মোৰ সোঁৱৰণী
থলাগি চাবলৈ ধৰিলোঁ, তেখেতেও আনন্দত উছলি অহা ছলছলীয়া চকুৰে মোৰ মুখলৈ চাই ৰ' লাগিল। অহ, সেইক্ষণত দুইৰৰ চাৰি চকুৰ মিলন! কি যে সুবিমল মিলন পৰু দেৱ দৃষ্টি! আজিকোপতি মোৰ সোঁৱৰণীত সেই অমিয় দৃষ্টি ফটফটীয়া হৈ ৰৈছে, জীৱন্তে ফটফটীয়া হৈ ৰ'ব, নমৰেমানে নাপাহৰোঁ! মৰাৰপৰা জীয়াই লৈ, চিভিল চাৰ্জন, এছিছটেণ্ট চাৰ্জন আৰু আনকেজন ডাক্তৰে সযতনে বেজে কৰি, মোক চিংকৈ শুৱাই থৈ, পৰবৰ্তী চিকিৎসা বিষয়ক আলোচনা কৰিবলৈ ধৰিলে। সদৌশেহত, ডাক্তৰ সুৰেন সেনক পৰীয়া থৈ, চিভিল চাৰ্জন আৰু আনকেজন ভাক্তৰ শেহ ৰাতিটোলৈ বুলি ঘৰঘৰি গল। যাবৰ বেলিকা কৰ্ণেল ৰিচিয়ে এইবুলি আদেশ উপদেশ দি গল, “ৰোগ ঠিক এই ভাজেই পৰি থাকিব লাগিব, ইটি-সিকাটি হবলৈ দিব নালাগে; আমি কাইলে পুৱাতে আকৌ চাপি যি হয় পৰবৰ্তী ব্যৱস্থাৰ দিহা কৰিমহিহঁক।” সেই অনুসাৰে, পিচদিন পুৱা ৮ বজাত ভাৰসকল চাপি আলোচনাত বহিল। সিবিলাকে অতি সাৱধানে বেজে মেলি চাই দেখিলে যে, কাপোৰৰ বেণ্ডেজে ৰখাব নোৱাৰিব, বহিলেই হাৰ্ণিয়া পুনঃ বাহিৰ হোৱাৰ ভয়; ‘ট্ৰাষ্ট নিপিন্ধালে নহব। গতিকে শ্ৰীমান ললিত ডাক্তৰে ততালিকে বজাৰ-দোকানত বিচাৰি গুটীয়া ট্ৰাষ্ট এটা কিনি আনিলেগৈ। সেই ট্ৰাষ্ট লগোৱাত দেখা গল যে, সি ভাল গুণ দিয়াৰ সম্ভাৱনা নাই; কিয়নো, একে লগতে সে-ফালেও কৰঙনৰ চুকত আৰু এটা হাৰ্ণিয়া উঠি অহাৰ চিন দেখা যায়, ইফালৰ হেঁচাত সিফালৰ হাৰ্ণিয়া ভোহৰি ওলোৱাৰ আশঙ্কা, অথচ স্থানীয় দোকানত যুৰীয়া ট্ৰাষ্ট পাবলৈকো নাই। গতিকে, চিভিল চাৰ্জনৰ সিদ্ধান্ত মতে, অনতিপলমে কলিকতাৰপৰা এটা যুৰীয়া অত্যুত্তম ট্ৰাষ্ট অনোৱাটো স্থিৰ হল; আৰু তদৰ্থে হাৰ্ণিয়াৰ ওপৰেদি নি কঁকালৰ ঘোৰ মেৰাই ঠিকঠাক মাপ-জোখ লৈ কৰ্ণেল ৰিচি চাহাবৰ দিহামতে ডাক্তৰ সুৰেন সেনে ডবল হাৰ্ণিয়া প্ৰতিবন্ধক এটা যুৰীয়া ট্ৰাইৰ কাৰণে তেতিয়াই টেলিগ্ৰাফিক অৰ্ডাৰ কলিকতীয়া কোম্পানী এটালৈ পঠিয়ালে। যাবৰ সময়ত চিভিল চাৰ্জন চাহাবে আদেশ দি গল যে, কলিকতাৰপৰা ট্ৰাষ্ট নাপায়হি মানে ৰগৰ position লৰচৰ হব নোৱাৰে, একে ভাজেই চিৎ হৈ পৰি থাকিব লাগিব। সেই আদেশ অনুসৰি যুৰীয়া ট্ৰাষ্টৰ প্ৰতীক্ষাত মই শোৱাপাটীতে পৰি থাকিবলগীয়া হল; মাথোন দিনে পুৱা ডাক্তৰ সুৰেন সেন আহি শৌচাচাৰাদি কৰাই দি বেণ্ডেজ পৰীক্ষা কৰি যাওঁতে অলপ- অচৰপ লৰচৰ হবলৈ পাওঁ। একেভাজে একেথৰে একেৰাহে বিছনাতে মই চিৎ হৈ পৰি থকা এপষৰ মূৰত কলিকতাৰ পৰা সেই যুৰীয়া ট্ৰাষ্ট ভিঃ পিঃ ডাকত তেজপুৰ পালেহি। ডাক্তৰ সুৰেন সেনে আমাৰ ঘৰৰ পৰা ৰেকুৰি টকা লৈ গৈ, পাৰ্কেল ডেলিভাৰি লৈ, চিভিল চাৰ্জন কৰ্ণেল ৰিচি চাহাবৰে সৈতে আহি দুয়ো ধৰি-মেলি অতি যতনেৰে বেজে মেলি আগৰ গুটীয়া ট্ৰাষ্ট গুচাই নতুন যুৰীয়া ট্ৰাষ্ট মোক পিন্ধাই দিলে। ট্ৰাষ্টটিয়ে ঠিকঠাককৈ যথা ঠাইত কাপখাই ধৰিলে। দেখি, ডাক্তৰ সকলৰ মনত ৰং আৰু মোৰ অন্তৰত সাহস সঞ্চাৰ হল। সদৌশেহত, ডাক্তৰসকল ঘৰাঘৰি হোৱাৰ আগতে চিভিল চাৰ্জন কৰ্ণেল ৰিচি চাহাবে এইবুলি টানি আদেশ দি গল,-“এই .