একপঞ্চাশতম সৰ্গ ২১১ অপত্য মেহৰ উদ্ভৱ হল; মনে মনে ভাবিলো, লাভ হয়গৈ ঘদি, এইটি মোৰ দ্বিতীয় ধৰ্মপুত্ৰ হব। তাৰ পাছত, অনতিপলমে এই বিষয়ে মোৰ প্ৰথম ধৰ্মপুত্ৰ বৰজোঁৱাই গোহাঞিদেৱলৈ লিখি পঠালো। গোহাঞিদেৱে মোৰপৰা সবিশেষ সঙ্কেত পাই, ততালিকে গগৈদেৱৰ লগত লিখালিখিকৈ আমাৰ প্ৰস্তাবিত বিয়া-বিষয়ক আলোচনা আৰম্ভ কৰিলে। ফলত এই বিৰ হল যে, গগৈদেৱে বি-এল পাছ কৰাৰ পাছত, বি-এল পৰীক্ষালৈকে খৰচ-পাতি দি পঢ়াবলৈ প্ৰতিশ্ৰুতি পালেই তেওঁ আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰস্তুত হব। গোহাঞিদেৱে মোৰে সৈতে আলচ কৰিবলৈ বাট নোচাৱাকৈয়ে সেই হেতু (condition) গ্ৰহণ কৰি উঠি মোক জানিবলৈ দিলে। শুভস্য শীঘ্ৰম ভাবি উভয়পক্ষৰ প্ৰতিশ্ৰুতি অনুযায়ীকৈ অনতিপলমে শুভ বিয়া পাতিবলৈ স্থিৰ কৰা হল। ১৮৪৫ শকৰ ৬ ফাগুনত ইং ১৯২৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে, উভয়পক্ষৰ সকলো খৰচ-পাতি মই নিজে বহন কৰি, তেজপুৰত বিশিষ্ট আড়ম্বৰেৰে বিয়া পাতি মোৰ দ্বিতীয় সন্তান শ্ৰীমতী দুৰ্বা আইদেউক শ্ৰীমান হৰিনাথ গগৈদেৱৰ হাতত কন্যা- দান কৰা হল। বিয়াৰ পাছত, বছৰেকৰ ভিতৰতে গগৈদেৱে বি-এ পাছ কৰাত, পুৰ্ব প্ৰতিশ্ৰুতি অনুসৰি, গগাহাঞিদেৱে সদৌ খৰচ-পাতি দি তেওঁক বি-এল পঢ়াবলৈ ধৰিলে। এই লেঠাই মোক চুবলৈ নাপালে, কিয়নো, ওখ মনৰ শুদ্ধচিতীয়া মোৰ বৰজোঁৱাই গোহাঞিদেৱক যিদৰে মই সদৌ খৰচাদি বহন কৰি এম-এ আৰু বি-এল পাছ কৰাই পোনহাতে মুঞ্চিপৰ পদ লাভ কৰি দিছিলো সেইদৰেই তেওঁ সেই ঋণ পৰিশোধ কৰাৰ আপাহেৰে স্বইচ্ছাৰে উলাহিত হৈ খৰচ- পাতি দি গগৈদেৱক বি-এল পঢ়াবলৈ আগবাঢ়িছিল। দুয়োকে কন্যা দান কৰা দিন ধৰি, দুয়ে ১ম আৰু ২য় ধৰ্মপুত্ৰৰূপে মোৰ এই ঘৰকে নিজা ঘৰ জ্ঞান কৰি মোৰ সৈতে একেটা পৰিয়ালভুক্ত হৈ চলিছিল। দুইৰৰ কেইবাটিও সন্তান (মোৰ নাতি-নাতিনী) এই ঘৰতে জন্ম হয়। সেই আলমতে, বি-এল পঢ়ি থাকোতেই শ্ৰীমান হৰিনাথ গগৈদেৱৰ প্ৰথম পুত্ৰসন্তান শ্ৰমান খগেন্দ্ৰনাথৰ (ওৰফে মাখনটি) এই ঘৰতে জন্ম হয়। বি-এল পাছ কৰি আহি শ্ৰীমান গগৈদেৱে এই ঘৰতে একেটা পৰিয়ালভুক্ত হৈ থাকি তেজপুৰত ওকালতি কৰিবলৈ ধৰিলে। গগৈদেৱৰ ওখ মন, শুদ্ধ চিত, সৰল অন্তৰ, মোৰ প্ৰতি পিতৃপ্ৰতিম ভক্তি, নিৰ্মল চৰিত্ৰ, নম্ৰতা, বাধ্যতা ইত্যাদি অমায়িক গুণে মোক ক্ৰমাৎ দকৈ মোহ লগাবলৈ ধৰিলে; আৰু তেওঁৰ তীক্ষ্ণ বুদ্ধি, কৰ্তব্যপৰায়ণতা, দায়িত্বজ্ঞান আৰু সাহিত্যিক অনুৰাগৰ থানিকা থকাৰ চিন পাই মই সদৌ সাংসাৰিক বিষয়ত, বিশেষকৈ মোৰ সাহিত্যিক কাৰ্য পৰিচালনাত প্ৰয়োজন বুজি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব পৰা হলো। মই পুত্ৰহীন পিতৃয়ে এনে দুটি ১ম আৰু ২য় ধৰ্মপুত্ৰ লাভ কৰি নিজকে ভাগ্যবান ভাবিলো। প্ৰথমটিয়ে (গগাহাঞিদেৱ) ৰাজকীয় বিষয়াৰ যাব লৈ সততে ঠাই সলাই আঁতৰি থাকিবলগীয়া হোৱাত মোৰ বিবিধ বৈষয়িক কাৰ্য চলনত মোক সহায় কৰিবলৈ হেগ ধৰিব নোৱাৰে; কিন্তু দ্বিতীয়টিয়ে গগৈদেৱ) স্বাধীনভাৱে ওকালতি কৰি আৰু একেলগে থাকি মোক সদৌ বিষয়ত সৰ্বতোভাৱে সহায় কৰিব পাৰে। গতিকে মই এটি-এটিকৈ মোৰ জীৱনৰ ঘাই ঘাই কৰ্মবাৰ
পৃষ্ঠা:Mor Sowarani.djvu/৩১১
অৱয়ব