সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিপঞ্চাশত্তম সৰ্গ কোনো গুৰুতৰ ৰাজহুৱা বিষয়ৰ আলোমা কৰিবলৈ মোক লগ ধৰিব নোৱাৰাত পৰিছিল। সেই অনুক্ৰমে একাণপতীয়া মনোযোগেৰে অবিচলিত চিতেৰে লিখনীৰ গতি চলাই নি, পুৰা দুবছৰৰ মূৰত ১৮৫২ শকৰ শ্ৰীকৃষ্ণাষ্টমী মহাতিথিৰ তিথিৰ দিনা শ্ৰীকৃষ্ণ আদ্যলীলা’ খণ্ডৰ সামৰণি মাৰিৰ্সো। শ্ৰীকৃষ্ণ আদ্যলীলা খণ্ড লিখি উলিয়াই মোৰ মনত এটা অসাধ্য সাধন কৰা যেন লাগিল; আৰু সেই সাধনা সিদ্ধিজনিত পৰম বিশুদ্ধ সুখৰ অনুভৱে মোক দিনদহেমান হৰ্ষবিহবল কৰি পেলাইছিল। কিন্তু মনৰ সেই অৱস্থাক অতিচাৰকৈ প্ৰশ্ৰয় দিয়াটো অযুগুত জানি, অনতি- পলমে মই সেই হাতেলিখা পুথি লুটিয়াই চাই তাৰ সম্ভৱপৰ শুধৰণিত হাত দিলো। সেই শুধৰণি সমাধানত তিনিমাহমান লাগিল। তাৰ পাছত ভাবি চালো যে, এই নতুন ধৰণৰ পুথিখন পোহৰলৈ উলিওৱাৰ আগেয়ে তাৰ প্ৰতি জনমত আহ্বান কৰা উচিত; বিশেষতঃ এই পুথিৰ আলোচ্য বিষয় শ্ৰীকৃষ্ণ-চৰিত জগতৰ, বিশেষকৈ বৈষ্ণৱ জগতৰ উমৈহতীয়া সমল; ইয়াৰ প্ৰতি নানা পণ্ডিতে নানাভাৱে চায় আৰু ইয়াৰ ওপৰত নানা ঋষিৰ নানা মত। ময়য় গগাবৰ্ধন গিৰিত প্ৰক্ষিপ্ত একো একো চপৰা প্ৰকাণ্ড অলৌকিক পাথৰ ভাঙি গুৰি কৰি নিজৰ মনোমতকৈ পিহি মোৰ ধাৰণা অনুযায়ীকৈ লৌকিকতাত যিভাৱে পৰিণত কৰা হৈছে, তাত নিশ্চয় ভালেমান হীন-ডেঢ়ি ঘটাৰ সম্ভৱ। গতিকে পোহৰলৈ উলিওৱাৰ পাছত, সম্ভৱপৰ দোষাদোষৰ বাবে ৰাইজৰ গৰিহণা খাই হতাশ হোৱাতকৈ আগধৰি তাৰ ওপৰত সমালোচনাৰ বিচনীৰ বা দিয়াই লোৱাটো বাঞ্ছনীয় বোধ কৰিলো। সেই ভাবি, ভাৰ্থে মনে মনে সমালোচক বিচাৰিবলৈ ধৰিলে। ছপা পুথি হোৱা হলে, সেই সাময়িক আলোচনী আৰু বাতৰি কাক- তলৈ একোখন কিতাপ পঠিয়াই সেই উদ্দেশ্য সিদ্ধি কৰিব পৰা গলহেঁতেন; কিন্তু মোৰ বহু সাধনাৰ ফল সেই একেখন হাতে লিখা পুথি যাৰে তাৰে হাতলৈ পাৰ কৰাটো নিৰাপদ নেদেখিলো। এইভাৱে কিছুমান দিন গুণা-থা কৰি থকাৰ পাছত, মোৰ বিশ্বাসযোগ্য এজন সুযোগ্য সমালোচক বিচাৰি পালোগৈ, তেওঁ আন নহয়, মোৰ প্ৰিয়তম সমনীয়া সহযোগ প্ৰত্নতাত্ত্বিক সাহিত্যিক পণ্ডিতপ্ৰবৰ হেমচন্দ্ৰ গোস্বামী। মনত এই সিদ্ধান্ত উদয় হোৱা মাত্ৰকে ‘শ্ৰীকৃষ্ণ আদ্যলীলা খণ্ডৰ বহী বা পুথিখন হাতে লিখা অৱস্থাতে গুৱাহাটীলৈ ডাকত ৰেজিষ্টাৰীকৈ অনতিপলমে বন্ধুবৰ হেমচন্দ্ৰ গোস্বামীদেৱলৈ পঠিয়াই দিলো। গোৰ্মইদেৱে পুথি-বহীটো পোৱামাকে পৰম উলাহেৰে মোলৈ প্ৰাপ্তিস্বীকাৰ পত্ৰোত্তৰ দি, পুথিখন সমালোচনা চকুৰে চাবলৈ আৰম্ভ কৰিলে; একেৰাহে তিনিমাহমান সূক্ষ্মদৃষ্টিৰে মনপাৰি পঢ়ি চাই, এই চমু মন্তব্যটিৰে সৈতে তেওঁ বহীটি মোলৈ ডাকত ওলোটাই পঠিয়ালে,-“প্ৰিয়তম গগাহাঞিবৰুৱাদেৱ! আপোনা সিদ্ধ হাতেৰে লিখা ‘শ্ৰীকৃষ্ণ' গ্ৰন্থৰ আদ্যলীলা থও আহি মোৰ হাতত পৰা দিনাৰেপৰা আজি তিনিমাহে একেৰাহে মনপাৰি পঢ়ি চাই পৰম প্ৰীতি লাভ কৰিলো। পুথিখণ্ডৰ গুণাগুণৰ বিষয়ে হেঁপাহ পলুৱাই কবলৈ গলে সি বহত হয়; চমুকৈ কওঁ, আপোনাৰ দ্বাৰাই প্ৰণীত এই অফ’ বৈষ্ণব সাহিত্যত এখন নতুন ধৰণৰ পুথি, ই অসমীয়া সাহিত্য-লত অমূল্য সমল আৰু আপোনাৰ সাহিত্যিক জীৱনৰ ই এটি যুগমীয়া কীৰ্তি