সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিপঞ্চাশত্তম সৰ্গ পুত্ৰ সাত অপুত্ৰক মই। মোৰ ৫৫ বছৰ বয়সলৈকে পুত্ৰ লাভ নহল। ইতিমধ্যত মই ৭টি কন্যাৰ পিতৃ হলো। দ্বিতীয়াৰপৰা সপ্তমীলৈকে প্ৰত্যেকটি কন্যাৰ জন্মশত এটি পুত্ৰৰ জন্ম মই কামনা কৰিছিলো, কিন্তু সেই বা সিন্ধি নহল। সদৌ শেহত, হিন্দু সাধনাৰ নীতি অনুসৰি, সিদ্ধিদাতা ‘হৰ আৰু পালনকৰ্তা বিষ্ণু-কলা ‘শ্ৰীকৃষ্ণ আৰাধনা হৃদয় কৰি মই যোগস্থিত হলো,-গুতম প্ৰক্ৰিয়াৰে; লগে লগে গৰ্ভধান বিধানৰ এখন জ্যোতিষীয়া পুথি আওৰাই তাত লিপিবদ্ধ প্ৰক্ৰিয়া পালন কৰা অভ্যাসত ধৰিলো। সেই জ্যোতিষ শাস্ত্ৰ পুথিত লিপিবদ্ধ গৰ্ভধান নীতিৰ মূলসূত্ৰ এইকেইটা : (১) দ্বিতীয়, চতুৰ্থী, আৰু অষ্টমী তিথিত পুত্ৰ সন্তানৰ গৰ্ভধান সঞ্চাৰ হয়। (3) প্ৰীৰ ঋতুস্নানৰ চতুৰ্থ আৰু অষ্টমীৰ ৰাতি স্বামী সহবাসত পুত্ৰ-সন্তানৰ বীজ সংৰক্ষিত হয়। (৩) ঋতুনৰ পঞ্চমী, সপ্তমী আৰু নবমী ৰাতিৰ সমত কন্যা-সন্তানৰ গৰ্ভধান সঞ্চাৰ (৪) আগৰাতি বা ভাতঘুমতিৰ আগেয়ে হোৱা সমত সচৰাচৰ গৰ্ভধান নহয়; হলেও সু-সন্তান নহয়। (৫) সু-পুত্ৰ-সন্তান লাভৰ অৰ্থে সঙ্গমক্ষণত স্ত্ৰী-পুৰুষ উভয়েই পুত্ৰ-কামনাত একাগ্ৰচিতীয়া হব লাগে। উল্লিখিত সাধনাত যোগস্থিত আৰু শাস্ত্ৰোক্ত গৰ্ভধান নিয়ম পালনত অভ্যস্ত হোৱাৰ ফলত যথাসময়ত মোৰ এটি সুশ্ৰী আৰু সুলক্ষণীয়া অষ্টম গৰ্ভজাত পুত্ৰ-সন্তান লাভ হয়। পুত্ৰটিৰ জন্মতিথি, বাৰ, ক্ষণ আৰু তাৰিখ : পঞ্চমী তিথি, সোমবাৰ, সন্ধ্যাৰ পাছত সাড়ে আঠ বজাত, ২৩ আহাৰ, ১৮৪৬ শক, ইং ৭ জুলাই ১৯২৪ চন। সন্তান ভূমিস্থ হোৱা মাকে সন্তানৰ প্ৰথম ক্ৰন্দন ধ্বনিৰ লগে লগে পুত্ৰলাভ ঘোষণা ধাত্ৰীৰ শবদেৰে (মিঊইফ শ্ৰীযুতা কনকলতা ঘোষ ) শুনি মই আনন্দত গদগদ হলো আৰু পৰিয়ালৰ মাজত হৰ্ষাভিনয় হবলৈ ধৰিলে। পিচদিনাৰপৰা স্থানীয় আৰু নিলগৰ মিত্ৰ-কুটুম্ব বন্ধু-বান্ধৱাদিৰ সংপ্ৰীতি সহানুভূতিজ্ঞাপক শুভবাৰ্তা আহিবলৈ ধৰিলে। হৰ আৰু কৃষ্ণ আৰাধনাৰ ফললাভ ভাবত পুত্ৰটিৰ নাম “হৰকৃষ্ণনাথ” ৰখা হল; সোঁৱৰণী বা জন্মপত্ৰিকাত পণ্ডিত শ্ৰীযুত লক্ষ্মীকান্ত মিশ্ৰ ভাগৱতীদেৱৰ গণনা মতে ল’ৰাৰ নামকৰণ মান মুনীন্দ্ৰনাথ গোহাঞিবৰুৱা বুলি লিখিত হল; আৰু ল'ৰাটিৰ চলন্তা আদৱা নাম দেউতাক হল। মোৰ এই পুত্ৰলাভত আটাইতকৈ অধিক আনন্দ উপভোগ কৰিছিল মোৰ পৰম পুজনীয়া গধাত্ৰী মাতৃদেৱীয়ে; তেখেতে ভালেমান দিনৰপৰা মোৰ পুত্ৰলাভ কামনা কৰিছিল।