. 1 একপঞ্চাশত্তম সৰ্গ দুটি চেনেহৰ ভাগিন বিয়োগ সন্দিকৈ তনয় যুগল চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্ত দুটি ৰায়বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ আৰু মোৰ মুমলীয়া সহোদৰা নাৰায়ণী আইদেউৰ দ্বিতীয় আৰু চতুৰ্থ পুত্ৰ-সন্তান। চন্দ্ৰকান্তই (ওৰফে ‘মাজিউ) এম-এ পাছ কৰি উঠি, অসম প্ৰাদেশিক চিভিল চাভিচৰ প্ৰতিযোগিতা পৰীক্ষা দি আহি, দেউতাকৰ তিৰোৱাল’ চাহ বাগিচা চম্ভাবনৰ অৰ্থে যোৰহাটৰ চিনামৰা বাগিচাৰ মেনেজাৰ চাহাবৰ সৌজন্যত ‘ট্ৰেইনিং’-শিক্ষা কৰিছিল; ইন্দ্ৰকান্ত (ওৰফে ‘চিচি’) কটন কলেজৰ আই-এ শ্ৰেণীৰ কলেজ ছাত্ৰ আছিল আৰু সঙ্গীত বিদ্যাত পাকৈত হৈ উঠিছিল। দুয়োটি পিতৃ-মাতৃৰ বৰ আলসুৱা সন্তান আৰু মোৰ অতি চেনেহৰ ভাগিন; দুয়োটিয়ে স্বভাৱ- চৰিত্ৰ আৰু ৰূপ-গুণেৰে আমাক বৰ দকৈ মোহ লগাইছিল আৰু সৰ্বত্ৰতে জন-সমাজৰপৰা আদৰ-মেহ লাভ কৰিছিল। মোৰ দ্বিতীয়া কন্যাদানৰ আয়োজনৰ সময়ত পোনাতে কলিকতা আৰু গুৱাহাটীৰপৰা উলটি যোৰহাটলৈ যাওঁতে, তেজপুৰত সোমাই এপষমান এই ঘৰত থাকি আমাক অতিকৈ মোহ লগাই গৈছিল। চিচি মইনাই বুলু বাইদেৱেকৰ মোৰ দ্বিতীয়া কন্যা) আগন্তুক বিয়াত বহী-বেহেলা বজাই কেনেকৈ ৰং-ধেমালি কৰিবহি তাৰ আভাস দেখুৱাই আমাক বিমোহিত কৰি গৈছিল। কিন্তু কি যে বিধি-বিড়ম্বনা, চিচি মইনাই আলচা পুখুৰীৰ পানী খাবলৈ নাপালে। তেজপুৰৰপৰা যোৱা মাথোন মাহদিয়ে হৈছে, এনেতে যোৰহাটৰ ঘাই ঘৰত এপষকাল সনিপাত অৰত (typhoid) পৰি থাকি হঠাতে চিচি মইনা ঢুকাল! যোৰহাটত হাহাকাৰ লাগি উঠিল; তাৰ ধ্বনিয়ে তেজপুৰকো কঁপাই পেলালেহি। মই শোকত বিহ্বল হলো। শ্ৰীযুত সন্দিকৈ আৰু শ্ৰীমতী সোণফেৰি (নাৰায়ণী আইদেউ) সন্তাপ তাপত অস্থিৰ হৈ পৰিল। তদুপৰি, ততোধিক সাংঘাটিক ঘটনা আৰু এটা ঘটিল; চিচি মইনা (ইন্দ্ৰকান্ত) নৰিয়াত পৰি থাকোতে চেনেহৰ সৰু ভায়েকৰ প্ৰাণ ৰক্ষাৰ্থে শ্ৰমান মাজিউ মইনা (চন্দ্ৰকান্ত) আপদত আতুৰ হৈ সেই এপষকাল একেৰাহে নৰীয়াৰ গাতে লাগি পৰিচৰ্য্যা কৰি থকাৰ ফলত, ইটিও সেই একে নৰিয়াতে পৰিল। ঘৰত হাহাকাৰ লাগি উঠিল। পিতৃ-মাতৃৰ গাত হুচ, নোহোৱা হল। পৰিয়ালৰ আনবিলাক আৰু ওচৰ-চুবুৰীয়া মিটিৰ-কুটুম, বন্ধু-বান্ধৱ সকলোটি উবুৰিখাই পৰি বেজ-জ্ঞানী, ডাক্তৰ-কবিৰাজ সদৌ বিধৰ চিকিৎসাৰে সৈতে নৰীয়াৰ প্ৰাণ ৰক্ষাৰ্থে যত্ন কৰিবলৈ ধৰিলে। কিন্তু, অতি পৰিতাপৰ বিষয়, সেই চিকিৎসাৰ একোৱেই গুণ দিব নোৱাৰিলে, সদৌ চেষ্টা ব্যৰ্থ হল, ঠিক এপষৰ অন্ত কালত মৰমৰ মাজিউ পোনা কালপ্ৰাপ্ত হল! পিতৃ-মাতৃ প্ৰযুত সন্দিকৈ আৰু শ্ৰীমতী সোণফেৰি মাটিত পৰি মূৰ্ছাগল, ঘৰ-ঘৰোৱাহে বিননিত গছৰ পাত সৰুৰাৰ দৰে হল, গোটেই যোৰহাট জয় পৰিল! টেলিগ্ৰাফত সেই মাৰাত্মক বাতৰি পাই মই ঠৰমৰ খাই পৰিলে, ভিতৰত কান্দনৰ কোদাল উঠিল। মোৰ
পৃষ্ঠা:Mor Sowarani.djvu/৩০৭
অৱয়ব