মোৰ সেৱৰণ গোটাদিয়েত গগৈদেৱক অত্যন্ত (trained) কৰিবলৈ মনস্থ কৰিলো। সেই উদ্দেশ্যে প্ৰথমতে মোৰ সাহিত্যিক সমল কিতাপৰ কাৰবাৰ (লীলা এজেঞ্চি) আৰু ছাপাখানা ( ‘বন্তি’প্ৰচাৰৰ কাৰ্য) এইকেইটা বিষয়ৰ চালনত মই তেওঁৰ সহযোগিতা লবলৈ ধৰিলো। সেই আলমতে গগৈদেৱে মোৰ সাহিত্যিক তথ্য সংগ্ৰহৰ টোপোলাবোৰ (literary records) তন্ন-তন্নকৈ বাছি নিজৰ আয়ত্তাধীন কৰি নিজৰ মনোমতকৈ তথ্য টোপোলাৰ আলমাৰিত চিলি কৰি সজাই লৈছিল। তদুপৰি কিতাপৰ দোকানৰ মেনেজাৰী আৰু প্ৰেছৰ কাম-কাজ চলিবলৈকো ধৰিলে। বিশেষকৈ লীলা এজেঞ্চিৰ (কিতাপৰ কাৰবাৰী দোকান) মেনেজাৰৰ বিষয়-বাব লৈ তৎসম্পকীয় যাৱতীয় কাৰ্য-পৰিচালনা কৰিবলৈ একাণপতীয়াকৈ লাগি গল; এই আলমতে কলিকতাত মোৰ কিতাপ আদি ছপোৱা “সাম্য- প্ৰেছৰ লগত বিবাদ লাগি উঠাত “সাম্য-প্ৰেছৰ গৰাকীয়ে কলিতা হাইকোৰ্টত মোৰ ওপৰত এটা দেৱানী গোচৰ দাখিল কৰি মোক কেইবাবছৰলৈকে কেনেকৈ এলাকলা কৰি অভাবনীয় আহুকালত পেলাইছিল, সেই বিষয়ে যথা ঠাইত সুকীয়াকৈ বিবৃতি দিয়া হব। ওপৰত উকিওৱা নিয়মে বছৰদিয়ে তেজপুৰত দক্ষতাৰে ওকালতি কৰাৰ পাছত, নিজৰ প্ৰাপ্তিৰ উন্নতি আৰু নগা জাতিৰ অনুৰোধ ৰক্ষাৰ অৰ্থে দ্বিতীয় জোৱাই প্ৰমান হৰিনাথ গগৈদেৱে এই ঘাই ঘৰতে পুত্ৰ-পৰিয়াল থৈ অস্থায়ীভাৱে নগাৱঁত ওকালতি কৰিবলৈ মনস্থ কৰিলে। এই বিষয়ত মোৰ অনুমতি বিচৰাত, মই তেওঁৰ সঙ্কল্পিত কাৰ্যৰ গতিৰ আগত থিয় নিদি, ততালিকে সম্মতি দিলো। সেই অনুসৰি, গগৈদেৱে নগাৱঁত বছৰদিয়ে ওকালতি কৰিছেগৈ, এনেতে সিফালে হাইকোৰ্টত “সাম্য প্ৰেছৰ মেনেজাৰে আমাৰ ওপৰত চলোৱা দেৱানী গোচৰটোৰ সম্পৰ্কত চলিচিটাৰ আৰু বাৰিষ্টাৰৰ লগত পৰামৰ্শ কৰিবলৈ তেওঁ কলিকতালৈ যাবলগীয়া হল। কিয়নো, সেই মাৰাত্মক আপদীয়া গোচৰটোৰ মূল “লীলা এজেঞ্চি”ৰ হিচাপৰ গোলমাল সম্বন্ধে সকলো লিখালিখি এজেঞ্চিৰ মেনেজাৰ হিচাবে তেওঁহে চলাইছিল। যি হওক, সেই অৰ্থে কলিকতালৈ গৈ তাত এপষমান থাকি, চলিচিটাৰ আৰু বাৰিষ্টাৰক গোচৰৰ ভিতৰুৱা কথা পৰিপাটিকৈ বুজাই দি, উলটি নগাওঁ পালেহি। কলিকতাৰপৰা উলটি অহাৰপৰা এপষমানৰ পাছত, গগৈদেৱে, সচৰাচৰ মাজে সময়ে ঘৰলৈ আহি থকাৰ নিয়মে, তেজপুৰলৈ আহি যাবলৈ স্থিৰ কৰিলে; এনেতে হঠাৎ তেওঁৰ তীপে অৰ উঠি অহাত সেইদিনা অহাটো স্থগিত ৰাখি জৰে অলপ শাম কাটিবলৈ বাট চালে। সেইভাৱে কেদিনমান পাৰ হল, কি আৰ একোপ ক্ৰমাৎ চৰিহে আহিল। ইতিমধ্যত মান উমাকান্ত গোহাঞিদেৱে ডাক্তৰৰ হতুৱাই চিকিৎসা কৰাবলৈ ধৰিলে। পাছত বুজা গল যে, ৰ সাধাৰণ নহয়, আই ওলোৱাৰ আগলি উপক্ৰমহে; ডাক্তনী ঔষধ পান কৰাত বিকাৰ বিপৰীত গতিৰে প্ৰকোপিত হৈ উঠিল। তেতিয়া মান উমা গগাহাঞিদেৱে মোলৈ টেলিগ্ৰাম কৰিলে। মই উপায়ান্তৰ হৈ ততালিকে ঘৰৰপৰা দুজন ডেকা ল'ৰাক সম্প্ৰতি আগধৰি পঠিয়াই দিলো, ভাল চিকিৎসাৰ কাৰণে গোহাঞিদেৱৰ নামে ডেৰকুৰি টকা টেলিগ্ৰাফিক মশি আৰ কৰি শ্ৰীমতী বুলু আইদেউক (গগৈদেৱৰ ভাৰ্য) লৈ
পৃষ্ঠা:Mor Sowarani.djvu/৩১২
অৱয়ব