মোৰ সেৱৰণী (monumental work)। আপোনাৰ শ্ৰীকৃত ‘পুতনা-বথ’, ‘কালীয়-গমন’, ‘গোবৰ্ধনধাৰণ আদি কৃষ্ণ কাহিনীৰ গাৰপৰা আপুনি যিদৰে অলৌকিকতাৰ অলঙ্কাৰ খহাই লৌকিকতাৰ সাজ-পাৰ পিন্ধাইছে, সেইদৰে সেই অসম সাহসিক কাৰ্যত হাত দিবলৈ অদ্যাপি কোনো ভাষাত আন কোনো সাহিত্যিক-শিল্পীয়ে সাহ কৰিব পৰা নাই, অথচ সেই কাৰ্যত আপুনি বিশিষ্টভাৱে সিদ্ধহস্ত হৈছে। আদ্যলীলাৰ দৰেই মধ্যলীলা আৰু অন্ত্যলীলা খণ্ডও সুগঠিত হৈ ওলোৱা দেখিবলৈ পাওঁ যেন, এই কামনা। জীয়াই থাকো যদি, আপুনি ইচ্ছা কৰিলে, সম্পূৰ্ণ ‘এ’ পদত মোৰ ভূমিকা এখন পাৰি দিবলৈ বাহা থাকিল। ইতি-হেমচন্দ্ৰ গোস্বামী।” গোৰ্মইদেৱৰ সৰল উদগনিসূচক সমিধান পাই পৰম পুলকিত হলো। আৰু ইয়াৰ পাছত শ্ৰীমান লক্ষ্মীধৰ শৰ্মা, মান ডিম্বেশ্বৰ নেওগ, শ্ৰীমান দণ্ডিনাথ কলিতা, শ্ৰীযুত (পাছত ৰায়বাহাদুৰ) দুৰ্গেশ্বৰ শৰ্মা, শ্ৰীমান (পাছত ৰায়বাহাদুৰ ডক্টৰ) সূৰ্যকুমাৰ ভূঞা, এইকেজন নবীন আৰু প্ৰবীণ সাহিত্যিকৰপৰাও মন্তব্য পোৱা গল; পুৰ্ববৰ্তী প্ৰবীণ সাহিত্যিক পণ্ডিত হেমচন্দ্ৰ গগাস্বামীদেৱৰ অভিমতেই সিবিলাকৰৰ অভিমত। ইমানকে সৰ্বসাধাৰণ জনমতৰ নিদৰ্শন বুলি মানি লৈ নিশ্চিন্ত হলো। কিন্তু, অতি হৃদয় বিদাৰক বিষয়, ‘শ্ৰীকৃষ্ণৰ ভূমিকা লিখাৰ আগেয়েই গোৰ্সইদেৱৰ জীবনী ভূমিকা লিখিবলগীয়া হল!! ‘কৃষ্ণ আদ্যলীলা খণ্ডৰ প্ৰতি নবীন আৰু প্ৰবীণ সাহিত্যিকসকলৰ আদৰ আৰু অনুকূল অভিমত লাভ কৰি পৰম উলাহিত আৰু উৎসাহিত হলো। সেই উৎসাহতে ভৰ দি পুথিখন অনতিপলমে ছপাই পোহৰলৈ উলিওৱা বিষয়ক চিন্তালোচনাত ধৰিলো। সেই অৰ্থে পোনেই চিন্তা কৰি চালে, ১৫ ১৬ ফৰ্মাৰ সেই পুথিখন ডাঠ এণ্টিক কাগজত সচিকৈ ছপোৱাত অনুমান কিমান খৰচ পৰিব। মহাবিদ হিচাপ আঁচি দেখিলো যে, ৰাইজৰ মনোৰককৈ নতুন নতুন চিত্ৰেৰে চিত্ৰিতকৈ ছপালে তাকৰকৈও হাজাৰ বাৰশ টকা লাগিব। পিচে, চিন্তা লাগিল, হঠাৎ সিমান টকা মই ক’ত পাম! এই নিচিনা বাজে পুথি (পঢ়াশালিত নচলা কিতাপ) এখন চথত ছপাই উলিয়াবলৈ দুখীয়া অসমীয়া সাহিত্যিক আৰ্থিক বল নাই। গতিকে, জাতীয় সাহিত্য হিতৈষী কোনো সদাশয় চহকী বা ধনীলোকৰ ওচৰত অৰ্থভিক্ষা নকৰিলে আন উপায় নাই। ইয়াকে ভাবি, পোন-প্ৰথমে সদৌ অসম সাহিত্য সভাৰ ওচৰত ভিক্ষাজলি পাতিলোঁ, যিহেতু সেই সময়ত অসম সাহিত্য-সভাই কেইবাখনো অসমীয়া নাটক, উপন্যাস আদি সভাৰ পুঁজিৰপৰা খৰচ কৰি ছপাই উলিয়াবলৈ কাম হাতত লৈছিল। সেই অৰ্থে, মই শ্ৰীকৃষ্ণ আদ্যলীলা পুখি-বহীখনি বুকুত বান্ধি লৈ, বহু দুখ- কষ্টেৰে যাত্ৰা কৰি নগাওঁ টাউনত ৰজনীকান্ত বৰদলৈদেৱৰ সভাপতিত্বত বহা অসম সাহিত্যিক সন্মিলনীৰ বৈঠকত উপস্থিত হলোগৈ। সেই বৈঠকৰ আলোচ্য বিষয়াৱলীৰ তালিকাত শ্ৰীকৃষ্ণ দুপোতা বিষয়ক আলোচনা ভুক্ত কৰাবলৈ নথৈ যত্ন কৰিলো, কিন্তু সেই অন্তঃসাৰশূন্য ফোপোলা বৈঠকৰ আলোচনা সোমাবলৈ সি বাট নাপালে। গতিকে বিফল মনোৰথ হৈ উলটি আহিব লগাত পৰিলো। সেই যাত্ৰাত, সেই নগঞা বৈঠত অপৰাপৰ বিষয়ে যা হোৱা দেখি হতাশ হব লগাত পৰিছিলো। আনকি, সেই
পৃষ্ঠা:Mor Sowarani.djvu/৩২৪
অৱয়ব