ঞাৰপৰা মোক একোৱে বিচলিত কৰিব নোৱাৰে। হাতে-কামে লাগি থাকোতেই জীৱন অন্ত হওক তাকে মানো, কিন্তু জীৱন্ত অৱস্থাত ‘শ্ৰীকৃষ্ণ’ প্ৰণয়ন কাৰ্য অসম্পূৰ্ণকৈ এৰিবলৈ মনে নামানে। এই ভীষ্ম প্ৰতিজ্ঞাৰে মৰকামোৰ দি ধৰি, আৰু তিনিমহীয়া লেকা লগা উৎকটু পৰিশ্ৰমৰ ফলত শ্ৰীকৃষ্ণৰ অন্ত্যলীলা খণ্ডৰ ৰচনা সমাপন কৰি উঠি, আশাতীত সকাহ অনুভৱ কৰিলো, মোৰ মূৰৰপৰা গোৱৰ্ধন গিৰি যেন কৰ্তব্য বলে নোৱাৰা গধুৰ বোজাৰ পাচিটো নমাই আগত থৈ মহাভাগৰৰ নিশ্বাস সঘনে সলাবলৈ ধৰিলে। তাৰ পাছত, দুহতীয়া কাম এহতীয়াকৈ টুটাই ধৰি, আৰু তিনি মাহৰ মূৰত, বাকীছোৱাৰৰ ছপা কাৰ্য শেষ কৰাই উঠি, অন্ত্যলীলা পুথি খণ্ড পোহৰলৈ উলিয়াই লৈ অনুপম শান্তি উপভোগ কৰিবলৈ ধৰিলো, ‘শ্ৰীকৃষ্ণ’ প্ৰণয়নৰ সাধনাত যথাৱতকৈ সিদ্ধি লাভ কৰি এফেৰি নিশ্চিত হলো। সংকল্প সুমৰণ আৰু পৰিতাপ :-‘শ্ৰীকৃষ্ণ’ সম্পূৰ্ণ হল, কিন্তু মোৰ সংকল্প অসম্পূৰ্ণ হৈয়ে ৰল। আৰম্ভণতে মই সংকল্প লৈ ওলাইছিলো ‘শ্ৰীৰাম-চৰিত’, ‘শ্ৰীকৃষ্ণ-চৰিত’, ‘মহম্মদ-চৰিত, ‘বুদ্ধ-চৰিত', আৰু যীশু-চৰিত’ এই চাৰিখন চৰিতাৱলী প্ৰণয়ন কৰিম বুলি। কিন্তু অতি পৰিতা- পৰ বিষয়, ইমানতে মোৰ দৈহিক আৰু মানসিক শক্তিয়ে বল দিব নোৱাৰা হল, ‘শ্ৰীকৃষ্ণ ৰচনাই মোৰ স্বাস্থ্য মষিমূৰকৈ ভাঙিলে। গতিকে, সেই সংকল্প কাৰ্যত ফলিৱাবলৈ অপাৰগ হৈ, আন্তৰিক পৰিতাপৰ পোৰণিত মই আকৌ অথিৰ হৈ পৰিলো। মনে টানিলেও গাই নাটানে। শ্ৰীকৃষ্ণ ৰচনাত প্ৰাণৰ প্ৰেৰণাই যি অলঙ্ঘ্য বিঘিনি লঙ্ঘন কৰাই হাতে-কামে মোক আগুৱাই নিছিল, উপস্থিত স্বাস্থ্যৰ শিথিল ঠেলিবলৈ প্ৰেৰণাৰ সেই বল নোহোৱাত পৰিল। মূৰৰপৰা উল্লিখিত বোজাৰ পাচিটো নমাই লওঁতেই ভাগৰে-এলাহে হেচি ধৰি মোক বিবশ কৰি পেলালে। পুনঃ মূৰ দাঙিবলৈ পুনঃ পুনঃ প্ৰয়াস পায়ো বিফল হওঁ। এই ছেগতে, মোক আগতে আক্ৰমণ কৰা মেলেৰীয়া জৰে বিষমকৈ পীড়িবলৈ ধৰিলে। কামত লাগি থাকোতে যি অৰ জাপত সোমাই ৰৈছিল, কামৰ বিৰতিত সন্ধি পাই সেই জৰে নতুন কামলৈ বাট ভেটি ধৰিলে। তথাপি, দুকাজাৰ প্ৰেৰণাত মৰসাহ দি সংকল্পিত শ্ৰীৰাম-চৰিত ৰচনাৰ ৰামায়ণ আগত লৈ, তাৰ জকা আঁচিবলৈ ধৰিছিলো; কিন্তু অলৌকিকতাক লৌকিক কৰা মোৰ মুখ্য লক্ষ্যৰ আগত ‘দশমুণ্ড কুৰিহস্ত’ ৰাৱণৰ ভয়ঙ্কৰ মূৰ্তিৰ নিচিনা কিছুমান পৰ্বতাকাৰ প্ৰকাণ্ড প্ৰতিবন্ধক শিলে ভেটা দি ধৰিলে, যি শিল ভাঙি পিহি মহী কৰি লৈ কাপ তিয়াবলৈ কৃষ্ণ-চৰিত্ৰত প্ৰোথিত অলৌকিকতা-শিল ভঙাতকৈও টান যেন পাশে; উপস্থিত স্বাস্থ্য দুৰ্বলতাত সেই দুঃসাধ্য সাধনাত ধৰিবলৈ গা-মন আগুৱাব নোৱাৰাত পৰিল। গতিকে, অগত্যা সেই বাসনা সাম্প্ৰতিকভাৱে ত্যাগ কৰিবলগীয়া হৈ ৰাইজক জনাবলৈ বাধ্য হলো। সেই সাময়িক এক সংখ্যা বস্তি’ত এই সম্বন্ধে এটি মৰ্মস্পৰ্শী নিবেদন প্ৰচাৰ কৰিলো। তাত মোৰ শাৰীৰিক আৰু মানসিক শশাচনীয় অৱস্থাৰ বিষয়ক বিবৃতিৰে সৈতে মোৰ সংকল্পৰ বাকী
পৃষ্ঠা:Mor Sowarani.djvu/৩৩৮
অৱয়ব