মোৰ সোঁৱৰণী থাকোতেই তাৰ আগছোৱাৰ ছপা কাৰ্যৰ প্ৰফ আহি পৰে; গতিকে একে সময়তে দুহাতে দুবিধ কামত ধৰাৰ নিচিনা হয়। যি হওক, সেইভাৱেই লিখা আৰু ছপা কাৰ্য দ্ৰুতগতিৰে চলাই নি, মধ্যলীলা খণ্ড লিখাৰ সামৰণি মাৰি উঠি, তাৰ ছপা কাৰ্য চাৰিভাগৰ তিনিভাগ চলাই নিছে, এনেতে ‘হাৰ্ণিয়া' নামে এটা নতুন ব্যাধিয়ে সাংঘাতিকৰূপে মোক পোকামাৰি ধৰাত সেই চলিত কাৰ্য হঠাতেই ৰহিত হবলগীয়া হল। নিয়া নৰিয়া ইং ১৯১৭ চনৰপৰাই তেজপুৰত মই অনৰেৰী মেজিষ্ট্ৰেট। সপ্তাহত দুদিনকৈ মোৰ আদালত বহে। শ্ৰীকৃষ্ণ প্ৰণয়নৰ কালত সেই মেজিষ্ট্ৰেটিৰ ১৪ চৈধ্য বছৰীয়া ভৰ-বয়স। ‘শ্ৰীকৃষ্ণ’ মধ্যলীলা খণ্ডৰ ৰচনা শেষ কৰি, তাৰ ছপা কাৰ্য শেষ কৰিবলৈ চাৰি ভাগৰ এভাগ মাথোন বাকী থাকোতে, ইং ১৯৩১ চনৰ ৪ মেই তাৰিখে, সোমবাৰে, কাছাৰিত দুটামান অঞ্জলীয়া শকত মোকৰ্দমাৰ সোধ সামৰি আবেলি ৪ মান বজাত ঘৰলৈ উলটি আহি থাকোতে বাটতে জেইল কম্পাউণ্ড পুব-দক্ষিণ কোণৰ কেকুৰি আলি খণ্ড ঘূৰোতে হঠাতে মোৰ তলপেটত এটা চিৰিকতিপৰা বিষ উঠি মোক অচল কৰি তললৈ ভিৰাই নিলে, মই খোজকাঢ়ি আগ বঢ়াহে নালাগে পোন্ হৈ ৰব নোৱাৰা হলো। বাটত অগা-পিচাকৈ কেও নাই। মই অকলশৰীয়াকৈ তাতে পৰি নগৈ টানি মানি কুঁজাকুঁজকৈ আৰু অলপ মাথোন দূৰৈত ঘৰ পাবলৈ বুলি ধাউতি মেলি আগুৱাইছে, এনেতে হোস কৰে পেটৰপৰা হাৰ্নিয়া নাড়ী-ভুক ওলাই অহাত অণ্ডকোষৰ মোন ফিদখাই পৰিল। মই ধুলি-কুলি দেখিলো। তথাপি, সেই অৱস্থাৰেই চুচৰি অহা দি আহি ঘৰ পাই হেলনীয়া বিশ্ৰামী মাচিয়াত ঢৰাই-মৰাই চিতখাই পৰি মূৰ্ছা যোৱাৰ নিচিনা হলো। ভিতৰৰপৰা আৰ্তৰাৱ কাঢ়ি ভাৰ্যা-পুত্ৰ-কন্যাদি সপৰিয়ালে আহি উৰিখাই পৰি ক্ৰন্দনৰ কোঢ়াল লগাই দিলে। চুবুৰীয়াও জনচেৰেক চাপিলহি। বস্তি’ প্ৰেছৰ প্ৰিণ্টাৰ মান ভদৰামে উধাতুৱাই গৈ টাউনৰ ডাক্তৰ আটাই- কেইজনক খবৰ দিলেগৈ। পোৱাঘণ্টামানৰ ভিতৰত ডাক্তৰ সুৰেন্দ্ৰনাথ সেন প্ৰমুখ্যে টাউনৰ ডাক্তৰ চাৰিজন উপস্থিত হলহি। সিবিলাকে মোক ডাংদোলাকৈ নি বিছনাত শুৱাই ললেগৈ। তাৰ পাছত, এজন এজনকৈ চাৰিওজনে হাতৰ মোহাৰণি আৰু হেঁচনিৰে হাৰ্নিয়া হেঁচি ভিতৰ সুমুৱাবলৈ পাৰ্বমানে যত্ন কৰি চালে, কিন্তু সকলো বিফল হল। টনি বিষত মোৰ প্ৰাণ যায় যায়! ডাক্তৰকেজন বিমোৰ। এনেতে কাছাৰিৰপৰা হাকিম, মুঞ্চিপ, উকীল, আমোলাসকল আহি ঘৰ ভৰি পৰিলহি। অপৰাপৰ লোকজন চাপি ‘পদ্মকুটীৰৰ টোল ভৰি পৰিলহি। মই মানুহ চিনিব নোৱাৰা হলো, মাথোন মোক বিছনাত বেৰি বহা মনোমোহন লাহিড়ী ৰায়বাহাদুৰ, বৰহাকিম মৌলবী ফুকন আলি খানবাহাদুৰ, আনন্দচন্দ্ৰ আগৰৱালা ৰায়বাহাদুৰ, শ্ৰীযুত ৰবীন্দ্ৰৰাম খাউণ্ড মুখিপ প্ৰমুখ্যে কেনমানৰ চিন্তাযুত মান মুখ মণিব পাৰিছিলো। তাৰ পাছত, মোক ক্লোৰফৰ্ম দি লৈ, ডাক্তৰ- কেনে আকৌ পাৰেমানে চেষ্টা কৰি চালে হাৰ্নিয়া হেচি মোহাৰি বহুৱাবলৈ, কিন্তু
পৃষ্ঠা:Mor Sowarani.djvu/৩৩০
অৱয়ব