সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপঞ্চাশত্তম সৰ্গ ২৯৭ নোৱাৰিবগৈ, যিহেতু মোৰ স্থাৱৰ ভূ-সম্পত্তি বাজে যুগমীয়া অৰ্থসঙ্গতি হৈছে সাহিত্য সমল; এই সমল চত্তালিবলৈ অন্ততঃ গ্ৰেজুৱেট হোৱাৰ বিশেষ প্ৰয়োজন। ইত্যাদি গুণাগ কৰি, 1 বছৰীয়া বয়সত শ্ৰীমান দেউতাকক ‘তেজপুৰ কাৰ মেমৰিয়েল’ পঢ়াশালিত নাম লগাই দিলো; একেলগে একেদিনাই মোৰ মৰমৰ মাউৰা নাতি-পোনা শ্ৰমান মাখটিকো সেই পঢ়াশালিতে ভৰ্তি কৰাই দিলো। ইয়াতকৈও আগ বয়সতে ৫ বছৰীয়ামানত পঢ়াশালিত শিক্ষা আৰম্ভ কৰাবৰ মন আছিল, কিন্তু শ্ৰীমান দেউতাকণ নিতান্ত অলা আৰু আল কাৰণে তাক ঘৰৰপৰা বাজলৈ ওলাবলৈ দিবলৈ মোৰ সত, নগৈছিল। ইমানতে টানি মানি পঢ়াশালিলৈ পঠিয়াই, নিতৌ আবেলি ঘৰৰ লগুৱাৰ যোগে দুয়োটিকে জা-জলপান খুৱাই পঢ়াশালি চুটী হোৱাৰ এঘণ্টামানৰ আগতে অনোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। এই প্ৰাইমেৰি পঢ়াশালিত তিনি বছৰ অকল অসমীয়া শিক্ষা সাঙ্গ কৰাই উঠি, শ্ৰীমান মাখনটি আৰু ক্ৰমান দেউতাকণক তেজপুৰ গৱৰ্ণমেন্ট হাইস্কুলৰ ৩য় মান শ্ৰেণীত (Class III) নাম লগাই দিলো। দুয়োটিয়ে স্কুলত চোকা বুদ্ধিৰ চিনাকি দিবলৈ ধৰিলে। বয়সৰ হিচাপে দুয়ো ১৯ বছৰীয়া বয়সৰ ভিতৰতে মেট্ৰিকুলেচন (আগৰ দিনৰ এন্টেফ) পৰীক্ষা পাৰ হৈ যাব লাগে। নাতিটি পুত্ৰটিতকৈ বয়সে ছমাহৰ ডাঙৰ। শ্ৰীমন মাখনটি সৰুৰেপৰা শাৰীৰিক সবল আৰু বৰ স্বাস্থ্যবান ল’ৰা; সি যোৱা বছৰত মেট্ৰিক পাছ কৰি গুৱাহাটী কটন কলেজত আই এছ চি শ্ৰেণীত পঢ়িছেগৈ। শ্ৰীমান দেউতাক এতিয়া মেট্ৰিক পৰীক্ষাৰ্থী (ইং ১৯৪৩ চন)। ইয়াৰ পাছত আৰু মোৰ সন্তান হোৱা নাই, নহবও।-শ্ৰমান হৰকৃষ্ণ মোৰ সদৌ নুমলীয়া সন্তান, একেটি পুত্ৰ।